সৌৰশক্তি চালিত বেৰাই অসম মেঘালয়ৰ পাঁচ খন জিলাৰ গাঁওবাসীৰ শস্য আৰু সম্পত্তিৰ লগতে জীৱনৰো নিৰাপত্তা প্ৰদান কৰিছে :
Aiidesh News : 12 May - 2026 :
হাতী মানুহৰ সংঘাত অধ্যুষিত অসমৰ একাধিক জিলাৰ লগতে মেঘালয়ৰ গাৰো পাহাৰ জিলাৰ বহু গাঁৱত নিশা বনৰীয়া হাতীয়ে চলোৱা উপদ্ৰৱৰ ফলত এসময়ত বহু পৰিয়াল দৰিদ্ৰতাৰ গ্ৰাসত পৰিব লগা হৈছিল । কিন্তু বিগত দুটা বছৰত এই অঞ্চল সমূহৰ লোক সকলে তেওঁলোকৰ ব্যৱহাৰিক জ্ঞান, সমূহীয়া পদক্ষেপ আৰু উদ্ভৱনী কৌশলেৰে অঞ্চলটোত হাতী আৰু মানুহৰ সহাৱস্থান সম্ভৱ কৰি তুলিছে ।
বনৰীয়া হাতীৰ উপদ্ৰৱ তথা বনৰীয়া হাতীয়ে শস্যৰ পথাৰ আৰু সম্পত্তি নষ্ট কৰাৰ ঘটনা প্ৰতিৰোধ কৰাৰ বাবে অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকৰ দলে স্থানীয় লোকৰ সহযোগত পূৱ অসমৰ মাজুলী, তিনিচুকীয়া, শিৱসাগৰ আৰু যোৰহাট আৰু মেঘালয়ৰ গাৰো পাহাৰ জিলাত স্থানীয় লোকৰ সহযোগত সময় সাপেক্ষ সৌৰশক্তি চালিত বেৰাৰ ব্যৱস্থা কৰিছে । স্থায়ীভাৱে বেৰা স্থাপন কৰা পৰিৱৰ্তে স্থানীয় লোকৰ দ্বাৰা পৰিচালিত আৰু শস্যৰ বতৰত স্থাপন কৰা এই অস্থায়ী বেৰাবোৰ সন্ধিয়া সক্ৰিয় কৰা হয় আৰু খেতি চপোৱাৰ পিচত উঠাই পেলোৱা হয় ।
সৌৰশক্তি চালিত বেৰা সম্পৰ্কীয় প্ৰশিক্ষণ পদ্ধতিৰ জৰিয়তে এই অঞ্চলসমূহৰ ভালেসংখ্যক মহিলাকে ধৰি মুঠ ৩৪৫ গৰাকী লোকক সৌৰশক্তি চালিত বেৰা স্থাপন আৰু ইয়াক পৰিচালনা কৰাৰ প্ৰশিক্ষণ দিয়া হয় । গাৰো পাহাৰ জিলাত এই প্ৰশিক্ষণ গ্ৰহন কৰা লোকৰ বেছি ভাগেই মহিলা বুলি আৰণ্যকৰ তৰফৰ পৰা জনাইছে । আৰণ্যকৰ উদ্যোগত দিয়া এনেবোৰ প্ৰশিক্ষণৰ শেষত সৌৰশক্তি চালিত বেৰা সমূহীয়াভাৱে নিৰীক্ষণ কৰাৰ বাবে গাৰো পাহাৰ জিলাত ৪৭৫ জন লোকক লৈ মুঠ ২৪ খন গাওঁ সমিতি গঠন কৰা হৈছে ।
বৰ্তমান ৮০ কিলোমিটাৰৰো অধিক দৈৰ্ঘ্যৰ ১৯ খন সৌৰ বেৰাই এই অঞ্চলসমূহত প্ৰায় ১২,৯৮৯ বিঘা (৪২৮৯ একৰ) কৃষিভূমি আৰু প্ৰায় ১১.৭ কোটি টকা মূল্যৰ শস্যক সুৰক্ষা প্ৰদান কৰিছে । সৌৰ বেৰাৰ বেষ্টনীত বসবাস কৰা মুঠ ৩,২৬৬ টা পৰিয়ালৰ কোনো শস্য যোৱা দুটা বছৰত বন্যহস্তীৰ উপদ্ৰৱৰ বাবে নষ্ট হোৱা নাই বুলি জানিবলৈ দিছে আৰণ্যকে । আৰণ্যকৰ মতে সংৰক্ষণ মানে কেৱল বন্যপ্ৰাণীৰ সুৰক্ষাই নহয়, স্থানীয় লোকৰ জীৱিকাৰ সুৰক্ষা, স্থানীয় লোকৰ সৱলীকৰণ আৰু তৃণমূলত সহাৱস্থানো সমানে গুৰুত্বপূৰ্ণ। স্থানীয় লোকসকলৰ সক্ৰিয় অংশগ্ৰহণ, দায়বদ্ধতা আৰু নিজৰ বুলি ভাবি লোৱা দায়িত্বই আমাৰ এই সাময়িক সৌৰশক্তি চালিত বেৰা প্ৰকল্পৰ সফলতা সম্ভৱপৰ হৈছে বুলিও সংগঠনটোয়ে জনায় । স্থানীয় লোকৰ অংশগ্ৰহণ অবিহনে সংৰক্ষণ প্ৰচেষ্টাৰ কোনো মানে নাই । যিকোনো ধৰণৰ হস্তক্ষেপ প্ৰকৃতপক্ষে সফল হবলৈ আৰু বৰ্তি থাকিবলৈ স্থানীয় লোকসকলে তেওঁলোকৰ ওপৰত ইয়াক জাপি দিয়া বুলি অনুভৱ কৰা পৰিৱৰ্তে তেওঁলোকক জড়িত কৰি আৰু তেওঁলোকৰ বাবে প্ৰস্তুত কৰা বুলি পতিয়ন যাব লাগিব আৰু ইয়াৰ ওপৰতেই সফলতাও বহু পৰিমানে নিৰ্ভৰ কৰিব ।
********



