নেইমচ গ্ৰুপ অৱ কলেজৰ আদৰণীয় পদক্ষেপ

নেইমচ গ্ৰুপ অৱ কলেজৰ আদৰণীয় পদক্ষেপ

যোৰহাটঃ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন আৰু এ.আই.চি.টি ভাৰত চৰকাৰৰ দ্বাৰা মান্যতাপ্ৰাপ্ত অসমৰ একমাত্ৰ আতিথ্যব্যস্থাপনাৰ মহাবিদ্যালয় নেইমচ্ ( নৰ্থ ইষ্ট ইনষ্টিটিউট অৱ মনেজমেণ্ট ছায়স্ন্স ) য়ে কৰোণা ভাইৰাছৰ পৰিপ্ৰেক্ষিত হোৱা লকডাউনত পাঠদান বন্ধ হৈ থকাত ঘৰতে বহি শিক্ষাৰ্থীসকলক পাঠদান গ্ৰহণ কৰা বাবে অনলাইন পাঠদানৰ ব্যৱস্থা কৰিছে। প্ৰতিদিনে ৪ ঘণ্টাকৈ দৈনিক নেইমচৰ শিক্ষাৰ্থীকসকলক শিক্ষকসকলে অনলাইন যোগে পাঠদান অব্যাহত ৰাখিছে। নেইমচৰ হোটেল মেনেজমেণ্ট, পৰ্যটন, আইটি আই, বিএড আদিৰ শিক্ষাৰ্থীসকলক অনলাইন যোগে পাঠদান অব্যাহত থকা বুলি সঞ্চালক অঞ্জন প্ৰতীম গগৈয় অৱগত কৰিছে।