তিতাবৰত প্ৰথমজন কৰ'ণাত আক্রান্ত ৰোগীৰ মৃত্যু

তিতাবৰত প্ৰথমজন কৰ'ণাত আক্রান্ত ৰোগীৰ মৃত্যু

তিতাবৰ বৰএৰা ভোগপুৰ সত্ৰৰ সমীপৰ তালেবউদ্দিন আহমেদ(৭৬)  নামৰ লোকজনৰ যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ কভিড হস্পিতালত মঙ্গলবাৰে পুৱতি নিশা মৃত্যু হয় । হৃদৰোগ জনীত কাৰণত কিছুদিন পূৰ্বে গুৱাহাটীলৈ চিকিৎসাৰ বাবে গৈছিল ব্যক্তিজন আৰু গুৱাহাটীৰ পৰা অহাৰ পিছতে ব্যক্তিজন অসুস্থ হৈ পৰিছিল । তেতিয়াৰ পৰা স্বাস্থ্য বিভাগে তেওঁক হ'ম কোৱাৰেণ্টন কৰি ৰাখিছিল । দেওবাৰে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হৈছিল ব্যক্তিজনক । আৰু সোমবাৰে কভিড ৱাৰ্ডত ভৰ্তি কৰোৱা হৈছিল । যিহেতু যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ব্যক্তিজনৰ স্বাৱ পৰীক্ষাৰ  ফলাফলত  কোভিড ১৯ পজিটিভ  আহিছিল আৰু আজি পুৱতি নিশা যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মৃত্যু ঘটে তালেবউদ্দিন আহমেদ নামৰ লোকজনৰ । ইতিমধ্যে তিতাবৰৰ ডাংধৰা কুঁহিয়াৰবাৰীৰ কৱৰস্থানত স্বাস্থ্য বিভাগৰ আৰু আৰক্ষীৰ উপস্থিতত জানাজা সম্পন্ন কৰা হয় ।