লকডাউন আৰু মানৱ সভ্যতা

লকডাউন আৰু মানৱ সভ্যতা
Lockdown

সমগ্ৰ বিশ্বই এতিয়া কৰ'ণা ভাইৰাচ covid 19 ৰ কৰাল গ্ৰাসত।বিশ্বৰ আগশাৰী দেশ সমুহৰ অসহায় অৱস্থাক দেখি ত্রস্তমান মানৱ সভ্যতা।সকলোতে মৃত্যুৰ ঘন্টা বাজি উঠিছে।চাৰিওফালে মাথোঁ মৰা শ  আৰু মৰা শ ।কিন্তু কাহানিও নুশুনা নেদেখা এই লকডাউনে শিকাই যাব প্ৰকৃতিৰ প্ৰতি মানৱ সভ্যতা কিমান কঠোৰ আৰু ব্বৰ্ৰ আছিল যান্ত্রিকতাৰ এই পৃথিৱীত এতিয়া লুপ্তপায় জীৱজন্তু,চৰাই-চিৰিকতি আকৌ দেখিবলৈ পোৱাতো কম সৌভাগ্যৰ কথা নহয়!নদ-নদী এতিয়া প্ৰায় প্ৰদূষন মুক্ত।যথৰ পৃথিৱী এতিয়া গতিশীল এয়া যেন লকডাউনৰ হে আহ্বান।গছ,লতা,তৰু-তৃণ এতিয়া পত্রহৰিৎ ৰ অবিহনেই যেন সেউজীয়া আৰু জীপাল হৈ উঠিছে।উশাহ-নিশাহ বোৰ আগৰ দৰে কস্টকৰ নহৈ মশৃণ হৈ পৰিল।ধোঁৱা,ধুলি বোৰ লকডাউনে সময়ৰ সোঁত   ত ম্লান কৰি বায়ুমন্ডলক পৰিস্কাৰ কৰি সুস্থ কৰি দিলে।সম্পৰ্ক  বোৰ লকডাউনে সম্পৰ্ক লৈ পৰিণত কৰিলে।শিকাই গৈছে মানৱ সভ্যতাক যিকোনো এটা সম্পৰ্ক কিমান মধুৰ আৰু সুন্দৰ হয়।লগে লগে শিকাই গৈছে প্ৰতি গঢ়া ভাতৰ,প্ৰতি টুকুৰা ৰুটি বা প্ৰতিটো খাদ্য বস্তুৰ মহত্তত্ত্ব কিমান মানৱ শৰীৰ বাবে।লকডাউন আমাক আৰু কেতিয়াও নালাগে কিন্তু এই লকডাউন ব্বৰ্ৰ পৃথিৱীৰ ব্বৰ্ৰ মানৱ সমাজৰ বাবে খুবেই প্ৰয়োজন হৈছিল।