ইতিহাসৰ পাতত আজিৰ দিনটো

ইতিহাসৰ পাতত আজিৰ দিনটো
ইতিহাসৰ পাতত

৭ মে গ্রেগৰীয় বর্ষপঞ্জী অনুসৰি বছৰৰ ১২৭ সংখ্যক দিন (অধিবৰ্যত ১২৮তম) দিন। বছৰ শেষ হবলৈ আৰু ২৩৮ দিন বাকি আছে।

 

- অসমৰ ৰাজনৈতিক ইতিহাসৰ অন্যতম ঐতিহ্য জনতা ভৱনৰ এক গুৰুত্বপূৰ্ণ অংশ অগ্নিকাণ্ডত ভষ্মীভূত হয় ২০০৫ চনৰ আজিৰ দিনটোত।

- ১৮৪৯ চনৰ আজিৰ দিনটোত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ আৰু জন বেথুনৰ নেতৃত্বত কলকাতাত প্ৰতিষ্ঠিত হয় ‘নেটিভ ব্ৰউন স্কুল’ ৷ পিছলৈ এইখনেই হয়গৈ ‘ব্ৰাউন স্কুল’।

- কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ জন্ম হয় ১৮৬১ চনৰ আজিৰ দিনটোত।

- ১৮৬৮ চনৰ আজিৰ দিনটোত ব্লাদিশ্লাভ ষ্টেনিশ্লাভ ৰেমণ্টৰ জন্ম হয় ৷ ‘দ্যা পীজেণ্ট’ নামৰ উপন্যাসৰ বাবে তেওঁ ১৯২৪ চনত সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।

- ১৮৯২ চনৰ আজিৰ দিনটোত যুগোশ্লাভিয়াৰ ৰাষ্ট্ৰপতি মাৰ্শ্বেল টিটোৰ জন্ম হয় ।

- ১৮১২ চনৰ আজিৰ দিনটোত ইংৰাজ কবি ৰবাৰ্ট ব্ৰাউনিঙৰ জন্ম হয় ।

-আজিৰ দিনটোত ১৮৩২ চনত গ্ৰীচ সাম্ৰাজ্য স্বাধীন সাম্ৰাজ্যত পৰিণত হয় ।

-জৰ্জ ইষ্টমেনে আধুনিক কেমেৰা নিৰ্মাণ কৰে ১৯৮৯ চনৰ আজিৰ দিনটোত । এই কেমেৰাটো বৰ্তমান ‘কোডাক’ নামে জনাজাত ৷