বিধ্বস্ত সৈনিক

বিধ্বস্ত সৈনিক

এজাক বিধ্বস্ত সৈনিক

যুঁজিছে মাথোঁ যুঁজিছে

তাত নাই ক্লান্তিৰ অৱসান।

নাই বাৰুদ,নাই বন্দুক

আছে মাথোঁ সাহস আৰু ধৈৰ্য্য।

পৰিসমাপ্তিৰ নাই যে আভাস

আছে মাথোঁ উৎকণ্ঠা আৰু হতাশ ।

সকলো আছে সকলো নাই

চলাইছে অবিৰত যুদ্ধ

জিনিবলৈ জীৱন ।

আইক উদ্ধাৰ কৰিবলৈ

পাৰিবনে??

লাগিব পাৰিব ।

অদৃশ্য শত্ৰুক পৰাভূত কৰিবলৈ

লাগিব আত্মৰক্ষাৰ প্ৰচেষ্টা,

নহয় মৰণাস্ত্ৰ ।

লাগিব সংকল্প

নিয়মানুৱৰ্তীতাৰ,

নহলে যে দেশ যাব

মৃত্যুৰ শয্যাত

 

 

প্ৰশান্ত 

30.4.2020