বৰগুৰি গাঁও পঞ্চায়তত উতপ্ত পৰিস্থিতি

বৰগুৰি গাঁও পঞ্চায়তত উতপ্ত পৰিস্থিতি

 

বৰগুৰি গাঁও পঞ্চায়তত উতপ্ত পৰিস্থিতি, তিনিচুকীয়াৰ গেলাপুখুৰী গাঁৱৰ প্ৰায় দেৰ শতাধিক পুৰুষ মহিলা আজি বৰগুৰি গাঁও পঞ্চায়তৰ কাৰ্যালয় ঘেৰাও কৰে । বৰগুৰি গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ পৰা প্ৰায় ৩০ গজ দূৰত্বত থকা গেলাপুখুৰী গাঁৱৰ পথটো পকীকৰণৰ বাবে বিগত কেইবাবছৰ ধৰি গাঁওবাসীয়ে আবেদন কৰি কৰি ভাগৰি পৰি আজি পঞ্চায়তৰ কাৰ্যালয় উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে ।পঞ্চায়তৰ সভাপতি ধৰ্ম গোহাঁইক ৰাইজে আৱৰি ধৰি  নাতি দূৰত্বত থকা পথটো কিয় চকু পৰা নাই আৰু অতদিনে এখনৰ পাছত এখনকৈ আবেদন দিয়াৰ পাছত কিয় একো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি ৰাইজে জাউৰিয়ে জাউৰিয়েত প্ৰশ্ন কৰাত সভাপতি গৰাকীয়ে গা এৰা দিয়া মন্তব্য কৰে lসভাপতি গৰাকীৰ পৰা  কোনো সঠিক উত্তৰ নাপায় প্ৰতিবাদকাৰী সকলে পঞ্চায়তৰ কাৰ্যালয়ত তলা বন্ধ কৰিবলৈ আগবাঢ়ি আহে ।এই প্ৰতিবাদ মাজতে গেলাপুখুৰী আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হয় যদিও পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ পৰাত  ৰাজহ চক্ৰ বিষয়া ড° সঞ্জীৱ ফুকনৰ লগতে তিনিচুকীয়া সদৰ আৰক্ষী থানাৰ বিষয়া আৰু মহিলা পুলিচ মোতায়েন কৰে ।অবশ্যে দুদিনৰ ভিতৰত চাবুৱা সমষ্টিৰ বিধায়কক লগ কৰি পথটোৰ সন্দৰ্ভত কথা পাতি অতিসোনকালে নিৰ্মাণ ৰ কাম আৰম্ভ কৰিব বুলি প্ৰতিশ্ৰুতি দিয়াতহে পৰিস্থিতি শাম কাটে ।