কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আগন্তুক বানপানীৰ সম্পৰ্কত ল’ব লগীয়া ব্যৱস্থাৱলী সম্পৰ্কত ৰাজহুৱা সভা :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আগন্তুক বানপানীৰ সম্পৰ্কত ল’ব লগীয়া ব্যৱস্থাৱলী সম্পৰ্কত ৰাজহুৱা সভা :
Aiidesh photo
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আগন্তুক বানপানীৰ সম্পৰ্কত ল’ব লগীয়া ব্যৱস্থাৱলী সম্পৰ্কত ৰাজহুৱা সভা :

Aiidesh News : 14 May - 2026 :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ উদ্যোগত ১৩ মে’ কঁহৰাৰ বন বিভাগৰ প্ৰেক্ষাগৃহত আগন্তুক বানপানীৰ সম্পৰ্কত ল’ব লগীয়া ব্যৱস্থাৱলী বাবে এখন সভা অনুষ্ঠিত হয় । সভাত বানপানীৰ সময়ত বন্যপ্ৰাণীৰ নিৰাপত্তা, ৰাষ্ট্ৰীয় পথত যান বাহন নিয়ন্ত্ৰন, এনিমেল কৰিডৰ ইত্যাদি বিষয়ৰ ওপৰত স্থানীয় লোক আৰু অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা পৰামৰ্শ গ্ৰহন কৰা হয় । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে গুৰুত্বপূৰ্ণ বুলি বিবেচিত এই সভাত কাজিৰঙাৰ ক্ষেত্ৰ সঞ্চালক ড‌ঃ সোনালী ঘোষ, পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ অৰুণ বিঘ্নেশ, বোকাখাত সমজিলাৰ আয়ুক্ত শিৱানী জাৰ্ণগেল, কলিয়াবৰ সমজিলাৰ আয়ুক্ত ৰাজ বৰুৱা, ভাৰতীয় কৃষি আৰু প্ৰস্তুত খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন প্ৰাধিকৰণৰ সমন্বয়ক সৌৰভ শ্ৰীবাস্তৱ, বোকাখাত সমজিলাৰ আৰক্ষী অধীক্ষক, কলিয়াবৰ সমজিলাৰ আৰক্ষী অধীক্ষক বিতুল চেতীয়া, দ্বিতীয় অসম বন সুৰক্ষা বাহিনীৰ কামাণ্ডেন্ট দেৱজিত দেউৰী, গোলাঘাট জিলাৰ আয়ুক্ত আৰক্ষী দেৱাহুতি ডেকা, কাজিৰঙাৰ সকলোবোৰ বনাঞ্চলৰ বনাঞ্চলিক বিষয়া সকল, সংবাদ মাধ্যমৰ প্ৰতিনিধি, জীপ চাফাৰী সন্থা, হোটেল এচ’চিয়েচনৰ প্ৰতিনিধি, কাজিৰঙাত কৰ্মৰত বিভিন্ন বেচৰকাৰী সংগঠনৰ উপৰিও বোকাখাত পৌৰসভাৰ কৰ্মকৰ্তাই অংশ গ্ৰহন কৰে ।সভাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ বানপানীৰ বাবে লোৱা বিভিন্ন পদক্ষেপ আৰু কাৰ্য আঁচনিৰ বিষয়ে সঞ্চালক ডঃ সোনালী ঘোষ আৰু ডি এফ অ’ অৰুণ বিঘ্নেশে সবিস্তাৰে বৰ্ননা কৰে ।  সভাত কামাণ্ডেন্ট দেৱজিত দেউৰী,আৰক্ষী অধীক্ষক বিতুল চেতীয়া, জেষ্ঠ সাংবাদিক নীলপদ্ম শৰ্মা, ৰঞ্জিত ৰজক, উত্তম শইকীয়া, হোটেল সন্থাৰ হৈ ফটিক বৰা, পানবাৰীৰ বন্যপ্ৰাণী পুনৰসংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ পৰিচালক ডাঃ ভাস্কৰ চৌধুৰী, উপৰিও বেচৰকাৰী সংগঠনৰ প্ৰতিনিধি আৰু স্থানীয় লোকে বানপানীৰ বাবে গ্ৰহন কৰিব লগীয়া বিভিন্ন কাৰ্যৰ বিষয়ে বক্তব্য দাঙি ধৰে । সভাত কাজিৰঙাৰ প্ৰসাৰিত ৰাষ্ট্ৰীয় পথাংশৰ শোচনীয় অৱস্থাৰ মেৰেমতিৰ দাবী উত্থাপন হোৱাৰ বাবে বোকাখাত সমজিলাৰ আয়ুক্ত শিৱানী জাৰ্ণগেলে বিষয়তো ইতিমধ্যেই উৰ্ধতন কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ হোৱা বুলি অৱগত কৰি শীঘ্ৰে মেৰামতি কৰাৰ বিষয়েও সভাক অৱগত কৰে । সভাত বানপানীৰ বাবে স্বেচ্ছাসেৱক লোৱা আৰু প্ৰশিক্ষণৰ ব্যৱস্থা, এনিমেল কৰিডৰৰ আৱৰ্জনা পৰিস্কাৰ কৰা, গাওঁৰক্ষী বাহিনী, গাওঁ পঞ্চায়ত আৰু পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিবোৰক বিধিগত ভাৱে সাজু কৰা আদিৰ বিষয়তো আলোচনা কৰা হয় । কাজিৰঙাৰ সঞ্চালক কাৰ্যালয়ৰ অধীক্ষক গীতাঞ্জলি কলিতাই আঁত ধৰা সভাত উপস্থিত সকলোকে বন বিভাগৰ তৰফৰ পৰা কৃতজ্ঞতা জনোৱা হয় ।

*********