ৰাজ্যত উদ্বেগজনকভাৱে হ্রাস পৰিভ্রমী পক্ষী

ৰাজ্যত উদ্বেগজনকভাৱে হ্রাস পৰিভ্রমী পক্ষী

২০০০ পৰা ২০২০ বর্ষৰ ভিতৰত অসমলৈ অহা প্রব্রজনকাৰী পক্ষীৰ সংখ্যা যথেষ্ট হ্রাস পাইছে৷ অৰণ্য সুৰক্ষা সমিতি, অসমে নমুনা ভিত্তিত কৰা অধ্যয়নৰ আধাৰত এই তথ্য সদৰি কৰিছে৷ উল্লেখযোগ্য যে অসমৰ নদ-নদী, বিল-খাল, ডোঙা আদিলৈ বছৰি প্রব্রজনকাৰী পক্ষীৰ আগমন হয় যদিও তীব্র গতিত হ্রাস পাই আহিছে ইয়াৰ সংখ্যা৷

এই সম্পর্কত প্রকাশ কৰা এটা বিবৃত্তিত সংগঠনটোৰ সচিব প্রধান তথা সমিতিয়ে প্রকাশ কৰা গ্লোৱেল ৰিচার্ছ মেথেডলজি জার্নালৰ মুখ্য সম্পাদক ডঃ হৰিচৰণ দাসে কয় যে ২০০০ চনলৈ বৰাক আৰু ব্রহ্মপুত্র নদীৰ প্রায় পঞ্চশখন উপ নৈ আৰু এশৰো অধিক শাখা নৈ, এজাহাৰৰো অধিক খাল বিল, প্রায় পাঁচ হাজাৰ খাল পুখুৰী আৰু ডোঙালৈ কোটিৰো অধিক প্রব্রজনকাৰী পক্ষীৰ আগমন ঘটিছিল৷

কিন্তু সম্প্রতি ইয়াৰ সংখ্যা সোতৰৰ পৰা বিশ লাখ মানলৈকে হ্রাস পাইছে৷ অসমৰ ৰাষ্ট্রীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ জলাশয় আৰু মাজুলীৰ জলাশয়লৈ অহা প্রব্রজনকাৰী পক্ষীৰ সংখ্যা বিশেষ হ্রাস পোৱা নাই যদিও জনবসতি এলেকাৰ কাষৰীয়া বিল, খাল আৰু উপনৈসমূহত ব্যাপক হাৰত হ্রাস পাইছে প্রব্রজনকাৰী পক্ষী৷ এক নমুনা ভিত্তিক তথ্য দাাঙি ধৰি ডঃ দাসে কয় যে ২০১৯ বর্ষত জলাশয়লৈ অহা হিমালয়ান শগুনৰ সংখ্যা আছিল ৪৬ টা৷

কিন্তু ২০২০ বর্ষত এই সংখ্যা মাথোন ছয়টা৷ আনহাতে হাকামা বিললৈ ২০০০ চনত প্রায় চাৰি হাজাৰ পক্ষীৰহে আগমন ঘটিছিল৷ পৰিৱেশ প্রদূষণ, গোলকীয় উষ্ণতা বৃদ্ধি, কৃষি ক্ষেত্রত প্রয়োগ কৰা কীটনাশকৰ প্রভাৱ, খাদ্যাভ্যাস, ওখ গছৰ সংখ্যা হ্রাস, ম’বাইল টাৱাৰৰ পার্শ্ব প্রভাৱ, মানুহৰ চিকাৰ আৰু উৎপীড়ন আদিৰ ফলত প্রব্রজনকাৰী পক্ষীৰ সংখ্যা ব্যাপক হাৰত হ্রাস পোৱা বুলি তেওঁ উল্লেখ কৰে৷

বিশেষকৈ জলাশয় আৰু নদীবোৰত ঔদ্যোগিক আৱর্জনা পেলাই সৃষ্টি কৰা প্রদূষণে প্রব্রজনকাৰী পক্ষীকূলৰ বাসস্থানবোৰ উচেছদ কৰি পেলাইছে৷ প্রব্রজনকাৰী পক্ষীৰ সংখ্যা হ্রাস পোৱাটো জৈৱ বৈচিত্র্যৰ দিশৰ পৰা অশুভ লক্ষণ আৰু প্রাকৃতিক ভাৰসাম্য ৰক্ষাৰ ক্ষেত্রত ই উদ্বেগৰ বিষয়৷ অসমৰ বর্ণাঢ্য প্রাকৃতিক পৰিৱেশৰ জৈৱ বৈচিত্র্য হ্রাস পালে বিশ্বৰ মানচিত্রত অসমে পাই অহা গুৰুত্বও হ্রাস পাব বুলি বিজ্ঞপ্তিটোত দাসে ব্যক্ত কৰে