ককাইদেউৰ কৱচ

ককাইদেউৰ কৱচ
ককাইদেউ কৱচ

ককাইদেউ কৱচ এটা মোকো দিবিনে?
দেশৰ বাবেইটো যাবই লাগিব,
আকৌ শৰাইঘাট 
কিন্তু এইবাৰ !!!
নেলাগে হেংদাং
নেলাগে গড়
লাগে মাথোঁ সাহস
যুঁজিবলৈ পৰিস্থিতিৰ
চৌদিশ নিজাম ,নিঃস্তব্ধ
মাজত এজাক সাহসৰ সৈনিক।

যুজঁ মৰণপনৰ
শত্ৰু অদৃশ্য
তাতে আকৌ কৌটিল
মানুহৰ সংজ্ঞা ।
ভাগৱতৰ বাণী,কলিৰ যুগ
হব কল্কি অৱতাৰ 
সঁচাকৈয়ে।।
দুৰ্বল মনৰ সৈনিক জন
আজি ভয়ৰ উৰ্ধত 
মৃত্যু ভয় জীৱনৰ
যা বন্ধু যা
কাপুৰুষ নহবি
এইয়া যে মানৱ সেৱা
ইতিহাসত জিলিকিবি।

জগত যিনিব হলে 
আগুৱাই যাবই লাগিব
নহলে যে ইতিহাসে 
বদন সজাব।
লাচিতৰ দেশ
ভগবান সদৃশ মানুহ বোৰে
তোক প্ৰতাৰণা নকৰে
নকৰিবি ভয়।
মাতৃক নেহেৰোৱাবি
আহিবি ঘূৰি,
যুজঁ মৰণপনৰ
 জয় যে অনিবাৰ্য

 

প্ৰশান্ত কুমাৰ মুদৈ 
31.03.2020