জুলাই মাহত আই পি এল!

জুলাই মাহত আই পি এল!
Image Courtesy : Outlook

ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ(আই পি এল) ত্রয়োদশ সংস্কৰণৰ ওপৰত কৰ’না ভাইৰাছৰ প্রত্যক্ষ প্রভাৱ পৰিলেও প্রকাশিত এক বাতৰিয়ে ক্রিকেটপ্রেমীৰ বাবে সুখবৰ কঢ়িয়াই অনা বুলি ভাবিব পাৰি৷ বিশ্বৰ অন্যতম ধনাঢ্য টি-২০ লীগ আই পি এলৰ এইবাৰৰ খেল ২৯ মার্চৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল যদিও কৰ’না ভাইৰাছৰ ব্যাপক প্রসাৰৰ বাবে ইয়াক প্রথমে ১৫ এপ্রিললৈ পিছুৱাই দিয়া হয়৷ কিন্তু কভিড-১৯ৰ ভয়াৱহতাৰ বাবে আই পি এল ১৫ এপ্রিলৰ পৰাও আৰম্ভ হোৱাৰ সম্ভাৱনা মুঠেই নাই৷

এনে সময়তে এক অসমর্থিত সূত্রই প্রকাশ কৰিছে যে প্রতিযোগিতাখন আগন্তুক জুলাই মাহত অনুষ্ঠিত কৰিবলৈ বি চি চি আয়ে গুণা-গঁথা কৰিছে৷ পূর্বৰ সূচীতকৈ কম দিনত আই পি এল সম্পন্ন কৰাৰ প্রচেষ্টা চলোৱা হৈছে, কিয়নো আগন্তুক দুই-তিনি মাহত কৰ’না ভাইৰাছৰ প্রকোপ দেশত যথেষ্ট স্তিমিত হৈ পৰাৰ সম্ভাৱনা আছে৷

অৱশ্যে দেশৰ অৱস্থা বিশেষ উন্নত নহ’লে প্রতিযোগিতাখন বছৰটোৰ শেষৰ ফালেও অনুষ্ঠিত কৰাৰ পথ খোলা ৰাখিছে বি চি চি আয়ে৷ বি চি চি আয়ে প্রয়োজনত খালী ষ্টেডিয়ামতো আই পি এল অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে৷ কিয়নো ইতিমধ্যেই কেইবাগৰাকী খেলুৱৈয়ে দর্শন বিহীন ষ্টেডিয়ামত খেলিবলৈ সন্মতি প্রদান কৰিছে৷