ক্ষতিগ্ৰস্ত হোৱা কৃষকক সকাহ দিয়াৰ মন্ত্ৰী অতুল বৰাৰ পদেক্ষপ

ক্ষতিগ্ৰস্ত হোৱা কৃষকক সকাহ দিয়াৰ মন্ত্ৰী অতুল বৰাৰ পদেক্ষপ
Photo Courtesy : Atul Bora,Twitter

'ভিড-১৯ মহামাৰীৰ বিভীষিকাৰ পৰিপ্ৰেক্ষিতত ক্ষতিগ্ৰস্ত হোৱা কৃষকক সকাহ দিয়াৰ লগতে ৰাজ্যখনৰ ছখন জিলাত প্ৰাদুৰ্ভাৱ হোৱা গাহৰিৰ অচিন ৰোগৰ বিষয়টো সমাধানৰ বাবে  কৃষিমন্ত্ৰী অতুল বৰাই বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে।

কালি সত্ৰ নগৰী মাজুলীত উপস্থিত হৈ কমলাবাৰী সত্ৰৰ কৃষকসকলে পৰীক্ষামূলকভাৱে কৰা ষ্ট্ৰবেৰী খেতি পৰিদৰ্শন কৰে। লগতে, মাজুলিৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা উপায়ুক্তৰ উপস্থিতিত কৃষি, পশুপালন তথা দুগ্ধ উন্নয়ন বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈ সকলো দিশ বিষদভাৱে পৰ্যালোচনা কৰে। লকডাউনৰ ফলত ক্ষতিগ্ৰস্ত হোৱা অসমৰ অৰ্থনীতিক শক্তিশালী কৰিবৰ বাবে জিলাখনৰ যুৱ প্ৰজন্মক কৃষি তথা পশুপালন ক্ষেত্ৰখনত নিয়োজিত হ'বৰ বাবে বিশেষভাৱে অনুৰোধ জনায়। একেদৰে বোকাখাত মহকুমাৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সভাকক্ষত গোলাঘাট জিলাৰ উপায়ুক্ত আৰু মহকুমাধিপতিৰ উপস্থিতিত গোলাঘাট জিলা আৰু বোকাখাত মহকুমাৰ প্ৰশাসনৰ বিষয়া সকলৰ লগতে কৃষি বিভাগ আৰু আন আন বিভাগসমূহৰ বিষয়াসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈ বিভিন্ন আচঁনিৰ কামকাজৰ অগ্ৰগতিৰ বুজ লয়।

 

মাজুলী আৰু গোলাঘাটৰ সংবাদদাতাদ্বয়