কাজিৰঙাৰ পানবাৰী এনিমেল কৰিডৰত আৱৰ্জনা পৰিস্কাৰ অভিযান বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্ছাসেৱকৰ :

Aiidesh News : 12 May - 2026 :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ দক্ষিণ সীমাৰে যোৱা ৭১৫ নম্বৰ ৰাষ্ট্ৰীয় পথাংশত থকা এনিমেল কৰিডৰ বা বন্যপ্ৰাণী প্ৰব্ৰজনৰ বুলনি বোৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ বন্যপ্ৰাণীৰ বাবে অতি গুৰুত্বপূৰ্ণ । ইয়াৰ ভিতৰত বোকাখাত বনাঞ্চলৰ পানবাৰীত থকা এনিমেল কৰিডৰটো অতিশয় স্পৰ্শকাতৰ হোৱাৰ লগতে বন্যপ্ৰাণীৰ বাবেও অতি গুৰুত্বপুৰ্ণ । এই কৰিডৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু পানবাৰী সংৰক্ষিত বনাঞ্চলৰ মাজত বন্যপ্ৰাণীয়ে প্ৰব্ৰজন কৰে । বানপানীৰ সময়ত এই পানবাৰী এনিমেল কৰিডৰেদি বন্যপ্ৰাণীৰ প্ৰব্ৰজন আৰু যাতায়ত সুৰক্ষিত আৰু সুচল কৰাৰ বাবে বোকাখাতৰ জি ডি এছ জি মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্চাসেৱকৰ দলে ১১ মে’ দিনা এনিমেল কৰিডৰটোত পৰি ৰোৱা আৱৰ্জনাবোৰ পৰিস্কাৰ কৰে । উল্লেখ্য যে পানবাৰীৰ এনিমেল কৰিডৰৰ ৰাষ্ট্ৰীয় পথেৰে যোৱা যানবাহনৰ যাত্ৰীয়ে পেলায় যোৱা আৱৰ্জনাৰে বন্যপ্ৰাণীৰ যাতায়ত বাধাগ্ৰস্ত কৰি সমস্যাৰ সৃষ্টি কৰাৰ উপৰিও বন্যপ্ৰাণীৰ জীৱনলৈও ভাবুকিৰ সৃষ্টি কৰে । যাৰ বাবে স্থানীয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে মাজে মাজে স্বেচ্ছামুলক সেৱাৰে কৰিডৰটো আৱৰ্জনা মুক্ত কৰি পৰিস্কাৰ কৰি আহিছে । ১১ মে’ত বোকাখাত জে এছ জি মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্চাসেৱক ছাত্ৰৰ ১৫ জনীয়া এটা দলে যান বাহনৰ পৰা কৰিডৰটোত পেলায় যোৱা আৱৰ্জনা বোৰ সংগ্ৰহ কৰি কৰিডৰটো পৰিস্কাৰ কৰে । আৱৰ্জনা পৰিস্কাৰৰ আজি এই অভিযানৰ সময়ত স্বেচ্চাসেৱক সকলে প্ৰায় ১০৫ কিলোগ্ৰামৰো অধিক আৱৰ্জনা পানবাৰীৰ কৰিডৰৰ পৰা সংগ্ৰহ কৰে । মহাবিদ্যালয় খনৰ উপাধ্যক্ষ প্ৰশান্ত শইকীয়া আৰু বানিজ্য বিভাগৰ অধ্যাপক মতিৰাম দাসৰ নেতৃত্বত যোৱা এই স্বেচ্ছাসেৱক ছাত্ৰৰ দলটোক পৰিৱেশ কৰ্মী উত্তম শইকীয়া, বোকাখাত বনাঞ্চলৰ বনাঞ্চলিক বিষয়া হিমাংশু গগৈ আৰু পানবাৰী খণ্ড বনাঞ্চলৰ বনকৰ্মী সকলে সহযোগিতা আগবঢ়ায় । বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে পানবাৰী কৰিডৰত চলোৱা এই আৱৰ্জনা পৰিস্কাৰ অভিযানৰ বাবে ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্চাসেৱক ছাত্ৰ সকলক ধন্যবাদ জনায় বনাঞ্চলিক বিষয়া হিমানংশু গগৈয়ে । উল্লেখ্য যে বানপানীৰ আগে আগে জি এছ জি মহাবিদ্যালয় এন এছ এছ গোটে বিগত বৰ্ষতো এই দৰে পানবাৰী সংৰক্ষিত বনাঞ্চলৰ বন্যপ্ৰাণী কৰিডৰটো পৰিস্কাৰ কৰি বন বিভাগৰ লগতে বন্যপ্ৰাণীকো সহায় কৰি আহিছে ।