নকচাৰীত দলং নিৰ্মাণত অনিয়মৰ অভিযোগ

নকচাৰীত দলং নিৰ্মাণত অনিয়মৰ অভিযোগ

যোৰহাট জিলাৰ মৰিয়নি সমষ্টিৰ ১৭ নং পূব নকছাৰী গাওঁ পঞ্চায়তৰ বিলবস্তী গাৱৰ ৰাইজৰ অনুৰোধত আজিৰ পৰা দলং ৬ মাহপূৰ্বে পঞ্চায়ত পুঁজিৰ পৰা গাওখনৰ যাতয়তৰ ক্ষেত্ৰত উপযোগীৰ বাবে আৱণ্টিত কৰিছিল প্ৰায় ২লাখ ৫০ হাজাৰ টকাৰ এখন আচনি। কিন্তু দলংৰ নামত ৰাইজে পালে মাত্ৰ ম্যাদ উকলি যোৱা তিনিডাল জইছ। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি পঞ্চায়তটোৰ সভানেত্ৰী মিনাক্ষী মাত্ৰাই স্থানীয় কেইজনমান বিজেপি কৰ্মীৰ সৈতে মিলি ম্যাদ উকলা জয়চ দি হৰলুকী কৰিলে দলং নিৰ্মাণৰ বাবে আৱন্তিত ধন।উক্ত দলংখন যাতায়তৰ ক্ষেত্ৰত উপযোগী হোৱাকৈ  স্থানীয় এজন  সচেতন ব্যক্তিয়ে দুহমাহ পুৰ্বে উক্ত পঞ্চায়তখনৰ সভানেত্ৰীক এখন লিখিত পত্ৰ দিছিল যদিও কোনো গুৰুত্ত্ব নিদিলে সভানেত্ৰীগৰাকীয়ে।উল্লেখযোগ্য যে দুৰ্নীতিৰ প্ৰতি শূণ্য সহণশীলতাৰ কথা কোৱা বিযেপি দলৰ এইগৰাকী  সভানেত্ৰীৰ বিৰুদ্ধে পূৰ্বৰ পৰা বহু অনিয়ম সংঘটিত কৰাৰ অভিযোগ স্থানীয় ৰাইজে উত্থাপন কৰিছে। এই নকছাৰী  ।