কৰোনা ভাইৰাছৰ বাবে এয়াৰ ইণ্ডিয়াৰ ২০০ কৰ্মচাৰীয়ে হেৰুৱালে চাকৰি

কৰোনা ভাইৰাছৰ  বাবে এয়াৰ ইণ্ডিয়াৰ ২০০ কৰ্মচাৰীয়ে হেৰুৱালে চাকৰি

কৰোনা ভাইৰাছৰ বাবে এয়াৰ ইণ্ডিয়াই ২ এপ্ৰিলত ২০০ কৰ্মচাৰীক অস্থায়ীভাৱে চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে ৷ ইয়াৰ ভিতৰত পাইলটো আছিল ৷

এয়াৰ ইণ্ডিয়াৰ বিষয়াই কয়, “বৰ্তমান সকলো বিমান বন্ধ আছে বাবে যোৱা কিছু সপ্তাহ ধৰি কোনো ৰাজহ সংগ্ৰহ হোৱা নাই ৷ যোৱা কিছুদিন ধৰি এয়াৰ ইণ্ডিয়াৰ আয়ৰ অবনতি ঘটিছে ৷ আৰু এইবাবেই এয়াৰ ইণ্ডিয়াৰ ২০০ কৰ্মচাৰীক অস্থায়ীভাৱে চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে ৷