পদার্থ বিজ্ঞানত 'বিজ্ঞানৰ অস্কাৰ' ব্ৰেকথ্ৰু বঁটা লাভ অসমৰ যুৱ অধ্যাপক ড০ অতনু নাথৰ : দলীয় ভাৱে লাভ কৰিছে এই বঁটা :
Aiidesh News : 24 April - 2026 :
বিজ্ঞানৰ অস্কাৰ বঁটা বুলি অভিহিত ২০২৬ চনৰ মৌলিক পদার্থ বিজ্ঞানৰ ব্ৰেকথ্ৰু বঁটা লাভ কৰিছে অসমৰ ড০ অতনু নাথে । প্রায় ১১জন ভাৰতীয়কে ধৰি বিশ্বৰ ৩৭৬ গৰাকী বিজ্ঞানীৰ সৈতে ড০ অতনু নাথেও এই সম্মান লাভ কৰিছে । তাৎপর্যপূর্ণ ভাৱে তেওঁ উত্তৰ-পূব ভাৰতৰ প্ৰথম আৰু একমাত্র বিজ্ঞানী, যিয়ে মৌলিক পদার্থ বিজ্ঞানৰ ব্ৰেকথ্ৰু বঁটা লাভ কৰিবলৈ সক্ষম হৈছে । ২০২৬ বৰ্ষৰ এই বঁটা চাৰ্ণ ব্রুকহেভেন নেচনেল লেবৰেটৰী আৰু ফার্মিলেবৰ মিউঅ'ন জি-২ গৱেষণা কার্যসূচীক প্রদান কৰা হৈছে । বিশ্বত ব্ৰেকথ্ৰু বঁটাক বিজ্ঞানৰ অন্যতম উচ্চ সন্মান হিচাপে গণ্য কৰা হয় আৰু ইয়াক 'বিজ্ঞানৰ অস্বাৰ' বুলিও অভিহিত কৰা হয়। অসমৰ বৰাক উপত্যকাৰ হাইলাকান্দি জিলাৰ লালাবজাৰৰ বাসিন্দা ড০ অতনু নাথ বৰ্তমান নলবাৰী জিলাৰ টিহু মহাবিদ্যালয় পদার্থ বিজ্ঞানৰ সহকাৰী অধ্যাপক হিচাবে কৰ্মৰত । ড০ অতনু নাথৰ এই কৃতিত্বই জন্মস্থান লালাবজাৰৰ লগতে সমগ্র ৰাজ্যৰ শৈক্ষিক আৰু গৱেষণা জগতলৈ গৌৰৱ আৰু আনন্দ কঢ়িয়াই আনিছে । ডঃ নাথৰ এই স্বীকৃতি অসম আৰু উত্তৰ-পূব ভাৰতৰ শৈক্ষিক সমাজৰ বাবে গুৰুত্বপূর্ণ হিচাপে গণ্য কৰা হৈছে আৰু তেওঁৰ এই কৃতিত্বই নিষ্ঠা, অধ্যৱসায় আৰু গুণগত শিক্ষাই আন্তৰাষ্ট্ৰীয় বিজ্ঞানৰ উচ্চতম পর্যায়ত অংশগ্রহণৰ দিশত কেনেদৰে নেতৃত্ব দিব পাৰে তাৰ নিদর্শন হিচাপে থিয় দিছে বুলি হাইলাকান্দিৰ এগৰাকী বিজ্ঞানৰ গৱেষকে কয় । লালাবজাৰৰ অৱসৰপ্রাপ্ত শিক্ষক বীৰেন্দ্ৰ কুমাৰ নাথ আৰু অৱসৰপ্রাপ্ত শিক্ষয়িত্রী বিনতা ৰাণী নাথৰ দ্বিতীয় পুত্র ড০ অতনু নাথ । ড০ অতনু নাথে শিলচৰ গুৰচৰণ মহাবিদ্যালয় (বর্তমান বিশ্ববিদ্যালয়)ত স্নাতক পর্যায়ৰ অধ্যয়ন সম্পূর্ণ কৰি কলকাতাৰ এছ এন বোস নেচনেল চেণ্টাৰ ফৰ বেছিক ছায়েন্সৰ পৰা স্নাতকোত্তৰ ডিগ্রী লাভ কৰে আৰু মুম্বাইৰ টাটা ইনস্টিটিউট অৱ ফাণ্ডামেন্টেল ৰিচাৰ্চত উচ্চ পৰ্যায়ৰ অধ্যয়ন কৰে । ২০১৩ চনত তেওঁ ইটালীৰ নেপলছ ফেডেৰিকো দ্বিতীয় বিশ্ববিদ্যালয়ত ডক্টৰেট ডিগ্রীৰ গৱেষণাৰ বাবে যোগদান কৰে । ২০১৬ চনত তেওঁ পি এইচ ডি লাভ কৰে । ইয়াৰ পাছত তেওঁ অধ্যাপিকা মিচেল ইয়াকোভাচিৰ মিউঅ'ন জি-২ পৰীক্ষাগাৰত প্রথমে অতিথি গৱেষক হিচাপে আৰু পৰৱৰ্তী সময়ত ২০১৭ চনত পোষ্ট ডক্টৰেট ফেলো হিচাপে যোগদান কৰে । এই কামৰ জৰিয়তে তেওঁ ফার্মিলেবৰ আন্তৰাষ্ট্ৰীয় সহযোগিতাৰ অংশ হৈ পৰিছিল আৰু ২০২০ চনলৈকে এই পৰীক্ষাৰ সৈতে জড়িত হৈ আছিল । প্রকল্পটোৰ ভিতৰতে তেওঁ লেজাৰ মানাংকন ব্যৱস্থাৰ কাম কৰিছিল। ২০২০ চনত আমেৰিকাৰ পৰা উভতি অহাৰ পাছত তেওঁ আই আই টি গুৱাহাটীত পোষ্ট ডক্টৰেট গৱেষক হিচাপে যোগদান কৰে। তাত তেওঁ হাই এনার্জী পদার্থ বিজ্ঞান পৰীক্ষাগাৰত কাম কৰাৰ লগতে ফার্মিলেৱৰ পৰীক্ষাত অৰিহণা যোগাইছিল। একে সময়তে তেওঁ শিলচৰ ভিত্তিক গৱেষণা পদক্ষেপ চেণ্টাৰ অব এডভান্সড ষ্টাডিজ এণ্ড ইন’ভেচন লেবৰ মূল সদস্যও হৈছিল । ২০২২ চনত ড০ অতনু নাথে টিহু কলেজত সহকাৰী অধ্যাপক হিচাপে যোগদান কৰে ।
যোৱা ১৮ এপ্ৰিলত কেলিফর্নিয়াৰ চাল্টা মনিকাস্থিত বাৰ্কাৰ হেংগাৰত অনুষ্ঠিত বঁটা প্রদান অনুষ্ঠানত ব্লকহেডেন নেচনেল লেবৰেটৰীৰ অন্তর্বর্তীকালীন সঞ্চালক জন হিল, ফার্মিলেবৰ পদার্থবিজ্ঞানী ক্রীছ পলি, ব'ষ্ট বিশ্ববিদ্যালয়ব পদার্থ বিজ্ঞানী লি ববার্টছ, ফার্মিলেবৰ সঞ্চালক এমেরিটাছ ইয়ং-কি কিম, চি ই আব এনৰ সঞ্চালকপ্রধান মার্ক থমছন, রাশিংটন বিশ্ববিদ্যালয়ব পদার্থ বিজ্ঞানী মার্ক থমচনে তিনিটা পৰীক্ষাৰ সকলো বিজ্ঞানীৰ হৈ এই বঁটা গ্রহণ কৰে। উল্লেখ কৰিব পাৰি যে ব্রেকথ্রু প্রাইজ ফাউণ্ডেচনে ২০১২ চনত এই বঁটা আৰম্ভ কৰিছিল । পৰিৱৰ্তনশীল আৱিষ্কাৰ আৰু মৌলিক গবেষণাক সম্মান জনাই প্রতিষ্ঠা কৰা এই পুৰস্কাৰৰ মুঠ মূল্য ৩০ লাখ মার্কিন ডলাৰ আৰু ইয়াক বিজ্ঞানৰ অন্যতম স্বীকৃতি হিচাপে গণ্য কৰা হয় ।
********



