জাপানত ৭.৫০ প্ৰাৱল্যৰ ভূমিকম্প : বিস্তৰ ক্ষয় ক্ষতিৰ আশংকা : ভূমিকম্পৰ পিচত চুমানিৰ শংকাত শংকিত দেশবাসী :

জাপানত ৭.৫০ প্ৰাৱল্যৰ ভূমিকম্প : বিস্তৰ ক্ষয় ক্ষতিৰ আশংকা : ভূমিকম্পৰ পিচত চুমানিৰ শংকাত শংকিত দেশবাসী :
Collected

 

Aiidesh News  : 01 January 2024 :

নতুন বছৰৰ প্ৰথমটো দিনতেই ১৬ টাকৈ ৰিখটাৰ স্কেলৰ ৫ তকৈ উচ্চ প্ৰৱল্যৰ ভূমিকম্পই জোকাৰি গৈছে জাপানক ৷ ২০২৪ চনৰ ১ জানুৱাৰীৰ দিনৰ ১২-৩৬ বজাৰ পৰা দেশখনৰ বিভিন্ন স্থানত উচ্চ প্ৰাৱল্যৰ ভূ-কম্পন অনুভূত হৈছে ৷ ৰিখটাৰ স্কেলৰ মতে এই ১৬ টা ভুমিকম্পৰেই প্ৰাৱল্যৰ ৫ ৰ ওপৰত ৷ ইয়াৰ উপৰিও ৫ তকৈ কম প্ৰাৱল্য়ৰ একাধিক ভূ কম্পনে জোকাৰি গৈছে দ্বীপ ৰাষ্ট্ৰখনক । দিনৰ ১২-৪০ মিনিটত দেশখনৰ আনামিজ'ত অনুভূত হয় এটা উচ্চ প্ৰাৱল্যৰ ভুমিকম্প ৷ ৰিখটাৰ স্কেলৰ মতে এই ভুমিকম্পৰ প্ৰাৱল্য আছিল ৭.৫০ ৷ দ্বিতীয় উচ্চ প্ৰাৱল্য ভুমিকম্পন বিয়লি ১২.৪৮ বজাত দেশখনৰ ৱাজিমাত অনুভূত হৈছিল ৷ যাৰ প্ৰাৱল্য আছিল ৬.২০ ৰিখটাৰ ৷ বিয়লি ৪ বজাতো দেশখনৰ ইষ্টাৰ্ণ চি অঞ্চলত ৫.১৪ প্ৰাৱল্যৰ  ১৬ নম্বৰৰ ভূমিকম্প অনুভুত হৈছে ৷ দেশখনৰ আনামিজত দিনৰ ভাগত ৫.৫০ ৰ দুটা আৰু ৭.৫০ প্ৰৱল্য়ৰ এটা ভূ-কম্পন অনুভূত হয় ।  একেদৰে দেশখনৰ ৱাজিমাত ৪ টাকৈ উচ্চ প্ৰাৱল্য ভূ-কম্পনে জোকাৰনি তুলে। ভুমিকম্পৰ দেশ বুলি খ্যাত জাপানত নতুন বছৰৰ প্ৰথমটো দিনতেই হোৱা এই লানি ভূমিকম্পই জপানৰ জনসাধাৰণক শংকিত কৰি তুলিছে ৷ এই লানি ভুমিকম্পৰ পিচতে প্ৰৱল চুনামিৰ শংকাত দেশবাসীক সতৰ্ক কৰি দিছে দেশখনৰ বতৰ বিজ্ঞান কেন্দ্ৰই । আজি বিয়লি ৭.১৯ মিনিটত ৱাজিমাত পুনৰ ৩.৭ প্ৰাৱল্যৰ ভূমিকম্প অনুভূত হৈছে ।

************