ডিফুত লকডাউন অমান্য কৰা চাৰিজনক আটক

ডিফুত লকডাউন অমান্য কৰা চাৰিজনক আটক
ডিফুত লকডাউন অমান্য কৰা চাৰিজনক আটক

পাহাৰীয়া জিলাৰ  সদৰ চহৰ ডিফুত প্ৰথমবাৰৰ বাবে লকডাউন অমান্য কৰাৰ বাবে আটক হ’ল চাৰিজন ৷ আজি সন্ধিয়াৰ ভাগত আটক হয় লোক কেইজন ৷ সন্ধিয়াৰ ভাগত ডিফু চহৰৰ পাৱাৰ হাউছ বজাৰ এলেকাত  বিনা কাৰণত ঘূৰা- ফুৰা কৰি থকাৰ বাবে আটক হ’ল লোক কেইজন ৷

ডিফু নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হাওকাম চাংচনৰ নেতৃত্ব আৰক্ষীৰ এক টহলদাৰী দলে বিনা কাৰণত ঘূৰি থকাৰ বাবে আটক কৰে লোক কেইজন ৷ আটকাধীন লোক কেইজন ক্ৰমে, জয় লাল দাস, সঞ্জয় ছাহ, হৃত নাৰায়ণ প্ৰসাদ আৰু ছইদুল হক ৷

এই সন্দৰ্ভত ডিফু থানাত এক গোছৰ ৰুজো দিয়া হৈছে  ডিফু নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে জানিবলৈ দিছে ৷ উল্লেখ যোগ্যযে লকডাউনৰ নিয়ম অমান্য কৰি ডিফু চহৰত অনাহকত টিঘিলঘিলাই ফুৰা একাংশ লোকৰ বাবেই   ডিফু আৰক্ষী এই ক্ষেত্ৰত কঠুৰ হোৱা পৰিলক্ষিত হৈছে ৷