৭.৫ ৰিখটাৰ প্ৰাৱল্যৰ ভুমিকম্পই জোকাৰি গৈছে টাইৱানক : ভুমিকম্পৰ পিচত চুনামীৰ শতৰ্কবানী :

৭.৫ ৰিখটাৰ প্ৰাৱল্যৰ ভুমিকম্পই জোকাৰি গৈছে টাইৱানক  : ভুমিকম্পৰ পিচত চুনামীৰ শতৰ্কবানী  :
Photo - Bussiness Today

Aiidesh News  : 3 April - 2024 : 

আজি পুৱতি নিশা এক শক্তিশালী আৰু প্ৰৱল ভুমিকম্পই জোকাৰি যায় টাইৱানক ৷ টাইৱানৰ ভূমিকম্প নিৰীক্ষণ সংস্থাৰ মতে এই ভুমিকম্পৰ প্ৰাবল্য আছিল ৭.২ ৰিখটাৰ ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপে সন্থাৰ মতে এই প্ৰাৱল্য আছিল ৭.৫ ৰিখটাৰ । দূৰদৰ্শনত টাইৱানৰ সামাজিক মাধ্যমত ইতিমধ্যেই এই প্ৰাৱল্য বহু দৃশ্য উপলব্ধ হৈছে ৷

এই ভুমিকম্পৰ পিচত জাপানৰ ওকিনাৱাৰ দক্ষিণ জাপান উপকুলত ৯ ফুট উচ্চতাৰ চুনামীয়ে জোকাৰি যাব পাৰে বুলি জাপানৰ বতৰ বিজ্ঞান সংস্থাই সতৰ্কতা জাৰি কৰিছে ৷ পুৱা ৭:৫৮ বজাত ভূমিকম্পৰ প্ৰায় আধা ঘণ্টাৰ পিছতেই  চুনামিৰ প্ৰথম ঢৌয়ে ইতিমধ্যে জাপানৰ মিয়াকো আৰু য়ায়ামা দ্বীপপুঞ্জৰ উপকূল স্পৰ্শ কৰিছে ৷ ভূমিকম্পৰ প্ৰাৱল্য টাৱানৰ ৰাজধানী চহৰ টাইপেইত বেছিকৈ অনুভুত হৈছিল । টাইৱানৰ এই ভুমিকম্পত হোৱা ক্ষয় ক্ষতিৰ খবৰ আহি আছে ৷

উল্লেখ্য যে ১৯৯৯ চনৰ ছেপ্টেম্বৰ মাহত টাইৱানত ৭.৬ প্ৰাবল্যৰ ভুমিকম্প হৈছিল আৰু এই ভুমিকম্পৰ ফলত দ্বীপটোৰ ইতিহাসৰ আটাইতকৈ ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগত প্ৰায় ২,৪০০ লোকৰ মৃত্যু হৈছিল ।

********