খাদ্য সংকট বিশ্বত দুগুণ হোৱাৰ সম্ভাৱনা আছে

খাদ্য সংকট বিশ্বত দুগুণ হোৱাৰ সম্ভাৱনা আছে

ৰাষ্ট্ৰ সংঘৰ World Food Program য়ে বিশ্বৰ সকলো দেশকে এইবুলি সকীয়াই দিছে যে 2020 চনত সৰ্বমুঠ 265 নিযুত লোক তীব্ৰ খাদ্য সংকটৰ সন্মুখীন হব। 2019 বৰ্ষত পৃথিৱীৰ 55 খন দেশত 135 নিযুত লোক খাদ্য সংকটৰ চিকাৰ হব লগীয়া হৈছে। Covid 19 ৰ বাবে এইবাৰ ইয়াৰ পৰিমাণ দুগুণ হোৱাৰ সম্ভাৱনা আছে বুলি ৰাষ্ট্ৰ সংঘই ব্যক্ত কৰিছে।

পৃথিৱীত যোৱা 2018-2019 বৰ্ষত মুঠ 495.9 নিযুত মেট্ৰিক টন ধান উৎপাদন হৈছিল। বিশ্বৰ মুখ্য ধান উৎপাদনকাৰী 10 খন দেশ হৈছে China, India, Indonesia, Bangladesh, Vietnam, Thailand, Myanmar, Philippines, Japan আৰু Brazil কিন্তু, এইবাৰ সমগ্ৰ পৃথিৱীজুৰি উদ্ভৱ হোৱা Covid 19 মহামাৰীৰ বাবে ভাৰতৰ ধান উৎপাদন হ্ৰাস পোৱাৰ সম্ভাৱনা আছে।