আৰ্য্যমূলীয় নহয় অসমৰ জাতীয় উৎসৱ বিহু

আৰ্য্যমূলীয় নহয় অসমৰ জাতীয় উৎসৱ বিহু
Image Courtesy : Dimorianreviiew

“অন্তাংমা পাইলোছে     মেচিচাংঞা ছৈনী ঐ

          চম্পাংক’ পাইলোছে চেফ্ৰি

ছিনাংকা পাইলোছে        মেচিচাং জানাং ঐ

          চম্পাংক’ পাইলোছে চেফ্ৰি”

ই-আহোম ভাষাৰ এই বিহুনামটি যদি যোজনা বা সাধাৰণ বিহুনামৰ ৰূপত পৰিৱেশন কৰা হয়, অসমীয়া ভাষাৰ বিহুনামৰ পৰিৱেশনৰ সৈতে ইয়াৰ কোনো সংঘাত নহয়, বৰং দুয়োটা ভাষাৰ মাজত সুৰ আৰু ব্যঞ্জনাৰ একেই আবেদন অনুভৱ হ’ব। উদাহৰণস্বৰূপে আওৰাব পাৰি —

“স্বৰ্গদেউ ওলালে         বাটচ’ৰাৰ মুখলৈ

          দুলীয়াই পাতিলে দোলা

কাণত জিলিকিলে       নৰা জাংফাই

          গাতে গোমচেঙৰ চোলা”

তাই-আহোমসকলেই হৈছে মূলতঃ অসমৰ জাতীয় উৎসৱ বিহুৰ ভিত্তি প্ৰতিষ্ঠা কৰোতা। ত্ৰয়োদশ শতিকাত তেওঁলোকে অসমত প্ৰৱেশ কৰি প্ৰাচীন কামৰূপী ভাষাৰ আধাৰত গঢ় লৈ উঠা অসমীয়া ভাষা গ্ৰহণ কৰি সাতৰাজ মাৰি একৰাজ কৰি অসমীয়া জাতিৰ বুনিয়াদ ৰচনা কৰে। আহোম ৰাজত্বৰ এই ছশ বছৰৰ সুদীৰ্ঘ সময়ছোৱাত ভাষা-সংস্কৃতিয়ে এক সাৰ্বজনীন আৰু উমৈহতীয়া জাতীয় পৰিচিতি লাভ কৰে।

এই সময়ছোৱাতেই নিজৰ জনগোষ্ঠীটোৰ বাহিৰে আন জনগোষ্ঠীৰ বোধগম্য নোহোৱা তাই-আহোম ভাষাৰ বিহুনামেও বিভিন্ন জাতি-জনগোষ্ঠীৰ বাসভূমি অসমৰ সাৰ্বজনীন ভাষাৰ বাটটোকেই বিচাৰি লয়। ভাষাৰ ভিন্নতা আহিলেও তেতিয়ালৈ আৰু আজি পৰ্যন্ত বিহুৰ বিভিন্ন উপাদান আৰু বৈশিষ্ট্য,  যেনে- আচাৰ-প্ৰণালী, পৰিৱেশন শৈলী, বিহুনামৰ সুৰ, ব্যঞ্জনা, বাদ্যশৈলী, নাচোন-ভংগিমা ইত্যাদি লক্ষ্য কৰিলেই তাই-আহোম জনগোষ্ঠীৰ কৃষ্টি-পৰম্পৰাৰ সৈতেই যে আজিৰ বিহুৰ সৰ্বাধিক সম্পৰ্ক সেয়া সুস্পষ্ট। তাই-আহোম শব্দ ‘পিহু’ বা ‘পই-হু’ৰ পৰাই ‘বিহু’ শব্দৰ উৎপত্তি।

চুকাফাই অসমীয়া জাতিৰ বুনিয়াদ গঢ় দিবলৈ গৈ অসমীয়া ভাষা-সংস্কৃতিৰ যোগেদি অসমীয়া জাতিটোকেই যি সৰ্বজনীন উমৈহতীয়া জাতীয় পৰিচিতি প্ৰদান কৰিছিল, বিহুটি সেই সৰ্বজনীনতাৰ প্ৰতীক। সেইবাবে বিহু অসমীয়াৰ প্ৰাণৰ স্পন্দন। বিহুটি অসমীয়া জাতিৰ মান-সন্মান, ঐতিহ্য আৰু পৰম্পৰাৰ গৌৰৱময় প্ৰতিফলন। বাৰেবৰণীয়া অসমীয়া কৃষ্টি-সংস্কৃতিৰ ধাৰক আৰু বাহক। অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মহামিলনৰ মহাতীৰ্থ, ঐক্য-সম্প্ৰীতি আৰু সমন্বয়ৰ এনাজৰী।

বিহু জীয়াই থাকিলেহে অসমীয়া জাতি, অসমীয়া সংস্কৃতি জীয়াই থাকিব। ভূপেন হাজৰিকায়ে কোৱা “ব’হাগ মাথোঁ এটি ঋতু নহয়; ই গণ জীৱনৰ সাহ” কথাষাৰৰ সুগভীৰ তাৎপৰ্য এইখিনিতেই। এইবাবেই বিহু অসমীয়াৰ জাতীয় উৎসৱ। ভূপেন হাজৰিকাতকৈয়ো অত্যন্ত তাৎপৰ্যপূৰ্ণ কথাষাৰ সৰল কথাৰ ভাজতে কৈ থৈ গৈছে আকৌ হেমাংগ বিশ্বাসে- “বিহুগীতত যি নাই, অসমত সি নাই। অসমত যি নাই, সি বিহুগীতত নাই।” মুখৰ কথাত বিহু অসমীয়াৰ প্ৰাণস্পন্দন হোৱা নাই। মুখৰ কথাত বিহু অসমীয়াৰ জাতীয় উৎসৱ হ’ব পৰাগৈ নাই। বিহু বুলিলে অসমত আৰু বুলিবলৈ নাই।

কৈ থোৱা যুগুত হ’ব, আহোমসকল অসমলৈ অহাৰ আগতে চুতীয়াসকলৰ মাজতো বিহুৰ সমৃদ্ধ পৰম্পৰা প্ৰচলিত আছিল। চুতীয়াসকলে বিহুক বিচু বুলি কয়। বিহু অসমীয়াৰ বাপতি-সাহোন বুলি কওঁতে এই ‘বাপতি-সাহোন’ শব্দ যুগলেই বিহুৰ সৈতে চুতীয়াসকলৰ সম্পৰ্কক সুনিশ্চিত কৰে। চুতীয়াসকলে অতীজতে পিতৃক ‘বাপ’ বুলি সম্বোধন কৰিছিল। তাই-আহোমসকলে তেতিয়াৰ দিনত চুতীয়া আৰু দেউৰীসকলক তিহোৰা বা তি-উৰা বুলি কৈছিল। হিন্দু ধৰ্ম গ্ৰহণৰ পূৰ্বে চুতীয়াসকল চীনৰ তিৱা ধৰ্মৰ লোক আছিল। তিৱাসকলে আৰাধ্য দেৱতাক ‘তি’ বুলি কয়। বিহুৰ পেপাৰ সুৰতো এই ‘তি’ শব্দটোৰ সঘন ব্যৱহাৰ হয়। বিহুৰ পেপাৰ ‘তিহিটি তিলৌ তিহিটি তিলৌ’ কলিটি চুতীয়াসকলৰেই সৃষ্ট। ওপৰলৈ মুখ কৰি পেঁপাৰে এই কলিটিৰেই সুৰ তুলি অতীজত চুতীয়াসকলে তেওঁলোকৰ আৰাধ্য দেৱতা ‘তি’ক সন্তুষ্ট কৰিবলৈ যত্ন কৰিছিল। চুতীয়াসকলৰ ধৰ্ম আৰু সংস্কৃতিৰ সৈতে এনেদৰে ওতপ্ৰোতভাৱে জড়িত ‘তি’ শব্দটোৱে তেওঁলোকৰ আৰাধ্য দেৱতাক বুজায়। সেয়েহে বাপতি মানে হৈছে, বাপ+তি=বাপতি, অৰ্থাৎ চুতীয়াসকলৰ আৰাধ্য দেৱতা ‘তি’য়ে ‘বাপ’ বা পিতৃ-পুৰুষক দি যোৱা আৰু বাপ বা পিতৃ-পুৰুষে পৰৱৰ্তী প্ৰজন্মক দি থৈ যোৱা, অৰ্থাৎ বাপতি মানে পৈতৃক। আকৌ সাহোন মানে হৈছে সম্পত্তি। গতিকে বিহু অসমীয়াৰ বাপতি-সাহোন বা পৈতৃক সম্পত্তি হোৱাৰ মূলতে আছে চুতীয়াসকল আৰু আহোমসকল। সেইবুলি বিহু আহোমসকলৰ নে চুতীয়াসকলৰ পৰম্পৰা হ’ল বুলি ওভোটাই পকাই ধৰিবও নালাগে। আহোমসকলে অসমলৈ আহি ৰাজ্য স্থাপন কৰাৰ পাছতহে বিহুৱে এক সুসংসহত ৰূপ পাইছিল।

ইয়াৰ বাহিৰেও আজিৰ পৰিৱৰ্তিত আৰু পৰিবৰ্ধিত নতুন ৰূপৰ বিহুটোক যদি পাত-পাতকৈ আঁহ ফালি চোৱা হয়, আমি দেখিবলৈ পাম-  মিচিং, দেউৰী, ডিমাছা, বড়ো, মৰাণ, সোণোৱাল-কছাৰী আদি বিভিন্ন জনগোষ্ঠীসমূহৰ স্বকীয় ঐতিহ্য আৰু পৰম্পৰাৰ বিহু আৰু বসন্ত উৎসৱৰ সমন্বয় আৰু সংমিশ্ৰণৰ মাজেৰে বিহুৱে আজিৰ নতুন ৰূপ লাভ কৰিছে বা নতুন ৰূপত বিহুটি জাতিষ্কাৰ হৈ উঠিছে।

গতিকে ক’ব পাৰি, বিহু আৰ্য্যমূলীয় নহয়। বিহু অনাৰ্য্যমূলীয়। বিহু মংগোলীয় মূলৰ লোকৰ সৈতে জড়িত উৎসৱ। কোনো কোনোৱে ছেগাচোৰোকাকৈ বিহু অষ্ট্ৰিক মূলৰ লোকৰ অৱদান বুলিছে। আল্পাইন আৰু অষ্ট্ৰিকসকলৰ সাংস্কৃতিক সমন্বয়ত গঢ় লৈ উঠা উৎসৱো বুলিছে। তেনেকৈয়ে বিষুৱ সংক্ৰান্তিত উদযাপিত উৎসৱৰ লগত বিহুৰ সংগতি বিচাৰি পাইছে। ‘বিষুৱ’ শব্দৰ পৰা বিহুৰ উৎপত্তি হোৱা বুলি কোৱা কথাষাৰেই দৰাচলতে এষাৰ অবান্তৰ কথা। এয়া বিহুক আৰ্যমূলীয় বুলি প্ৰতিষ্ঠা কৰিবলৈ কৰা এক অপচেষ্টা। বিহু যদি আৰ্যমূলীয়ই হ’ল হেঁতেন, তাহানিৰে পৰা মঠ-মন্দিৰেৰে গিজগিজাই থকা প্ৰাচীন কামৰূপতেই বিহুৱে পোখা মেলিলে হয়।

আহোম ৰাজ্য, প্ৰাগজ্যোতিষপুৰ-কামৰূপ আৰু বেহাৰ এই তিনিওখন মিলিহে তাহানিৰ অসম। বিহুৰ ব্যাপ্তি এতিয়াও আহোম ৰাজ্যতেই সৰ্বাধিক। আজি চিমেন চাপৰি, নাৰায়ণপুৰ, চাবুৱা, মৰাণ, তিতাবৰ, সৰুপথাৰৰ প্ৰতিজন ডেকায়ে ঢোলত বিহুৰ ছেও তুলিবলৈ জানে, গাভৰুৱে কঁকাল ভাঙি বিহু নাচ নাচিব জানে। নলবাৰী-ধুবুৰী বা গোৱালপাৰাৰ কিমান ল’ৰায়ে ঢোল বজাবলৈ জানে, কিমানজনী গাভৰুয়ে বিহু নাচিবলৈ পাৰিব! বিহুনাম এটা সম্পূৰ্ণকৈ ধৰিবলৈ পাৰিবনে! জেং বিহুটি ক’ৰ পৰা আহিল ক’বলৈ পাৰিবনে? ঢোলৰ মাতৰ লগত বিহুৰ কথা আছে। ঢোল ধেমালি নহয়! ঢোলৰ মাত শুনিলেই এনেয়ে গাত বিহু বিহু নালাগে! ক’ৰ পৰা আহিল ঢোলটো! ঢোলৰ মাত শুনিলেই গা সাতখন-আঠখন লাগিবলৈ কি যাদু বান্ধি থোৱা আছে ঢোলৰ লগত অসমীয়াৰ! ঢোলৰ দেশ অসম নহয়! অসম ঢোলৰ দেশ পিছতহে হৈছে। তাই ভাষাত ‘মুং’ মানে দেশ, ‘কং’ মানে ঢোল। মুংকং মানে ঢোলৰ দেশ। তাই-আহোমসকল এতিয়াৰ চীনৰ য়ুনানৰ পিনৰ পৰা আহিছিল। সেই অঞ্চলটোক কয় ঢোলৰ দেশ। তাই-আহোমসকল অহাৰ আগেয়ে, অৰ্থাৎ পঞ্চম-ষষ্ঠ শতিকাত অসমলৈ অহা চুতীয়াসকলৰ ওচৰতো আছিল ঢোল। ঢোলৰ মূলতে সেই মুংকং খ্যাত ব্ৰহ্মদেশৰ উত্তৰ অঞ্চল, তাই আহোমসকল য’ৰ মূল বাসিন্দা আছিল। ঢোলটো অসমীয়াই চুতীয়া আৰু আহোমৰ পৰাই পাইছে। তেনেকৈহে অসম ঢোলৰ দেশ হ’ল। বৰপেটীয়া, গুৱাহটীয়া, নলবৰীয়া ঢুলীয়াক সুধিলে ক’ব পাৰিবনে ঢোলৰ বিহু ছেও কিমানটা! খঁৰা ছেও, মিৰি ছেও, হুৰালি ছেও, কুকুৰাপহীয়া ছেও, কাঁহী ঘূৰোৱা ছেও কোনটোক বোলে, কোনটো কোনখিনিত লগায় জানেনে! আজি-কালি টিভিত চাই, প্ৰশিক্ষণ লৈ জানিব পাৰে, তথাপি পূৰ্বতকৈ অসমৰ পশ্চিম পিনে এই অনুপাতটো কম। তথাপিও নাজানে। বিহু নমোৱা মানে কি! বিহু উৰুওৱানো কি! বিহুবৰা, গাভৰুবৰা, বাৰিক মানে কি!

বিহুৰ বৰপেৰা খুলি গৈ থাকিলে ইবিধ-সিবিধ ওলাই গৈয়েই থাকিব। ঢোলৰ ওজা কোন বুলি সুধিলে মঘাই ওজা বুলি কৈ দিয়া মানুহেই এতিয়াও সকলোপিনে সৰহ। গছ-গছনি, বিবিধ ফুল-লতা, চৰাই-চিৰিকটি নোহোৱা হৈ আহিল। পথাৰখনো টুটি আহিল। কাজেই পৰম্পৰাবোৰ লোপ পাই আহিল। প্ৰকৃতিৰ প্ৰতিটো কথাৰ লগতে বিহুৰ পৰম্পৰাবোৰৰ অংগাগী সম্পৰ্ক আছে। প্ৰকৃতিৰ স্থান সংকুচিত হৈ অহাৰ লগে লগে কথাবোৰ জনাৰ উপায়ো নোহোৱা হৈ আহিল। হাঁউৰি মতা আজিৰ কিমানজনেনো পাই পাইছে! পথাৰখন নাই মানে হাল বোৱা, ভূঁই ৰোৱা, ধান দোৱা, ডাঙৰি কঢ়িওৱা কামবোৰো নোহোৱা নহ’লনে! ক’ত আৰু কোনে কাক হাঁউৰি মাতে! জাতীয় উৎসৱ বুলিলে বুলিবলৈ নাই। আজি-কালি পিছে বিহু শ্ৰেষ্ঠ নে দেৱালী শ্ৰেষ্ঠ নে দুৰ্গা পূজা বা ষট পূজা শ্ৰেষ্ঠ- এইবোৰ হৈছে। নতুনকৈ ওলাইছে আৰু এবিধ- বোলে বোম -বিহুতকৈও এখোপ চ’ৰা! বিহুৰ উৎপত্তিৰ লগত ‘বিষুৱ’ৰ সম্পৰ্কটো যে অবান্তৰকৈ টানি অনা হয়, তাকেই ক’বলৈ এইখিনি কোৱা হ’ল।

হাবি ভাঙি পথাৰ মোকোলাওঁতেই বিহুৰ জন্ম। বিহু চহা খেতিয়কৰ লোকাচাৰ। বিহু গছতলৰ, মুকলি পথাৰৰ, নৈপাৰৰ কৃষ্টি। বিহুগীত আৰু বিহুনাচৰ সৈতে প্ৰকৃতিৰ সম্পৰ্ক অভিন্ন। কুলি-কেতেকীৰ গীতৰ মাধুৰ্য আৰু কপৌ আদি বিবিধ ফুলৰ সৌন্দৰ্যক বাদ দি বিহুৰ কোনো অস্তিত্বই নাই। বিহুগীত আৰু বিহুনাচৰ আটাইখিনিতে কৃষি নিৰ্ভৰ সমাজৰ অভিজ্ঞতাবোৰ ঠাহ খাই আছে। খেতিয়কে হাল বাই মাটি চহাই উৰ্বৰা শস্যভূমিত বীজ সিঁচে। সময়ত সেই বীজেই গঁজালি হৈ পৃথিৱীৰ বুকু শস্যশ্যামলা হয়। পৃথিৱীয়ে শস্যৰ বীজ ধাৰণ কৰাৰ দৰেই নাৰীয়েও সন্তানৰ বীজ ধাৰণ কৰে। পৃথিৱীৰ শস্য উৎপাদন ক্ষমতাৰ দৰেই নাৰীৰ প্ৰজনন ক্ষমতাও শক্তিশালী। আদিতে সমাজৰ প্ৰত্যেকেই এই দুয়োবিধ শক্তিৰ উৎপাদন ক্ষমতাৰ যাতে বিৰতি নঘটে তাকে লৈ যথেষ্ট সচেতন আছিল। দুয়োবিধ শক্তিৰ ক্ষমতা বৃদ্ধিৰ বাবে গ্ৰাম্য নৃত্য-গীতৰ সৃষ্টি হৈছিল। বিহুগীত আৰু বিহুনৃত্যত এনে সম্পৰ্কৰ সত্যতাকেই উপলব্ধ হয়। বিহুগীতৰ কথাই, বিহুনাচৰ ভংগিমাই ডেকা-গাভৰুৰ দেহ-মনত শিহৰণ জগাই তোলে। বিহুগীতৰ কথা, বিহুনাচত শৰীৰৰ ভংগিমা, হাতৰ অংগি-ভংগিত কামনা-মিলনৰ অৰ্থ-ইংগিত থাকে। এই ইংগিত কেতিয়াবা বেছিয়েই প্ৰৱল হয়। যেনে-

চাউলৰ চিকুণ     খুঁদু ঐ লাহৰী

         চাউলৰ চিকুণ খুঁদু,

ডেকাৰে চিকুণ    ভৰিৰে কলাফুল

        গাভৰুৰ চিকুণ দুদু।

বাঘে গৰু ধৰাদি ধৰিম ঐ লাহৰী/ যিদিনা অকলে পাম/ নিচেই কুমলীয়া বুকুৰ সুমথিৰা/ অকলে বহি লৈ খাম

 

তোমাৰ তিনিখনি         মোৰ তিনিখনি

              ছখনি কাপোৰৰ জাপ

তোমাৰ তিনিখনি          লোৱা বাছি বাছি

              কুকুৰাই দিবহি ডাক৷

হাবিলৈ গৈছিলো খৰি লুৰিবলৈ    লগতে লাহৰীক লৈ

        বাৰীৰে ঢাপতে বহি চোবালো চকলা টেঙা

তোমাকে অকলে পালে              নেৰিছো দেই লাহৰী

            বাঘে গৰু ধৰা দি ধৰিম ঐ মাৰি গবা।

সেইবুলিয়ে বিহুৰ বিলৈ-বিপত্তিও নোহোৱা নহয়। বিহুৰো কম সময়ৰ বাবে হ’লেও এখুন্দা নগুৰ-নাগতি ভালকৈয়ে হৈছে। বসন্ত ঋতু যৌৱনৰ ঋতু। বিহুগীত মূলতঃ যৌৱনৰ গীত। বিহুনাচ মূলতঃ যৌৱনৰ নাচ। বসন্তত গছ-বন-লতিকা নানান ফুল ফুলি গুটি ধাৰণৰ বাবে উন্মুখ হয়। যৌৱনপ্ৰাপ্ত ডেকা-গাভৰুৰ মনতো মনৰ গৰাকীক আপোন কৰি পোৱাৰ একেই দূৰ্বাৰ হাবিয়াস জাগে। সেই গতিকে ৰাতি এডোখৰলৈ গছৰ তলত, নিৰ্জন পথাৰত মৰা ৰাতিবিহুত যৌৱনপ্ৰাপ্ত ডেকা-গাভৰুৱে দুই-এটি যৌনগন্ধী গীত গোৱাটো বা দুটা তেনে নাচোনৰ ছেও ধৰাটো কোনো দোষণীয়ত নপৰে।

এই কথাখিনিকেই বেণুধৰ শৰ্মায়ে লিখিছিল এইদৰে- “চ’তৰ বিহুটিৰ নামেই ৰঙালী। ৰঙালী হ’লেও ইয়াক দুই ভাগত ভগাব পাৰি। এভাগ আগৰ দিনত অশ্লীল বুলি কোৱা হৈছিল, য’ত যৌৱনৰ কামনা-বাসনা পূৰোৱা অদম্য উচ্ছৃংখলতা বিৰাজমান আৰু নিজান বিহুবৰৰ তলত মুক্তভাৱে বিহুৱা-বিহুৱতীৰ নাচ আৰু লগে লগে গোৱা বিহুবলীয়া বিহুৱা-বিহুৱতীহঁতৰ মন উতলোৱা জাত জাত বিহুনাম। এইবোৰ আছে কাৰণেই ইয়াৰ নাম ৰঙালী। এই ভাগকে আগৰ দিনত পেলোৱা হৈছিল অশ্লীলৰ শাৰীত। অবাচ্য উভয় আৰু উলংগ ভাষাৰে কামাসক্তৰ পোৰণি মৰা হয় দেখি চেমনীয়া যোৱা নিষিদ্ধ। …আৰু ইভাগ হ’ল সেইভাগ যি ভাগত গৰুবিহুৰ দিনা গৰু-গাই নোওৱা-ধুওৱা হয়, যিভাগত হুঁচৰি গোৱা হয়, যিভাগত কণীযুঁজ হয়, যিভাগত দেৱাদিদেৱ মহাদেৱৰ নাম বা অন্যান্য ঋষি-মুনি, দেৱ-দেৱীসকলৰ নাম নাহৰ পাতত লিখি ছালৰ মাজত বজ্ৰ নিবাৰণৰ অৰ্থে গুঁজি থোৱা হয় আৰু যি ভক্তি-প্ৰণতিৰে ইষ্ট-মিত্ৰ, গুৰু-গোসাঁই, বুঢ়া-মেথা সকলোকে ওলগ জনাই বিহুৱান দিয়া-দিয়ি হয়- এইভাগকে বোলা হয় শ্লীল।”

বিহুৰ গাত পিছে কালিকা সনা সকলো অসমীয়াই আছিল। সেইসকলৰ বহুজন আজি কিন্তু অসমীয়াৰ বাবে বৰেণ্য আৰু নমস্য।

১৮২৯ চনত বাংলা ভাষাত প্ৰকাশিত “আসাম বুৰঞ্জী”ত লেখক হলিৰাম ঢেকিয়াল ফুকনে অসমৰ গ্ৰাম্য সমাজত উদযাপিত বিহু সম্পৰ্কে লিখিছিল এইদৰে- “বিহু অৰ্থাৎ বৈশাখেৰ সঙ্ক্ৰান্তিৰ দিন … ৭ দিৱস পৰ্যন্ত চড়ক না হইয়া বিহুৰ গান একটা হইয়া থাকে, তাহাতে সাধাৰণ লোকেৰ স্ত্ৰীলোক ও লম্পট পুৰুষ সকল একত্ৰ হইয়া অত্যন্ত জুগুপ্সিত নৃত্য-গীত কৰিয়া থাকে। পল্লীগ্ৰামে সৰ্বপেক্ষা এই পৰ্ব অধিক, কিন্তু এই কুৰীতি কামৰূপে নাই, সৌমাৰে অধিক।”

আনন্দৰাম ঢেকিয়াল ফুকনে ‘অৰুণোদই’ত লিখিছিল- “এই অসম দেসৰ অনেক ঠাইত বচৰি বিহুত জিসকল বিভিচাৰ ক্ৰিয়া কৰে তাক সকলে জানে। এই কুৰিতি আন কোনো দেসত নাই আৰু সি অসমৰ মহা কলংক হৈছে। হাই হাই! লোকৰ কি ধৰম গিয়ান নিচেই গুচিল?  সদ্ লোকসকলে কি এই কুচিত কথাত একে বেলিএ চকু মুদিলে? বিহুৰ অকৰমৰ কথাত কাৰ চিতে বিসম নেপাব? হে দেসস্থ বৰলোক সকল, তোমালোকে এই কুকৰম একে বেলিএ গুচাবৰ পুৰুষাৰ্থ কৰা।”

গুণাভিৰাম বৰুৱাই আনন্দৰাম ঢেকিয়াল ফুকনৰ বিহু সম্পৰ্কে অভিমত জনাবলৈ গৈ “আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত” জীৱনী-গ্ৰন্থখনত লিখিছে… “…অশ্লীলতা তেওঁ বৰ ঘিণ কৰিছিল। বৈশাখৰ বিহুত নগাঁৱৰ স্থানে স্থানে অশ্লীল নৃত্য-গীত হৈছিল, সেইসকলক তেওঁ নিবাৰণ কৰালে আৰু এইৰূপ কাৰ্য যে অনিষ্টজনক তাক তেওঁ সকলোকে বুজাই দিছিল। ”

গুণাভিৰাম বৰুৱাই ১৮৮৪ চনত প্ৰকাশিত “আসাম বুৰঞ্জী”ত বিহু সম্পৰ্কে নিজৰ বিতৃষ্ণা প্ৰকাশ কৰি লিখিছে এইদৰে- “চৈত্ৰৰ বিহুত সঙ্ক্ৰান্তিৰ পৰা সাতদিন কোনো ঠাইত ইতৰ লোকসকলে স্ত্ৰী-পুৰুষে কোনো প্ৰকাশ্য স্থানলৈ গৈ নৃত্য-গীত কৰে। সি সময়ত অবাচ্য আৰু অশ্লীল গীত গোৱা আৰু নিৰ্লজ্জ ভাব-ভঙ্গী দেখুওৱা হয়। এইটি নিয়ম শীঘ্ৰে দেশৰ পৰা গুছিলে বড় উপকাৰ আৰু সুনীতি সঙ্স্থাপন কৰা হয়।”

বেণুধৰ শৰ্মাৰ “টোকোৰা বাহৰ কুটা” গ্ৰন্থখনৰ প্ৰথম সঙ্স্কৰণৰ দ্বিতীয় পৃষ্ঠাত লিখা আছে- “ব’হাগ বিহুৰ লীলা-খেলাই বিহু উৎসৱটো কলঙ্কিত কৰিছে। অশ্লীল গীত-মাতেই বিহুৰ প্ৰধান বস্তু। বাটে-ঘাটে ব’হাগৰ প্ৰথম সাতদিন এই বীভৎস লীলা-খেলাৰেই ব্যাপাৰ। বীভৎসতাৰ চূড়ান্ত হয় গছতল, বাহতলত। ভাল ভাল ভদ্ৰলোকসকলেও এনে বীভৎস ব্যাপাৰক প্ৰশ্ৰয় দিয়ে। ইয়াৰ উৎপত্তি উজনি অসমত বেছি।”

অগ্নিকবি কমলাকান্ত ভট্তাচাৰ্যয়ে “অসমৰ উন্নতি” শীৰ্ষক লেখাটোত বিহুৰ বিষয়ে লিখিছে এইদৰে- “বিহু এটা আমাৰ বাবে বৰ বেয়া সঙ্স্কাৰ আছে। … বিহুত যেন নিলাজ কথাবোৰ বকে, শুনিলেই কাণত হাত দি শ্ৰীবিষ্ণু সুঁৱৰি পলাব লাগে। এইবিলাক অসভ্য কাণ্ড আমাৰ বৰ লাজ-অপমানৰ কথা। … বিহুৰ ছবিটো আঁকি এবাৰ চকুৰ আগত উলিয়ালে কেনে নাক কটাৰ সমান লাজ ধৰে, শিক্ষিত ডেকাসকল এবাৰ ভাবি চোৱাচোন। বিদেশী বিলাকে বিহু দেখি আমাক বৰ নিন্দা কৰে আৰু অসমৰ তিৰোতাৰ সতীত্বৰ বিষয় তেওঁলোকে সজাত নেমানে। স্কুলৰ ছাতৰবিলাকক বিহুৱে বৰ অনিষ্ট কৰিছে। … শিক্ষিত ভাইসকল বিহুৰ সলনি উপকাৰী ধেমালি এটা সুমুৱাই বিহুক সোনকালে আতৰাবৰ চেষ্টা কৰা।”

১৮৮৭ চনত “ব’হাগ বিহু” নামৰ কবিতাত ভট্টাচাৰ্যয়ে লিখিছে-

“বিহুৰ ধেমালিয়ে বছৰৰ পিছে,

সকলো মনত হয়, হৰষ ধৰিছে,

ভয় হয় সতীৰ বা কৰে মতিভ্ৰম

বিহুৰ গীতবোৰ নিলাজ অভঙ।

নিলাজ গীতৰ ঠাই গাই বীৰ গীত

উচটাই অসমক কৰা উছাহিত।”

 ( জোনাকী, অসম সাহিত্য সভা , পৃষ্ঠা ১৫০ )

“গাৰো বৃত্তান্ত” শীৰ্ষক প্ৰৱন্ধত ৰত্নেশ্বৰ মহন্তই লিখিলে এইদৰে- “গাৰোহত অসভ্য। ইহতৰ ৰুচিৰ অৱশ্যে সমালোচনা কৰিব নেপায়। কিন্তু অসভ্য গাৰোহতে বিহুত যি উৎসৱ কৰে আমাৰ সভ্য বিলাকৰ উৎসৱতকৈ সি বহুত গুণে ভাল। আমাৰ সভ্য ৰুচিৰ ভায়েকে ভনীয়েকক ঢোল কোবাই নচোৱাকে ভাল দেখে, ভায়েকৰ আগত ভনীয়েকে নিলাজ গীত গোৱাকো শলাগে, সৰ্বসাধাৰণৰ আগত বিহু হাটত বিহুনাম গাই উৎকট বিকটৰূপে চিয়ৰি চিয়ৰি টকা কোবাই অশ্লীল অঙ্গী-ভঙ্গী কৰি নচাকো অনেক ভদ্ৰ সন্তানে হাবিয়াস কৰি চাবলৈ যায়; কিন্তু অসভ্য পৰ্বতীয়া গাৰো আৰু হানাহতৰ এনে নহয়। সিহতৰ বিহু আমোদ নিৰ্দোষ, সভ্য আৰু গতিকেই আমাৰ দোষময় আৰু অসভ্য আমোদতকৈ উৎকৃষ্ট।” কবিতাটো মহন্তয়ে বিহুনামৰ কথা লিখিলে —

“কিন্তু কোনে হৰি ! লাজ পৰিহৰি

চলালে বিহুত নিলাজ গীত ।

এৱা গাখীৰত কোন কাৰণত

গোৱৰৰ ছিটা মিহলি হ’ল

কোন দুৰাচাৰে দুষ্ট ব্যৱহাৰে

সমস্ত দেশক ডুবাই গ’ল । “

“হেমকোষ”ৰ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাই “বিহু কি” শীৰ্ষক প্ৰৱন্ধত লিখিছে- “ব’হাগৰ বিহু সাতদিনীয়া। এই কেইদিনৰ ভিতৰত সকলো বন্ধু-বান্ধৱ নিমন্ত্ৰিত হৈ বিহু খাবলৈ অহা-যোৱা কৰে আৰু সপ্তম দিনা চিৰ প্ৰচলিত, ঘৃণিত আৰু নিন্দনীয় নিয়ম মতেৰে লাজক কাতি কৰি থৈ অশ্লীল নাম কিছুমান গাই অশ্লীল অঙ্গী-ভঙ্গী বিশিষ্ট নাচ নাচি ব’হাগৰ বিহুক বিদায় দিয়ে।” হেমচন্দ্ৰ বৰুৱাই বিহুক লৈ আৰু কাণ্ড কৰিছে। ১৮৬৭ চনত প্ৰকাশ পোৱা ডঃ মাইলছ ব্ৰন্সনৰ “অসমীয়া অভিধান”ত “হুচৰি গোআ”ৰ অৰ্থ দিছে এইদৰে- ” চ’তৰ বিহুত ঢোল আদি লৈ ঘৰে ঘৰে আশীৰ্বাদ কৈ নাম গোআ”। হেমচন্দ্ৰ বৰুৱাই “হেমকোষ”ত দিলে এইদৰে- ” ব’হাগৰ বিহুত গীত গাই নাচি ধন খুজি ফুৰা মানুহ”।

এতিয়া এই প্ৰসংগতে চমুকৈ হুঁচৰিৰ কথা ক’ব লাগিব। হুঁচৰিৰ অংশ দুটা-এটা পদ গোৱা, আনটো বিহু মৰা। নামতীয়ে এটি ঘোষা দিয়ে আৰু ঘোষাৰ লগত সংগত কৰি কীৰ্তন-দশমৰ পদ দিয়ে। ঘোষা অংশ হুঁচৰিৰ দলৰ মানুহে দোহাৰি গাই যায়। হুঁচৰি শেষ হ’লে গৃহস্থই শৰাইত তামোল-পাণৰ লগতে পইচা দি শৰাই ঢকা কাপোৰেৰে শৰাইখন ঢাকি সপৰিয়ালে ৰাইজক সেৱা কৰে। আশীৰ্বদীয়াই আশীৰ্বাদ দিয়ে। গৃহস্থৰ বাবে এই আশীৰ্বাদখিনিহে মূল। একেদৰে হুঁচৰি দলৰ মানুহৰ বাবেও শৰাইখনত গৃহস্থই আগ বঢ়াই দিয়া তামোল-পাণ যোৰহে মূল। কাৰোবাৰ নাথাকিলে সেইযোৰো নিদিব পাৰে, আপত্তি নাই। গৃহস্থই সেৱা এভাগীৰে হুঁচৰি দলক আদৰিলেই হ’ল। পইচাখিনি কিয় দিয়ে বা দিলে হুঁচৰি দলে কিয় ভাল পায়, কাৰণটো হ’ল- হুঁচৰি দলত অহা মানুহখিনিয়ে হুঁচৰি মৰাৰ শেষত পিছত এদিন একেলগে লগভাত এসাঁজ খায়। এইখিনিৰ পিছত গৃহস্থৰ অনুমতি সাপেক্ষে হুঁচৰি দলে বিহু মাৰে, বিহুগীত গায়, বিহুনাচ নাচে। গতিকে বিদেশী হ’লেও অসমীয়া হেমচন্দ্ৰ বৰুৱাই দিয়া “হুঁচৰি গোৱা”ৰ অৰ্থতকৈ ব্ৰন্সনৰ অৰ্থ সুন্দৰ, সাৱলীল আৰু সংযমী।

লক্ষ্মীনাথ বেজবৰুৱায়ে “বেজবৰুৱাৰ ভাবৰ বুৰবুৰণি” গ্ৰন্থত “বিহু” শীৰ্ষক ৰচনাখনত বিহুৰ বিৰুদ্ধে কোৱা এইসকল লোকক ব্যংগ কৰি চহৰীয়া বৰ ঘৈণীয়েকৰ মুখেৰে কোৱাইছে- “অসমীয়া বিহুটো বৰ বেয়া। বিহুটো মানে, আমতলত টকা কোবাই, ঢোল বজাই বিহু মৰাটোৰ কথা মই কৈছোঁ। গীতবোৰো সিহঁতে কিবা নিলাজ গায়। আপুনি কিন্তু তেনে বিহুলৈ নাযাব দেই … হুঁচৰি-ফুঁচৰিখনকো ইয়াত গাবলৈ নিদিব।” ইয়াৰ প্ৰতিবাদত সৰু ঘৈণীয়েকৰ মুখেৰে কোৱাইছে- “বছৰেকৰ মূৰত গাঁৱত ইমানখিনি মানুহে মন মুকলি কৰি দি, নাচি-বাগি ৰং-ধেমালি কৰি দুখীয়া জীৱনটো শঁতাই লয়, আপোনালোকে তাকো দেখিব নোৱৰা হ’ল। গাঁৱলীয়া মানুহ মানুহ নহয়, আপোনালোক চহৰীয়া মানুহকেইটাইহে মানুহ।” ( বেজবৰুৱা গ্ৰন্থাৱলী, দ্বিতীয় খণ্ড, পৃষ্ঠা ১৪৫৫)

আত্মজীৱনী “মোৰ সোঁৱৰণী”ত পদ্মনাথ গোহাঞিবৰুৱায়ে লিখিলে- “বিহুলৈ মোৰ বৰ ধাউতি। চ’ত-ব’হাগৰ দোমাহীৰ এপষেকমান আগৰে পৰা মোৰ গাত বিহু বিহু লাগেহি। … সন্ধিয়াৰ হুঁচৰি আগমনৰ প্ৰতীক্ষা কৰাত গাৰ উচল-পাচল আৰু মনৰ উগুল-থুগুল ভাব, ঘৰ-ফুৰা হুঁচৰিযোৰা আহি পোৱাৰ জাননীস্বৰূপ ঢোলৰ উৰুলিৰ গুৰ-গুৰণিত মোৰ বুকু গুৰ-গুৰকৈ বাজি উঠা, হুঁচৰি কীৰ্তনৰ লেহেতীয়া আৰু উধাও হোৱা সুৰত মোৰ প্ৰাণ উৰুলিকৃত হোৱা ইত্যাদিৰ সুখ সোঁৱৰণিয়ে আজিও মোক উল্লাসিত কৰে।”

ৰজনীকান্ত বৰদলৈয়ে তেওঁৰ আঠোখন উপন্যাসৰ প্ৰতিখনতেই বিহুৰ চিত্ৰ আঁকিবলৈ চেষ্টা কৰিছে। “ৰঙিলী” উপন্যাসত বিহুৰ ছবিখন বৰদলৈয়ে আনিলে এইদৰে- “সৎৰাম চাৰিঙীয়া ফুকনক ওচৰ চপাই লৈ ৰজাই সুধিলে- ‘সখি, আজিনো কি তামাচা হ’ব? কোনটো আগ হ’ব কোনটো পিছ হ’ব?”

সৎৰাম- “স্বৰ্গদেউ ঈশ্বৰ, প্ৰথমতে গাভৰুহতৰ বিহু হওক। তাৰপিছত ডেকাহতৰ বিহু।”

বিহুলৈ বিলৈ-বিপত্তি নমাই অনাসকলৰ অন্যতম আছিল নগাঁৱৰ বুদ্ধিন্দ্ৰনাথ দিলিহিয়াল ভট্টাচাৰ্য। অভিধান প্ৰণেতা ভট্টাচাৰ্যই ১৮৯৮ চনৰ ২৪ আগষ্টত লণ্ডনৰ “The National Guardian” নামৰ কাকতখনত “The Assamese Bihu” শীৰ্ষক এক প্ৰৱন্ধৰে বিহুক নিষিদ্ধকৰণৰ প্ৰস্তাৱ আগবঢ়াইছিল। ভট্টাচাৰ্যৰ প্ৰস্তাৱমৰ্মেই ব্ৰিটিছ প্ৰশাসনে ১৮৯৯ চনৰ মাজভাগত বিহুক নিষিদ্ধকৰণৰ আদেশ জাৰি কৰে। ব্ৰিটিছ প্ৰশাসনৰ এই নিষিদ্ধকৰণৰ আদেশৰ বিৰুদ্ধে জাঙুৰ খাই উঠে নগাঁৱৰ পুৰণিগুদামৰ আনন্দ দাস। আনন্দ দাসৰ নেতৃত্বত পুৰণিগুদামৰে ঢুলীয়া মইমত টাটিঙা বৰা আৰু তেওঁৰ নাচনী ভনীয়েক চেনিমাই গুৱাহাটীলৈ আহে আৰু গুৱাহাটীত জিলাধিপতিৰ বাসভৱনৰ সমুখত এঘণ্টা পৰ বিহুনাচ নাচি প্ৰতিপন্ন কৰে যে বিহু অশ্লীল নহয়। তিনিওৰে ওজৰ-আপত্তি শুনি ব্ৰিটিছ প্ৰশাসনে ১৮৯৯ চনৰ শেষভাগত বিহুৰ ওপৰত জাৰি কৰা নিষিদ্ধকৰণৰ আদেশ উঠাই লয়। বিহুৰ ওপৰত ব্ৰিটিছে জাৰি কৰা এই নিষিদ্ধকৰণৰ আদেশৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছিল অবিভক্ত লখিমপুৰ জিলাৰ বিহুৱা-বিহুৱতী ৰাইজো। তাঁতশাল এৰি মেখেলা কোচাই ব্ৰিটিছ বিষয়ালৈ চোঁচা লৈছিল লখিমপুৰীয়া বিহুৱতী। এই প্ৰতিবাদৰেই ৰেঙনি দেখিবলৈ পোৱা যায় পুৰণি বিহুনামত এইদৰে-

“ঢাপে ঢাপে চৰিলে    ঢাপলিকা চৰাইটি

        বাঘলৈয়ো নকৰে ভয়

লক্ষীমপুৰ জিলাৰ      সোলেঙী গাভৰু

       চেহাবলৈ নকৰে ভয়”

গণশিল্পী হেমাংগ বিশ্বাসে “অসমৰ জাতীয় উৎসৱ বিহু” শীৰ্ষক ৰচনাত বিহুৰ প্ৰকৃত ছৱিখনৰ কথা লিখিছে এইদৰে- “ধৰ্ম প্ৰভাৱমুক্ত ইহ জাগতিকা আৰু শ্ৰমশীল জীৱনৰ প্ৰতি অসীম মমতা- এয়াই হ’ল বিহুৰ দৰ্শন। আদিম প্ৰাক আৰ্য উৎসৱবোৰ, কৃষি সমাজৰ ঋতু উৎসৱবোৰ হিন্দু ধৰ্মৰ উৎসৱত পৰিণত হৈছে। শাৰদীয় উৎসৱ, দীপান্বিতা, ফাকুৱা- এই সকলোবোৰ ৰূপান্তৰিত হৈছে হিন্দুসকলৰ উৎসৱলৈ, জাতীয় উৎসৱৰ মৰ্যাদা ইবোৰে হেৰুৱাইছে। কিন্তু বহু জাতি-উপজাতি আৰু ধৰ্মাৱলম্বী অধ্যুষিত অসম উপত্যকাত বিহুৰ জাতীয় মৰ্যাদাই দিনে দিনে ব্যাপকতাহে লাভ কৰিছে। ধৰ্মীয় আচাৰ-বিচাৰ, দেৱ-দেৱী, উপদেৱতা বা অপদেৱতাৰ প্ৰভাৱৰ পৰা বিহু মুক্ত। বৰ্ণহিন্দু সমাজৰ বিধি-নিষেধ আৰু বৈষম্যৰ বিৰুদ্ধে প্ৰতিবাদেই হ’ল বিহুৰ প্ৰধান উপজীৱ্য।” আকৌ “বিহুৰ মূল্যায়ন আৰু বিহুৰ ভৱিষ্যত” শীৰ্ষক প্ৰৱন্ধত বিহুৰ মহত্ত্বৰ কথাকে ক’বলৈ গৈ ক’লে এইদৰে- “বহু ধৰ্ম আৰু বহু ভাষা-ভাষী, জাতি-জনজাতি আৰু উপজাতিৰ বাসস্থলী অসমত বিহু হ’ব পৰিপূৰ্ণ জাতীয় উৎসৱ আৰু বিহুতলী হ’ব হৃদয় আদান-প্ৰদানৰ শ্ৰেষ্ঠ মিলন ক্ষেত্ৰ। … দুখৰ বিষয়, ভাৰতৰ প্ৰায় আটাইবোৰ উৎসৱেই সাম্প্ৰদায়িক। বসন্ত উৎসৱত পৰিণত হৈছে হোলি বা চৈতন্য উৎসৱ ইত্যাদিলৈ। শাৰদীয় উৎসৱ পৰিণত দুৰ্গোৎসৱ আদিলৈ। কাৰবালাৰ কাহিনীমূলক মহৰম হ’ল মুচলমান সম্প্ৰদায়ৰ। কিন্তু বিহুৱে তাৰ মাজতো ইয়াৰ ধৰ্মনিৰপেক্ষ প্ৰকৃতি অক্ষুণ্ণ ৰাখিছে। এয়া বিহুৰ গৌৰৱ, অসমীয়া জনগণৰ গৌৰৱ।”

নলিনীবালা দেৱীৰ “ভোগালী বিহু” কবিতাত বিহুৰ মাহাত্ম্য অনুৰণিত হৈছে এইদৰে-

“মিলনৰ মহা মহোৎসৱ

বিহু অসমৰ প্ৰাণ, বিহু অসমৰ মান

অসমক বিহুৱেই ৰাখিছে জীয়াই

জীৱনৰ জাতীয় উৎসৱ ।

………………………………

বিহু মোৰ অসমৰ দ’ল মিলনৰ

পৰ্বত-ভৈয়াম জুৰি মন্দিৰে মচজিদে

বিহুৱে চিনাকি দিয়ে মাথোঁ ‘অসমীয়া’

বিহুৰ বাতৰি লৈ ঘৰে ঘৰে মিলন মধুৰ

হিয়াই হিয়াই বাজে উছৱৰ সুৰ

ভেদভাব পাহৰি পেলোৱা

চেনেহৰ অমিয়া বিলোৱা

শান্তিৰ পবিত্ৰভূমি স্বৰ্গসমা অসম জননী

তুমি মোৰ জনমৰ মৰণৰ ঠাই ।’

এটাই বাৰ্তা বিহুৰ- আমি অসমৰ নাগৰিক, অসম আমাৰ জননী, আমি অসমীয়া।

এদিন স্বৰ্গদেউ ৰুদ্ৰ সিংহইহে ৰজাঘৰীয়া স্বীকৃতি দি গছতলৰ, মুকলি পথাৰৰ, নৈপাৰৰ বিহুটিক ৰংঘৰৰ বাকৰিলৈ আনি সংস্কৃতিৰ মৰ্যাদা প্ৰদান কৰিলে। তেনেকৈয়ে ৰজা-মন্ত্ৰী-বিষয়াৰ চোতাল হৈ বিহুৱে ৰাইজৰ চোতাল পালে। গৃহস্থৰ চোতালত হুঁচৰি মৰাৰ পৰম্পৰা গঢ় লৈ উঠিল। চোতালৰ বিহু পিছলৈ মঞ্চবিহু হ’ল। আৰু সৰ্বত্ৰ মঞ্চমুখী বিহুৱে প্ৰাণ পাই উঠিল। সংস্কৃতিৰ গতি-প্ৰকৃতিয়েই এনেকুৱাই। বোঁৱতী সুঁতিৰ লেখীয়া। মঞ্চবিহুবোৰো সেই বোঁৱতী সুঁতিৰেই একোধাৰ। ৰজাঘৰ পাইহে, মঞ্চমুখী হৈহে, টিভিৰ ষ্টুডিঅ’ পাইহে বিহুৱে গছতলৰ, মুকলি পথাৰৰ, নৈপাৰৰ বিহুৰ কৌমাৰ্য ভালেখিনি হেৰুৱালে। (সংগ্ৰহ)