তিতাবৰত এনকেফেলাইটিচত মৃত্যু এজনৰ

 

ৰাজ্যত এতিয়া ক'ৰোনাৰ মহামাৰীৰ সমানে এনকেফেলাইটিছেও  সন্ত্ৰাসৰ সৃষ্টি কৰিছে ৷ আজি কেইদিন মান পূৰ্বে  তিতাবৰত এগৰাকী কিশোৰী জাপানী এনকেফেলাইটিচত  মৃত্যুহোৱাৰ পাছত আজি পুনৰ এজনৰ মৃত্যু হয় এনকেফেলাইটিচত ‌৷ তিতাবৰ আমগুৰি খাটৰ নিবাসী ৫০  বছৰীয়া প্ৰমোদ ভৰালীৰ  আজি পুৱতি নীশা যোৰহাট চিকিৎসা মহাবিদ্যালয়ত  মৃত্যু হয় ৷ যোৰহাট চিকিৎসালয়ত সঠিক চিকিৎসা নোপোৱাৰ বাবে ব্যক্তি জনৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰিছে  পৰিয়াল বৰ্গই ৷উল্লেখযোগ্য যে কৰুণা আক্ৰান্ত সন্দেহত ব্যক্তি জনক  চিকিৎসা প্ৰদান নকৰি চিকিৎসালয়ত পেলাই থোৱাৰ বাবে ব্যক্তি জন অধিক অসুস্থ হৈ পৰে আৰু কৰুণা ফলাফল নিগেটিভ ওলোৱা পিচত ব্যক্তি জনক ICU ভৰ্ত্তি কৰা হয় যদিও ব্যক্তি জনে আজি পুৱতি নিশা মৃত্যুক আঁকোৱালি লয়।।আনহাতে স্বাস্থ্য বিভাগে উক্ত স্থান সমূহত প্ৰতিষেধক হিচাপে ফগিং, DDT ছটিউৱাৰ লগতে অঞ্চ সমূহত সজাগতা সভা অনুষ্ঠিত কৰিব লাগিছিল যদিও ,এই পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই তিতাবৰ স্বাস্থ্য বিভাগ তথা তিতাবৰ মহকুমা প্ৰশাসনে।যাৰ ফলত তিতাবৰৰীয়া ৰাইজ অধিক আতংকিত হৈ পৰিছে।‌