লক ডাউনৰ অসমৰ চাহ উদ্যোগে হেৰুৱালে ১২১৮ কোটি টকা

লক ডাউনৰ  অসমৰ চাহ উদ্যোগে হেৰুৱালে ১২১৮ কোটি টকা
চাহ খেতি

উজনি অসমৰ অর্থনীতি জড়িত হৈ থকা ৰাজ্যৰ চাহ খণ্ডই লকডাউনৰ সময়ত হেৰুৱালে ১২১৮ কোটি টকা৷ লকডাউনৰ সময়ত ৮০ নিযুত কিল’গ্রাম চাহৰ উৎপাদন হ্রাস পায় আৰু বছৰেকীয়া গড় মূল্য প্রতি কিল’গ্রামত ১৫২.২৬ টকাকৈ ধৰিলে ৮০ নিযুত কিল’গ্রামত হেৰুৱাব লগা হয় ১২১৮ কোটি টকা৷ এই তথ্য সদৰী কৰিছে উত্তৰ-পূব চাহ সংস্থাই৷

সংগঠনটোৱে জৰীপ চলাই লোকচানৰ এই তথ্য প্রস্তুত কৰা বুলি সদৰী কৰিছে সংস্থাটোৰ উপদেষ্টা বিদ্যানন্দ বৰকাকতীয়ে৷ উল্লেখযোগ্য যে চাহৰ ওপৰত অসমৰ অর্থনীতি বহুগুণে নির্ভৰ কৰে৷ চাহ অধু্যষিত জিলাকেইখনত চাহ খেতিৰ পৰিসৰ দিনে দিনে বৃদ্ধি পাই গৈ আছে৷ যদিও বহিৰাগত দুই-এটা কোম্পানীয়ে চাহ খেতিৰ প্রতি অনীহা ব্যক্ত কৰিছে তৎসত্ত্বেও দিনে দিনে ক্ষুদ্র চাহ খেতিয়কৰ সংখ্যা বৃদ্ধি পাই গৈ আছে৷

ধান খেতিৰ দৰে এতিয়া কেইবাখনো জিলাৰ ক্ষুদ্র চাহ খেতিয়কে চাহ খেতিৰ ওপৰত নির্ভৰ কৰি জীৱন নির্বাহ কৰিবলৈ সক্ষম হোৱাত চাহ খেতিৰ পৰিসৰ বৃদ্ধি পাইছে৷ কিন্তু এইবাৰ বছৰটোৰ আৰম্ভণিতে প্রথম পর্যায়ৰ চাহ উৎপাদন সময়তে লকডাউন আৰম্ভ হোৱাত সাংঘাতিক ধৰণে চাহ খণ্ডত নেতিবাচক প্রভাৱ পৰা বুলি উত্তৰ-পূব চাহ সংস্থাই সদৰী কৰিছে৷ সংগঠনটোৰ মতে এই সময়ত উৎপাদিত চাহৰ মান অতি উন্নত হয় বা তাৰ মূল্য অধিক৷

সেইদৰে চাহৰ চাহিদা এই সময়ত অতি সন্তোজনক হয়৷ বিশেষকৈ এই সময়ত উৎপাদিত চাহ বিশ্বৰ কেইবাখনো দেশলৈ ৰপ্তানি হয়৷ কিন্তু লকডাউনৰ ফলত ৰপ্তানি বন্ধ হোৱাৰ দৰে চাহৰ উৎপাদন সম্পূর্ণভাৱে বন্ধ হোৱাত তাৰ নেতিবাচক প্রভাৱ পৰা আৰম্ভ হৈছে৷

সম্প্রতি চাহ বাগিচাত কাম কৰা আৰম্ভ হৈছে যদিও সম্প্রতি লকডাউনৰ ফলত যি লোকচান হ’ল সেয়া আৰু পূৰ নহয়৷ তৎসত্ত্বেও এতিয়া লকডাউনৰ নীতি-নিয়ম মানি ৫০ শতাংশ শ্রমিকৰ দ্বাৰা বাগিচাসমূহে কাম আৰম্ভ কৰা বুলি সংস্থাটোৱে জানিবলৈ দিছে৷