কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সৌজন্যত বোকাখাতত মেচেকা দিৱস উদযাপন : ছাত্ৰ ছাত্ৰৰ উদ্যান দৰ্শনৰ : নাটক পৰিবেশন :

Aiidesh News : 23 February - 2026 :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত দেওবাৰৰ দিনা দিনজোৰা কাৰ্যসুচীৰে মাছুৱৈ মেকুৰী বা মেচেকাৰ সংৰক্ষণৰ এক সজাগতা অভিযান হিচাবে মেচেকা দিৱস উদযাপন কৰা হয় । এই উপলক্ষে ৰাষ্ট্ৰীয় উদ্যানখনৰ কাষৰীয় বিদ্যালয়ৰ একাংশ ছাত্ৰ ছাত্ৰীক উদ্যান কৰ্তৃপক্ষৰ উদ্যোগতে পুৱা কাজিৰঙাৰ অগৰাতলি বনাঞ্চললৈ নিয়া হয় । অগৰাতলি বনাঞ্চলৰ চহলা বিলৰ পাৰত থকা চহলা দৰ্শন চূড়াত আয়োজিত এক অনুষ্ঠানত ছাত্ৰ ছাত্ৰী সকলক আৰ্দ্ৰ ভুমি, জলাশয়, দলনি পিতনি আদিৰ গুৰুত্বৰ লগতে এই বোৰত বাসকৰা অতি বিৰল প্ৰজাতিৰ মেচেকাৰ বিষয়ে অৱগত কৰা হয় । গুৰুত্বপূৰ্ণ এই অনুষ্ঠানত অগৰাতলি বনাঞ্চলিক বিষয়া বিদ্যুত বিকাশ বৰা, পৰিৱেশ কৰ্মী উত্তম শইকীয়া, ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ গৱেষক তথা মেচকা প্ৰকল্পৰ সমন্বয়ক টিয়াচা আদ্য, কাজিৰঙাৰ জীৱ বিজ্ঞানী বিশ্বজিত পুজাৰী আৰু সমাজবিদ্যাৰ গৱেষিকা বিপাঞ্চী তামুলী উপস্থিত থাকি বিৰল প্ৰজাতিৰ মেচেকাৰ জীৱনচক্ৰ, জৈৱ তন্ত্ৰত মেচেকাৰ গুৰুত্ব, ইয়াৰ সংৰক্ষণ প্ৰচেষ্টা, গোলকীয় স্থিতি আদিৰ বিষয়ে ছাত্ৰ ছাত্ৰী সকলক অৱগত কৰে ।

পৰৱৰ্তী সময়ত অগৰাতলি বনাঞ্চলিক কাৰ্যালয়ৰ সমীপত থকা পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ কেন্দ্ৰত ছাত্ৰ ছাত্ৰী সকলৰ মাজত মেচেকাৰ সম্পৰ্কত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাত বোকাখাত খ্ৰীষ্টজ্যোতি স্কুলৰ ছাত্ৰ হৰ্ষিত প্ৰসাদ শইকীয়াই প্ৰথম, ধনশিৰিমুখ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ মুকুন্দ বৰাই দ্বিতীয় আৰু জাপৰিপথাৰ এম ই স্কুলৰ জোনাক নিৱিৰ হাজৰিকাই তৃতীয় স্থান লাভ কৰে । প্ৰতিযোগিতাৰ প্ৰাকক্ষণত অংশগ্ৰহনকাৰী ছাত্ৰ ছাত্ৰী সকলক মেচেকাৰ তথ্যচিত্ৰৰ উপৰিও মেচেকাৰ জীৱন চক্ৰ আৰু ব্যৱহাৰ সম্পৰ্কত চিত্ৰ প্ৰদৰ্শন কৰা হয়। বিয়লিলৈ বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত মেচেকা সংৰক্ষণৰ বিশেষ অনুষ্ঠান অনুষ্ঠিত হয় । কাজিৰঙাৰ সঞ্চালক কাৰ্যালয় অধীক্ষক গীতাঞ্জলি কলিতাই আঁত ধৰা অনুষ্ঠানত বিগত সময়চোৱাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ তিনিওটা বন সংমণ্ডলত ৰূপায়িত কৰা সপ্তম পক্ষী গননাৰ বিভাগীয় প্ৰতিবেদন আৰু কাজিৰঙাৰ মেচেকাৰ পৰিসংখ্যাৰ প্ৰতিবেদনো আনুষ্ঠানিকভাৱে উন্মোচন কৰে। বিয়লিৰ অনুষ্ঠানত কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা, ইন্টাৰনেচনেল ইউনিয়ন ফ’ৰ কনচাৰভেচন অফ নেচাৰ নামৰ সংগঠনটোৰ স্পেচিচ চাৰভাইভেল কমিচনৰ চেয়াৰমেন বিবেক মেনন, বোকাখাত উপ জিলা আয়ুক্ত শিৱানী জাৰ্নিগেল, জে ডি এছ জি মহাবিদ্যালয়ৰ উপাধ্যক্ষ প্ৰশান্ত শইকীয়া, চি এন বি মহাবিদ্যালয়ৰ ড০ ফাল্গুন চেতিয়া,  অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, বোকাখাত প্ৰেছ ক্লাব সভাপতি ভবানন্দ কলিতা, সভাপতি, অসম চৰকাৰৰ শিক্ষা বিভাগৰ বিশেষ দায়ীত্বশীল বিষয়া ড° সমৰজিত ওঝা, পুব অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ অৰুণ বিঘ্নেশ , কেন্দ্ৰীয় মেচেকা প্ৰকল্পৰ সমন্বয়ক টিয়াছা আদ্য, ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ প্ৰাক্তন বিজ্ঞানী কুমাৰ কুৰেশী, ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ উপ সঞ্চালক ড০ ৰথীন বৰ্মন, পৰিবেশ কৰ্মী উত্তম শইকীয়া আৰু বোকাখাতৰ বৰজুৰি থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ জেষ্ঠ পৰিচালক ডা০ ভাস্কৰ চৌধুৰী উপস্থিত থাকে । অনুষ্ঠানতে মেচেকা প্ৰকল্পৰ উদ্যোগত প্ৰচাৰমূলক ভিডিঅ’ উন্মোচন কৰাৰ লগতে চিত্ৰাঙ্কন প্ৰতিযোগিতাত স্থান লাভ কৰা ছাত্ৰ ছাত্ৰী সকলক বঁটা হিতৰণ কাজিৰঙাত কৰ্মৰত মেচেকা সংৰক্ষণৰ চেম্পিয়ন পাপুল ৰাভা, অমিত ৰাজোৱাৰ আৰু দীপাংকৰ ডেকাক সম্বৰ্ধনা জনোৱা হয় ।

সন্ধিয়ালৈ জে ডি এছ জি মহাবিদ্যালয়ৰ মুকলি মঞ্চত ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ সৌজন্যত এইচ চি এল ফাউণ্ডেচনৰ সহযোগিতাকে দুৰ্যোগ ব্যৱস্থাপনাক লৈ এখন নাটক মঞ্চস্থ কৰা হয় । অসমৰ বিশিষ্ট অভিনেতা সিদ্ধাৰ্থ মুখাৰ্জী আৰু বিশিষ্ট চিত্ৰ শিল্পী জ্যোতি প্ৰসাদ দাসৰ পৰিচালনাৰে স্থানীয় যুৱক যুৱতীয়ে মঞ্চস্থ কৰা এই নাটক খনৰ নাম আছিল ‘কি’ ।

**********