বোকাখাত ষ্টেচন ক্লাবৰ মঞ্চ বিহুৰ সোণালী জয়ন্তী বৰ্ষৰ স্মৃতি ৰক্ষাৰে ৭ মে'ৰ পৰা বোকাখাতত কেন্দ্ৰীয় বসন্ত উৎসৱৰ আৰম্ভনী :

বোকাখাত ষ্টেচন ক্লাবৰ মঞ্চ বিহুৰ সোণালী জয়ন্তী বৰ্ষৰ স্মৃতি ৰক্ষাৰে ৭ মে'ৰ পৰা বোকাখাতত কেন্দ্ৰীয় বসন্ত উৎসৱৰ আৰম্ভনী :
Aiidesh photo
বোকাখাত ষ্টেচন ক্লাবৰ মঞ্চ বিহুৰ সোণালী জয়ন্তী বৰ্ষৰ স্মৃতি ৰক্ষাৰে ৭ মে'ৰ পৰা বোকাখাতত কেন্দ্ৰীয় বসন্ত উৎসৱৰ আৰম্ভনী :
বোকাখাত ষ্টেচন ক্লাবৰ মঞ্চ বিহুৰ সোণালী জয়ন্তী বৰ্ষৰ স্মৃতি ৰক্ষাৰে ৭ মে'ৰ পৰা বোকাখাতত কেন্দ্ৰীয় বসন্ত উৎসৱৰ আৰম্ভনী :
বোকাখাত ষ্টেচন ক্লাবৰ মঞ্চ বিহুৰ সোণালী জয়ন্তী বৰ্ষৰ স্মৃতি ৰক্ষাৰে ৭ মে'ৰ পৰা বোকাখাতত কেন্দ্ৰীয় বসন্ত উৎসৱৰ আৰম্ভনী :

Aiidesh news : 7 May - 2026 :

বোকাখাতৰ কেন্দ্ৰীয় বিহুতলীত ৭ মে’ পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে বোকাখাতৰ কেন্দ্রীয় বসন্ত উৎসৱ-২০২৬ । বোকাখাত ষ্টেচন ক্লাব, সম্মিলিত যুৱ সংঘ, মধ্য বোকাখাত বিহু সম্মিলন, নাগৰিক কল্যাণ সমিতি আৰু বোকাখাত কেন্দ্রীয় বিহু সম্মিলনৰ যৌথ উদ্যোগত অনুষ্ঠিত এই কেন্দ্ৰীয় বসন্ত উৎসৱত এই বিহুৰ গুৰি ধৰোতা বোকাখাত ষ্টেচন ক্লাবৰ মঞ্চ বিহুৰ সোণালী জয়ন্তী বর্ষৰ স্মৃতি ৰক্ষাৰে দুদিনীয়াকৈ আয়োজন কৰা হৈছে । ৭ মে’ৰ পুৱা কেন্দ্ৰীয় বিহুতলীৰ প্ৰাংগনত পুৱা বিহুৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি সঞ্জীৱ শইকীয়া, অনিমেষ শইকীয়া আৰু অভিজিত নাথে । পতাকা উত্তোলনৰ সময়ত উদযাপন সমিতিৰ মহিলাৰ বিশেষ অনুষ্ঠান পৰিচালনা বিভাগৰ সভাপতি গীতাঞ্জলি কলিতা আৰু সম্পাদিকা মনালিচা পপী শইকীয়াৰ পৰিচালনাত সমবেত সংগীত পৰিৱেশন কৰা হয় । পৰৱৰ্তী সময়ত স্মৃতি তর্পণ কৰে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা আৰু শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে সমিতিৰ আজীৱন মুখ্য উপদেষ্টা গোপিকানন্দ শইকীয়াই । বিহুতলীতেই বোকাখাতৰ কেন্দ্রীয় বসন্ত উৎসৱ উদ্যাপন সমিতিৰ উদ্যোগত ২০২৫ বর্ষত আয়োজিত বিহুনাচ আৰু ঢোলবাদন কর্মশালাৰ প্রশিক্ষণার্থী সকলক উদযাপন সমিতিৰ সমুহ কৰ্মকৰ্তাৰ উৰস্থিতিত মানপত্র প্রদান কৰা হয় । 

কেন্দ্রীয় বসন্ত উৎসৱ-২০২৬ৰ লগত সংগতি ৰাখি বিহুৰ মঞ্চতেই বোকাখাত সমজিলাৰ ৰাষ্ট্রীয় পৰ্যায়ত খ্যাতি অর্জন কৰা বোকাখাতৰ ২৫ গৰাকী সু-সন্তানক সম্বৰ্ধনা জনোৱা হয় । ইয়াৰ পিচতেই বোকাখাতৰ কেন্দ্রীয় বসন্ত উৎসৱ উদ্যাপন সমিতিৰ উদ্যোগত ২০২৫ বর্ষত আয়োজিত বিহুনাচ আৰু ঢোলবাদন কর্মশালাৰ প্রশিক্ষণার্থী সকলক মানপত্র প্রদান কৰা হয় । সন্ধিয়ালৈ বিহুৰ মঞ্চত আয়োজিত এক বৰ্নাঢ্য অনুষ্ঠানত ৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি অৰ্জন কৰা বোকাখাতৰ ২৫ গৰাকী ব্যক্তিক উদযাপন সমিতিৰ বিষয়ববীয়াই মানপত্ৰ, স্মাৰক আৰু গলবস্ত্ৰৰে সম্বৰ্ধনা জনায় । নিশালৈ নির্বাচিত অসমীয়া বিহুসুৰীয়া গীতৰ আধুনিক একক নৃত্য প্রতিযোগিতাৰ লগতে সদৌ অসম ভিত্তিত হুঁচৰি , মৌ-বিহুৱতী আৰু নামদৈয়াং বিহুৰাণী-২০২৬ প্রতিযোগিতা অনুষ্ঠিত হয় । প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰৰ প্ৰতিযোগিয়ে অংশগ্ৰহন কৰে । আজি পুৱালৈকে চলে এই প্ৰতিযোগিতা ।

ইফালে বোকাখাতৰ কেন্দ্রীয় বসন্ত উৎসৱৰ আজিৰ দ্বিতীয় দিনৰ কাৰ্যসুচী মতে পুৱা ৫ বজাত ল'ৰা আৰু ছোৱালী উভয় শাখাত গোলাঘাট জিলা ভিত্তিত 'মাৰাথন' প্রতিযোগিতা অনুষ্ঠিত হয়। বোকাখাত জিলা মাষ্টাৰ্চ এথলেট্কচ সন্থাৰ পৰিচলানাত অনুষ্ঠিত এই মাৰাথন প্ৰতিযোগিতা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বোকাখাত প্ৰেছ ক্লাবৰ সম্পাদক তথা উদযাপন সমিতিৰ উপদেষ্টা উত্তম শইকীয়াই। পৰৱৰ্তী সময়ত শিশুৰ ভেকচন প্ৰতিযোগিতা, উদযাপন সমিতিৰ বিষয়ববীয়াৰ অংশগ্রহণেৰে কনী যুঁজ আৰু পৰম্পৰাগত খেল ধেমালীৰ প্রতিযোগিতা, বিহুনামৰ প্রতিযোগিতা, গোলাঘাট জিলা ভিত্তিত মহিলাৰ মহিলাসকলৰ বিশেষ অনুষ্ঠান আৰু জাতীয় সাজপাৰ আৰু পুষ্পসজ্জা প্রতিযোগিতা অনুষ্ঠিত হ’ব ।

আজি সন্ধিয়ালৈ আয়েজিত বঁটা বিতৰণী সভাতেই  বোকাখাতৰ কেন্দ্রীয় বসন্ত উৎসৱৰ লগত সংগতি ৰাখি প্ৰকাশিত স্মৃতি গ্রন্থ উন্মোচন কৰা হ’ব আৰু নিশালৈ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ স্মৃতিত আমন্ত্ৰিত অতিথিৰ দ্বাৰা পৰিৱেশিত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব । এই অনুষ্ঠানত কন্ঠশিল্পী বিকশিতা গগৈ আৰু বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় অভিনেতা কে.কে., মোহন, বিউটি বাইলুৎ আৰু নাহৰ ছোৱালী বিহু দলে অনুষ্ঠান পৰিবেশন কৰিব ।

************