মাৰ্ঘেৰিটাত বুঢ়ী দিহিং নৈৰ খহনীয়া

মাৰ্ঘেৰিটাত বুঢ়ী দিহিং নৈৰ খহনীয়া

 

১২৪ নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত কুমচাই গাঁও পঞ্চায়তৰ ৭নং ৱাৰ্ড তথা অমৃতগাৱৰ বুকুয়েদি বুঢ়ীদিহিং নদী বৈ গৈছে । প্ৰতিবছৰে বানপানীৰ ফলত সৃষ্টি হোৱা গৰাখহনীয়াৰ ফলত অমৃতগাৱবাসী ৰাইজৰ বহু বিঘা মাটি, সা সম্পত্তি, বাঁহ বাৰী, টকৌ বাৰী, তামোল বাৰী ,ঘৰ, দুৱাৰ, ৰাস্তা ঘাট আদি ক্ষতিগ্ৰস্ত  হৈ নদীৰ লগত বিলীন হয় গৈছে । ভুক্তভোগী ৰাইজে কেইবাবাৰো চৰকাৰক জনাইছিল যদিও বৰ্তমান লৈকে চৰকাৰৰ প্ৰতিনিধিসকলে তথা বিধায়ক সকলে বিষয়টোত কানসাৰ  দিয়া নাই। ভুক্তভোগী ৰাইজে চৰকাৰক সময় থাকোতেই সকলো উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কাতৰ অনুৰোধ জনাইছে। অন্যথা ইয়াৰ বিৰুদ্ধে অনাগত দিনত তীব্ৰ কাৰ্য্যসূচী গ্ৰহণ কৰিব বুলি ৰাইজে জানিবলৈ দিয়ে।