ডিব্রুগড়ৰ যুটীয়া স্বাস্থ্য সঞ্চালক নিলম্বন

ডিব্রুগড়ৰ যুটীয়া স্বাস্থ্য সঞ্চালক  নিলম্বন

কৰ’না ভাইৰাছ সংক্রমণৰ এই ভয়াৱহ সময়ছোৱাত কর্তব্যত গাফিলতি কৰাৰ অভিযোগত অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত সচিবে ডিব্রুগড় জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ উদয়ন কুমাৰ বৰুৱাক তৎকালীনভাৱে চাকৰিৰ পৰা নিলম্বিত কৰিছে৷

উত্থাপিত অভিযোগ মতে, এই জটিল সন্ধিক্ষণত ডাঃ বৰুৱাই ডিব্রুগড় জিলাৰ উপায়ুক্তৰ অনুমতি অবিহনে যোৱা ১২ এপ্রিলৰ পৰা ডিব্রুগড় হেডকোৱার্ৰ এৰি যোৰহাটস্থিত ঘৰলৈ গুচি গৈছিল৷ কভিড-১৯ৰ আতংকৰ সময়ত অনুমতিবিহীনভাৱে তেওঁ কর্মস্থলী এৰি গুচি যোৱাটো চৰকাৰে এক বৃহৎ গাফিলতি বুলি বিবেচনা কৰে আৰু যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ বৰুৱাক চাকৰিৰ পৰা নিলম্বিত কৰিছে৷

আনহাতে, ডাঃ বৰুৱাৰ ঠাইত ছাব ডিভিজনেল মেডিকেল হেল৲থ অফিচাৰ (হেড কোৱার্ৰ) তথা কভিড-১৯ৰ নডেল বিষয়া ডাঃ নৱজ্যোতি গগৈক ভাৰপ্রাপ্ত যুটীয়া স্বাস্থ্য সঞ্চালক, ডিব্রুগড় জিলাৰ দায়িত্ব অর্পণ কৰা হৈছে৷