কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক ড৹ সোনালী ঘোষলৈ আই ইউ চি এনৰ সন্মানীয় কেনটন আৰ মিলাৰ বঁটা :
Aiidrsh News : 10 October - 2025 :
ইউনাইটেড আৰৱ আমিৰেটৰ আবু ডাবিত চলি থকা আন্ত:ৰাষ্ট্ৰীয় সংগঠন আই ইউ চি এনৰ বিশ্ব সংৰক্ষন কংগ্ৰেছ - ২০২৫ ত আই ইউ চি এনে সংৰক্ষিত বনাঞ্চল পৰিচালনা নতুন উদ্ভাৱনাৰ বাবে প্ৰদান কৰি অহা সন্মানীয় কেনটন আৰ মিলাৰ বঁটা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক ড৹ সোনালী ঘোষক প্ৰদান কৰিছে ৷ আবু ডাবিৰ নেচনেল এক্সিবিচন চেন্টাৰত অনুষ্ঠিত বিশ্বৰ সংৰক্ষণ কংগ্ৰেছত ড৹ সোনালী ঘোষে এই সন্মানীয় বঁটা গ্ৰহন কৰি কাজিৰঙালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷
ভাৰতীয় বন সেৱাৰ বিষয়া হিচাবে কাজিৰঙাতেই কৰ্ম জীৱনৰ পাতনি মেলা ড৹ সোনালী ঘোষ কাজিৰঙাৰ ১১৮ বছৰীয়া ইতিহাসত ক্ষেত্ৰ সঞ্চালক পদত অধিষ্ঠিত হোৱা প্ৰথম গৰাকী মহিলা বিষয়া । কাজিৰঙাৰ সঞ্চালক হিচাবে যোগদান কৰাৰ আগতে অসমৰ বন বিভাগৰ গৱেষণা, শিক্ষা আৰু কাৰ্য পৰিকল্পনাৰ মুখ্য বন সংৰক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল ড৹ সোনালী ঘোষে ৷ অভিজ্ঞ আৰু অৰ্হতা সম্পন্ন ড৹ সোনালী ঘোষ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ইণ্ডো-ভূটান লেণ্ডস্কেপত বাঘৰ বাবে বাসস্থানৰ উপযুক্ততা মূল্যাঙ্কন কৰাৰ ওপৰত গুৰুত্ব দি ৰিম'ট-চেঞ্চিং প্ৰযুক্তিত ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল ৷
সামৰিক বিষয়াৰ এটা পৰিয়ালত জন্ম গ্ৰহণ কৰা সোনালী ঘোষৰ শৈশৱৰে পৰাই বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰতি আসক্তি আছিল । সোনালী ঘোষে ২০০২-০৩ বৰ্ষত ভাৰতীয় বন সেৱাত শীৰ্ষস্থান লাভ কৰি বনবিভাগত যোগদান কৰিছিল ৷ বন আৰু বন্যপ্ৰাণী বিজ্ঞানকে ধৰি একাধিক স্নাতকোত্তৰ ডিগ্ৰীৰ উপৰিও ভাৰতৰ সন্মানীয় ৰাষ্ট্ৰীয় আইন বিদ্যালয়ৰ পৰা পৰিৱেশ আইনত স্নাতকোত্তৰ ডিপ্লোমাও লাভ কৰিছিল ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক ড৹ সোনালী ঘোষে ইউ চি এনৰ সন্মানীয় কেনটন আৰ মিলাৰ বঁটা লাভ কৰাৰ বাবে আমি এইদেশ নিউজৰ পৰা অভিনন্দন জ্ঞাপন কৰিলো ৷
*********