মৌ বিচাৰি কাজিৰঙাৰ কাষৰীয় গাওঁত নিউজিলেণ্ডৰ কুটনীতিবিদ : মৌ পালনত বিনিয়োগৰ বাবে আগ্ৰহী নিউজিলেণ্ড চৰকাৰ :

মৌ বিচাৰি কাজিৰঙাৰ কাষৰীয় গাওঁত নিউজিলেণ্ডৰ কুটনীতিবিদ  : মৌ পালনত বিনিয়োগৰ বাবে আগ্ৰহী নিউজিলেণ্ড চৰকাৰ   :
Aiidesh photo
মৌ বিচাৰি কাজিৰঙাৰ কাষৰীয় গাওঁত নিউজিলেণ্ডৰ কুটনীতিবিদ  : মৌ পালনত বিনিয়োগৰ বাবে আগ্ৰহী নিউজিলেণ্ড চৰকাৰ   :
মৌ বিচাৰি কাজিৰঙাৰ কাষৰীয় গাওঁত নিউজিলেণ্ডৰ কুটনীতিবিদ  : মৌ পালনত বিনিয়োগৰ বাবে আগ্ৰহী নিউজিলেণ্ড চৰকাৰ   :

Aiidesh News : 19 October - 2025 : 

বানিজ্যিক সম্পৰ্ক স্থাপনৰ আঁচনি, বিনিয়োগৰ ক্ষেত্ৰ অধ্যয়নৰ লগতে কাজিৰঙাৰ মৌ বিচাৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পাইছেহি নিউজিলেণ্ডৰ কুটনীতিবিদ এশ্বান জয়বৰ্দ্ধানে ৷ তেওঁৰ লগত আহিছে ভাৰত চৰকাৰৰ বানিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ উত্তৰ পুৰ্বাঞ্চলৰ মাণ্ডলিক মুৰব্বী সন্দিপ চাহা, ব্যৱসায় সম্প্ৰসাৰণ প্ৰৱন্ধক ড৹ চাজু অধিকাৰী ৷ কাজিৰঙাৰ কাষৰীয় গাওঁবাসীয়ে কৰা মৌ পালনক উচ্চাসিত কৰা, আৰ্থিক সাহাৰ্য আৰু বিশ্বৰ বজাৰৰ লগত চিনাকী কৰি দিয়াৰ উপৰিও এই ক্ষেত্ৰত বিনিয়োগৰ লক্ষ্যৰে কাজিৰঙালৈ অহা এই দলটোয়ে ১৭ অক্টোবৰত কাজিৰঙাৰ ক্ষেত্ৰ সঞ্চালক ড৹ সোনালী ঘোষৰ সৈতে বোকাখাতৰ কাৰ্যালয়ত এলানি আলোচনা কৰাৰ পিচত ১৮ অক্টোবৰৰ পুৱাতেই দলটোয়ে ৰাষ্ট্ৰীয় উদ্যানখনৰ অগৰাতলি বনাঞ্চল পৰ্যটকৰ বাবে মুকলি কৰা অনুষ্ঠানত অংশগ্ৰহন কৰি কঁহৰা বনাঞ্চলৰ জাপৰিপথাৰ গাওঁলৈ যায় ৷ জাপৰিপথাৰত গাওঁখনৰ পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ উদ্যোগত গাওঁবাসীয়ে কৰা মৌপালন আৰু বিপনন কাৰ্য পৰিদৰ্শন কৰে ৷ সমিতিৰ সভাপতি চুৰেণ শইকীয়াৰ বাসগৃহতে এশ্বান জয়বৰ্ধানে আৰু তেওঁৰ দুজনীয়া দলে গাওঁখনৰ মৌপালকৰ সৈতে মত বিনিময় কৰি মৌপালনৰ সমস্যা আৰু বিপনন সম্পৰ্কে মত বিনিময় কৰে ৷ মৌপালনত জাপৰিপথাৰৰ মহিলা সকলে কৰা কাৰ্যক ভুয়শী প্ৰশংসা কৰে দলটোয়ে ৷ ইয়াৰ পিচতে দলটোয়ে বোকাখাতৰ ৰজাবাৰীৰ মৌপালক পাপুমনি হাজৰিকাৰ বাসগৃহলৈ গৈ তেওঁ কৰা মৌপালনৰ সমগ্ৰ প্ৰক্ৰিয়া পৰিদৰ্শন কৰে ৷ মৌ পালনত পাপুমনি হাজৰিকাই সন্মুখীন হোৱা সমস্যাৰ বুজ লয় ৷ পাপুমনি হাজৰিকাই উৎপাদন কুৰুৱা মৌৰ শলাগো লয় ৷ পাপুমনি হাজৰিকাৰ বাসগৃহৰ পৰা এশ্বান জয়বৰ্ধানে তেওঁ দলৰ সৈতে বোকাখাতৰ বৰজুৰিত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষন কেন্দ্ৰ পৰিদৰ্শন কৰি কেন্দ্ৰটোৰ পৰিচালক ডা৹ ভাস্কৰ চৌধুৰীৰ সৈতে মতবিনিময় কৰে ৷  সন্ধিয়ালৈ বোকাখাত সমজিলাৰ উদ্যোগত কমাৰগাওঁত আয়োজিত কাতি বিহুৰ বন্তি প্ৰজ্বলন কাৰ্যসুচীত উপস্থিত থাকি কৃষি উৎপাদন ক্ষেত্ৰত কৰিব পৰা বিনিয়োগৰ সম্ভাৱনা সম্পৰ্কত কৃষি মন্ত্ৰী অতুল বৰাৰ সৈতে আলোচনাত মিলিত হয় ৷ আজিৰ পৰিদৰ্শন কাৰ্যত দলটোক সহায় কৰে কাজিৰঙাৰ গৱেষিকা বিপাঞ্চি তামুলী, পৰিৱেশ কৰ্মী উত্তম শইকীয়া আৰু বনাঞ্চলিক বিষয়া হিমাংশু গগৈয়ে ৷ উল্লেখ্য যে কাজিৰঙাৰ কাষৰীয় গাওঁত কৰা ক্ষেত্ৰ অধ্যয়নৰ পিচত কাজিৰঙাৰ কাষৰীয় গাওঁত মৌপালন আৰু উৎপাদনত বিনিয়োগ কৰা আগ্ৰহ প্ৰকাশ কৰে কুটনীতিবিদ এশ্বান জয়বৰ্ধানে ৷

********