বানে ধুই নিয়া মাজুলী গাওঁ বাসীৰ দূৰ্দশাৰ গাঁথা

বানৰ পিছতেই দূৰ্দশা‌ই লগ এৰা নাই মাজুলী ভকতচাপৰি গাওঁ বাসীৰ ,পৰিবৰ্তনৰ কথা কোৱা বিজেপি চৰকাৰ ক’ত সেয়া এই অঞ্চলৰ ৰাইজে নাজানে ! পৰিৱৰ্তনৰ সংজ্ঞা বিচাৰি অভিধান গিলি পেলাইছে-অৰ্থ এতিয়াও পোৱা নাই মাজুলী এই সকলে লোকে I এফালে কভিড ১৯ ভয়াবহ ৰূপ লৈছে তাৰ মাজতে বানপানীয়ে  সংহাৰি ৰূপ লৈছে মাজুলীত I মাজুলী বৃহৎৰ ভকতচাপৰি ১৬ খন গাৱৰ ৰাইজৰ এক মাত্ৰ যাতায়তৰ মূল পথ এতিয়া বানপানীয়ে চিহ্ন বিচিহ্ন কৰি তুলিছে I এতিয়া স্থানীয় ৰাইজৰ একমাত্ৰ ভুৰ খনেই হৈছে স্থানীয় ৰাইজৰ এক মাত্ৰ সম্বল I মুঠতে সকলোৰে আনন্দৰ সৰ্বানন্দই নিৰানন্দৰ অভিলেখ গঢ়াটোও একপ্ৰকাৰৰ পৰিৱৰ্তন বুলিয়েই এই অঞ্চলৰ ৰাইজে মানি লৈছে ।