দ্বিতীয় বাৰৰ বাবে কাজিৰঙাৰ অগৰাতলি বনাঞ্চলৰ পৰা মধ্যপ্ৰদেশৰ কানহা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চললৈ ৪ টা ম'হ প্ৰেৰণ : পুৰ্বে প্ৰেৰণ কৰা ৪ টাক লৈ মুঠ ৮ টা ম'হ পঠোৱা হ'ল মধ্যপ্ৰদেশলৈ :

দ্বিতীয় বাৰৰ বাবে কাজিৰঙাৰ অগৰাতলি বনাঞ্চলৰ পৰা মধ্যপ্ৰদেশৰ কানহা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চললৈ ৪ টা ম'হ প্ৰেৰণ : পুৰ্বে প্ৰেৰণ কৰা ৪ টাক লৈ মুঠ ৮ টা ম'হ পঠোৱা হ'ল মধ্যপ্ৰদেশলৈ :
Aiidesh Photo

Aiidesh News : 7 May - 2026 :

অসম আৰু মধ্যপ্ৰদেশ বন বিভাগৰ মাজত মাহত স্বাক্ষৰিত দ্বিপাক্ষিক চুক্তিৰ আধাৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ অগৰাতলি বনাঞ্চলৰ পৰা ৬ মে’ৰ পুৱা পুনৰ ৪ টা বনৰীয়া ম’হ মধ্যপ্ৰদেশৰ কানহা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চললৈ পুনৰসংস্থাপনৰ বাবে প্ৰেৰণ কৰা হয় । ইয়াৰ পুৰ্বে যোৱা ২৫ এপ্ৰিলৰ দিনা কাজিৰঙাৰ কঁহৰা বনাঞ্চলৰ পৰা ৪ টা বনৰীয়া ম’হ কানহা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চললৈ প্ৰেৰণ কৰা হৈছিল । ইয়াকে লৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা মুঠ ৮ টা বনৰীয়া ম’হ কানহা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চললৈ প্ৰেৰণ কৰা হ’ল । ৬ মে’ৰ পুৱা অগৰাতলিৰ বনাঞ্চলৰ পৰা ৩ জনী মাইকী আৰু ১ টা মতা বনৰীয়া ম’হ প্ৰেৰণ কৰা হয় । কাজিৰঙাৰ ডি এফ অ’ অৰুণ বিঘ্নেশ, কাজিৰঙাৰ উপ বনসংৰক্ষৰ চক্ৰপানি ৰয়, কানহা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ সহকাৰী বন সংৰক্ষক অজয় ঠাকুৰ, সহকাৰী বন সংৰক্ষক বিদ্যুত বিকাশ বৰা, কাজিৰঙাৰ বনাঞ্চলিক বিষয়া হিমাংশু গগৈ, আৰু ম’হ প্ৰেৰণ আঁচনিৰ নিৰীক্ষণৰ বাবে নিয়োগ কৰা দুজনকৈ পৰ্যবেক্ষকৰ উপস্থিতিত আজি পুৱা অগৰাতলি বনাঞ্চলৰ কিংকোব্ৰা বনশিৱিৰৰ সমীপৰ প্ৰৱেশ পথৰ পৰা এই চাৰিটা ম’হৰ কানহা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চললৈ যাত্ৰা আৰম্ভ কৰা হয় । কাজিৰঙাৰ হৈ বিভাগীয় পশু চিকিৎসক ডা: সৌৰভ বুঢ়াগোঁহাই আৰু বোকাখাতৰ বৰজুৰিত থকা বন্যপ্ৰাণী পুনৰসংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ পশু চিকিৎসক ডা: মেহডি হাচান আজিৰ ম’হৰ জাকটোৰ সৈতে যাত্ৰা কৰিছে । কাজিৰঙাৰ পৰা ৮০/ ৯০ ঘন্টাৰ বাট অতিক্ৰম কৰি এই ম’হ কেইটা গৈ মধ্যপ্ৰদেশৰ কানহা বনাঞ্চলত উপস্থিত হ’বগৈ বুলি বন বিভাগৰ সুত্ৰত প্ৰকাশ ।

অসম আৰু মধ্যপ্ৰদেশ বন বিভাগৰ মাজত হোৱা দ্বিপাক্ষিক চুক্তিৰ আধাৰত কাজিৰঙাৰ পৰা মুঠ ৫০ টা এচিয়া প্ৰজাতিৰ বনৰীয়া ম’হ মধ্যপ্ৰদেশৰ  কানহা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চললৈ প্ৰেৰণৰ কৰাৰ কথা । এই চুক্তি মতে ৫০ টা ম’হৰ ভিতৰত দুটা পৰ্যায়ত কাজিৰঙাৰ পৰা এতিয়ালৈকে ৮ টাহে বনৰীয়া ম’হ প্ৰেৰণ কৰা হৈছে । পৰৱৰ্তী সময়ত বছৰত ২০ টাকৈ ম’হ কাজিৰঙাত কৰায়ত্ব কৰি মধ্যপ্ৰদেশলৈ প্ৰেৰণ কৰিব অসমৰ বন বিভাগে । কাজিৰঙাৰ ডি এফ অ’ অৰুণ বিঘ্নেশে জনোৱা মতে আজি প্ৰেৰণ কৰা ৪ টা ম’হৰ পিচত বাৰিষাৰ বাবে সাময়িকভাৱে কাজিৰঙাত বন্ধ থাকিব ম’হ কৰায়ত্ব কৰাৰ অভিযান । আজি প্ৰেৰণ কৰা ৪ টা ম’হক কৰায়ত্ব কৰি বিগত ২১ দিনৰ বাবে অগৰাতলি বনাঞ্চলৰ বোমাত নিৰীক্ষণৰ বাবে ৰখা হৈছিল । উল্লেখ্য যে যোৱা ২৫ এপ্ৰিলত প্ৰেৰণ কৰা কাজিৰঙাৰ বনৰীয়া ম’হ কেইটা সম্প্ৰতি মধ্যপ্ৰদেশৰ কানহা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ বোমাত নিৰীক্ষণত আছে । কেন্দ্ৰীয় চিৰিয়াখানা প্ৰাধিকৰণ, ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠান আৰু কেন্দ্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰধিকৰণে দীৰ্ঘ পৰিকল্পনাৰে এই পুনৰ সংস্থাপিত ম’হ সমুহ কানহাত নিৰীক্ষণ কৰিছে বুলি দৈনিক অসমক জনায় কানহা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ সহকাৰী বন সংৰক্ষক অজয় ঠাকুৰে । ট্ৰাকেৰে সুদীৰ্ঘ যাত্ৰা কৰাৰ পিচতো ম’হ কেইটাৰ আচৰণত তেনেকোনো মানসিক চাপ দেখিবলৈ পোৱা নাই বুলিও জনায় বিষয়া গৰাকীয়ে ।

জীৱ বিজ্ঞানত Bubalus arnee নামেৰে জনাজাত  এচিয়া প্ৰজাতিৰ বনৰীয়া ম'হৰ ভাৰতৰ ভিতৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতেই অন্যতম জনসংখ্যা পোৱা যায় । ব্ৰহ্মপুত্ৰ উপত্যকাৰ ডিব্ৰু চৈখোৱা আৰু মানহ ৰাষ্ট্ৰীয় উদ্যান এসময়ত এই প্ৰজাতিৰ ম'হৰ আদৰ্শ আৱাস আছিল যদিও সম্প্ৰতি দুয়ো স্থানতে বিপন্ন হৈ পৰিছে এচিয়া প্ৰজাতিৰ বনৰীয়া ম'হ । বন বিভাগৰ শেষতীয়া সমীক্ষা মতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এচিয়া প্ৰজাতিৰ বনৰীয়া ম'হৰ পৰিসংখ্যা প্ৰায় ১৬৬০ টা মান হ'ব। উল্লেখ্য যে বিশ্বত এচিয়া প্ৰজাতিৰ বনৰীয়া ম’হৰ পৰিসংখ্যা ৪ হেজাৰতকৈ ও কম । এটা সময়ত মধ্য ভাৰতৰ মাণ্ডলা, বালাঘাট, সাতপুৰা আদি বনাঞ্চলত বনৰীয়া ম’হ আছিল যদিও ১৯৭৯ চনতে মধ্যপ্ৰদেশৰ পৰা এচিয়া প্ৰজাতিৰ বনৰীয়া ম’হ বিলুপ্ত হৈ পৰে । সম্প্ৰতি অসম আৰু মধ্যপ্ৰদেশৰ মাজত বন্যপ্ৰাণী হস্তান্তৰ কৰাৰ স্বাক্ষৰিত চুক্তি অনুসৰী অসমৰ পৰা ৫০ টা বনৰীয়া ম’হ, এহাল গঁড়, তিনিটা ৰজা ফেটী মধ্য প্ৰদেশলৈ প্ৰেৰণ কৰাৰ বিনিময়ত মধ্যপ্ৰদেশে তিনিটা ঢেকীয়াপতীয়া বাঘ ৬ টা ঘড়িয়াল অসমক দিব ।

********