গোলাঘাটত বাঢ়িছে গণ সংক্ৰমণ | এগৰাকী যুৱতীক লৈ মৰিয়নিত প্ৰশাসন বিমোৰত

গোলাঘাট লাইফ লাইন চিকিৎসালয়ৰ মেনেজাৰ জয়ন্ত  সিনহাৰ সংস্পৰ্শলৈ অহা ২০ গৰাকী লোক কবিড-১৯ আক্ৰান্ত হোৱাৰ পিছতে হাহাকাৰ পৰিস্থিতি হৈছে গোলাঘাটত । ২০ গৰাকী লোক পজিটিভ হোৱাৰ পিছতে গোলাঘাট উপায়ুক্ত কাৰ্যালয়, চক্ৰ বিষয়া কাৰ্যালয় , বাৰ এ'ছচিয়েছন, স্কুল উপ পৰিদৰ্শক কাৰ্যালয় , উপায়ুক্ত কাৰ্যালয় সমীপৰ ৫০ মিটাৰ অঞ্চল কন্টেইনমেন্ট জ'ন ঘোষণা গোলাঘাট প্ৰশাসনৰ । আক্ৰান্ত ২০ জনৰ ভিতৰত গোলাঘাট বাৰ এছচিয়েছনৰ অধিবক্তা,  উপায়ুক্ত কাৰ্যালয় সমীপৰ বাসিন্দা হোৱাৰ স্বত্তে কাৰ্যালয় সমুহ কন্টেইনমেন্ট জ'ন ঘোষণা কৰিলে প্ৰশাসনে । কভিড আক্ৰান্ত অধিবক্তা গোলাঘাট উপায়ুক্ত কাৰ্যালয় , চক্ৰ বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰী সংস্পৰ্শলৈ অহা সন্দেহ প্ৰশাসনৰ । পৰৱৰ্তী প্ৰশাসনে নিৰ্দেশ নোহোৱা পৰ্য্যন্ত এই সমুহ কাৰ্যালয়ত কন্টেইনমেন্ট জ'ন বাহাল থাকিব । গোলাঘাট উপায়ুক্ত কাৰ্যালয়ৰ নজৰৎ, DDMA, মেজিষ্ট্ৰেচী এই তিনিটা শাখা অৱশ্যে খোলা থাকিব । এই দেশ গোলাঘাট ।

 

ক'লকাতাৰ পৰা নাগালেণ্ডৰ মোককচাঙ জিলালৈ বুলি অহা এগৰাকী যুৱতীক লৈ মৰিয়নিত প্ৰশাসন বিমোৰত         

ক'লকাতাৰ দমদম বিমান বন্দৰত ব্যক্তিগত খণ্ডত কৰ্মৰত এগৰাকী যুৱতী বুধবাৰে বিমানযোগে যোৰহাটত উপস্থিত হোৱাৰ পিছত স্বাস্থ্যবিভাগে যাৱতীয় পৰীক্ষা কৰাৰ পাছত যুৱতী গৰাকী এখন ব্যক্তিগত এম্বুলেঞ্চ যোগে মৰিয়নিৰ অসম নাগালেণ্ড সীমান্তৰ চুটাফলা গেটত নিশা  ১২ বজাত উপস্থিত হয় যদিও নাগালেণ্ডত প্ৰৱেশ কৰাত বাধা আৰোপ কৰি নাগালেণ্ড আৰক্ষীয়ে পুনৰ অসমলৈ ওভতাই পঠোৱাত বিপদত পৰে যুৱতী গৰাকী।উপায়বিহিন হৈ অসম নাগালেণ্ড সীমান্তৱৰ্ত্তী নিউসোনোৱাল খণ্ড বনবিষয়া কাৰ্যালয়ৰ সমীপৰ এজোপা গছৰ তলতেই ওৰেটো নিশা কটাবলৈ বাধ্য হয়।উল্লেখ্য যে স্থানীয় কিছু যুৱক আৰু কেইজনমান সাংবাদিকৰ তৎপৰতাত যুৱতী গৰাকীক পুনৰ নাগালেণ্ডৰ নিজা ঘৰলৈ পথাবলৈ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হয়। এই দেশ মৰিয়নী ।