কলিয়াবৰ মহকুমাৰ কুঠৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৰবেট ফাউণ্ডেচনৰ উদ্যোগত বিশ্ব জৈৱ বৈচিত্ৰ দিৱস উদযাপন :
Aiidesh News : 22 May - 2024 :
দেশৰ বিভিন্ন প্ৰান্তৰৰ লগতে কৰবেট ফাউণ্ডেচন নামৰ দেশৰ আগশাৰীৰ প্ৰকৃতি সংগঠনৰ কাজিৰঙা গোটে কলিয়াবৰ মহকুমাৰ কুঠৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি বিশ্ব জৈৱ বৈচিত্ৰ দিৱস উদযাপন কৰে ৷ দিনজোৰা এই বিশ্ব জৈৱ বৈচিত্ৰ দিৱসৰ দিনজোৰা কাৰ্যসুচীত বিদ্যালয়খনৰ দশম মানৰ পৰা দ্বাদশ শ্ৰেণীৰ ৫৪ গৰাকী ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী সকলে অংশ গ্ৰহন কৰে ৷ বৃক্ষৰোপণ কাৰ্যসুচীৰে আৰম্ভ হোৱা এই কাৰ্যসুচীত আদৰণি ভাষণ প্ৰদান কৰি কুঠৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ফনীধৰ হাজৰিকাই বিদ্যালয়ত বিশ্ব জৈৱ বৈচিত্ৰ দিৱস উদযাপন কপাৰ বাবে ধন্যবাদ জনায় লগতে এনেবোৰ অনুষ্ঠানে পাঠ্যপুথিৰ লগতে ব্যৱহাৰি ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীক উপকৃত কৰিব বুলিও মন্তব্য কৰে ৷ ইয়াৰ পিচতেই কৰবেট ফাউণ্ডেচনৰ প্ৰকল্প বিষয়া আশীষ ঠোকে বিশ্ব জৈৱ বৈচিত্ৰ দিৱস, জৈৱ বৈচিত্ৰতা আৰু বন্যপ্ৰাণী আৰু পৰিবেশৰ বাবে কৰবেট ফাউণ্ডেচনে দেশ জুৰি ৰূপায়ণ কৰা বিভিন্ন কাৰ্যসুচীৰ বিষয়ে ছাত্ৰ ছাত্ৰীক অৱগত কৰে ৷ আশীষ ঠোকেক সহায় কৰে কৰবেট ফাউণ্ডেচনৰ ক্ষেত্ৰ সহায়ক পংকজ ৰাজগুৰুয়ে ৷ পৰৱৰ্তী সময়ত জৈৱ বৈচিত্ৰৰ বিষয়ে আশীষ ঠোকে দাঙি ধৰা সচিত্ৰ উপস্থাপনৰ লগত সংগতি ৰাখি আয়োজন কৰা কুইজ প্ৰতিযোগিতাৰে অনুষ্ঠানৰ সামৰণি মৰা হয় ৷
*********