জুবিনক কৃষি এম্বেচাডৰ নকৰি কৃষকক উচিত ক্ষতিপুৰণৰ ব্যৱস্থাৰ দাবী

বিগত সময়ত আমাৰ কৃষকৰ হেজাৰ হেজাৰ গাহৰি স্বোৱাইন ফিভাৰত মৰাৰ পিচতো ক্ষতিপুৰণৰ নামত কোনো পদক্ষেপ গ্ৰহন নকৰি কৃষিমন্ত্ৰী অতুল বৰাই কেৱল মাত্ৰ মেডিয়াৰ আগত ওলাই জুবিন গাৰ্গৰ দৰে এজন সাংস্কৃতিবান লোকক কৃষি বিভাগৰ এম্বেচাদৰ কৰাৰ কোনো প্ৰয়োজন নাই ৷ জুবিন গাৰ্গক কৃষি এম্বেচাদৰ কৰাৰ ভেকোভাওনা বন্ধ কৰি আমাৰ কৃষি সম্পত্তিৰ উচিত ক্ষতিপূৰণ দিয়ক অন্যথা কৃষিমন্ত্ৰী হিচাবে অতুল বৰাৰ বোকাখাতত থকাৰ কোনো যুক্তি নাই ৷ সোমবাৰে বোকাখাত আয়োজিত কৃষকৰ এক বিক্ষোভ কাৰ্যসূচীত  এই দৰে কয় জীপাল কৃষক শ্ৰমিক সংঘৰ নেতা প্ৰনৱ দলেই ৷ সমগ্ৰ দেশৰ ২৫৮ টা কৃষক সংগঠনৰ লগতে আজি নিখিল ভাৰত কৃষক সভা আৰু জীপাল কৃষক শ্ৰমিক সংঘৰ উদ্যোগতো "ই আই এ ২০২০ আইন বাতিলৰ দাবীত  বোকাখাততো বিক্ষোভ প্ৰদৰ্শন কৰি ভাৰতৰ ৰাষ্ট্ৰপতিলৈ এখন স্মৰক পত্ৰ প্ৰেৰণ কৰে ৷ এই উপলক্ষে বোকাখাতৰ ৩৭ নং ৰাষ্ট্ৰীয় পথৰ দাঁতিতে আয়োজিত এক প্ৰতিবাদী পথ সভাত নিখিল ভাৰত কৃষক সভাৰ হৈ বলো বৰা আৰু জীপাল কৃষক শ্ৰমিক সংঘৰ প্ৰনৱ দলেই "ই এ আই ২০২০ বাতিল কৰা আৰু মোডী চৰকাৰৰ দিনত সৃষ্টি হোৱা কৃষকৰ সমস্যাৰ ওপৰত উদাক্ত ভাষণ প্ৰদান কৰে ৷ অনুষ্ঠানত জীপালৰ নেতা সোনেশ্বৰ নৰহৰ নেতৃত্বক কৃষক সকলে কৃষকৰ সমস্যা আৰু" ই এ আই ২০২০ আইন বাতিলৰ দাবীৰ লগতে কৃষকৰ সমস্যী সমাধানৰ দাবীত বিভিন্ন শ্লগানেৰে পৰিবেশ উত্তাল কৰি তোলে ৷ পিচত সমদল কৰি বোকাখাতৰ মহকুমাধিপতিৰ কাৰ্যালয়লৈ গৈ "ই এ আই ২০২০ আইন বাতিলৰ দাবীত ভাৰতৰ ৰাষ্ট্ৰপতিলৈ বুলি মহকুমাধিপতিৰ যোগেদি স্মাৰক পত্ৰ প্ৰদান কৰে ৷ উল্লেখ্য যে আজি সমগ্ৰ ভাৰততে বিভিন্ন কৃষক সংগঠনে কৃষকৰ পেঞ্চন, দহ হেজাৰ টকাৰ মাহিলী ভাট্টা আদি বিভিন্ন দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ এই দেশ বোকাখাত ।