ৰাজহুৱা চিকিৎসা সেৱা প্ৰদানকাৰী দেশৰ তালিকাত চুইডেনে তৃতীয় স্থান

ৰাজহুৱা চিকিৎসা সেৱা প্ৰদানকাৰী দেশৰ তালিকাত চুইডেনে তৃতীয় স্থান
চুইডেনে তৃতীয় স্থান

চুইডেন ইউৰোপৰ এখন উন্নত আৰু পুঁজিবাদী দেশ। US News and World Report অনুসৰি পৃথিৱীৰ 10 খন আগশাৰীৰ ৰাজহুৱা চিকিৎসা সেৱা প্ৰদানকাৰী দেশৰ তালিকাত চুইডেনে তৃতীয় স্থান লাভ কৰিছে। মাৰ্কিন সংবাদ প্ৰতিষ্ঠানটোৰ এই ৰিপ'ৰ্ট মতে Public Health Care ৰ খণ্ডত 10 টা স্থান লাভ কৰা বিশ্বৰ 10 খন প্ৰধান দেশ হৈছে যথাক্ৰমে Canada, Denmark, Sweden, Norway, Germany, UK, Japan, Australia, Netherlands আৰু Switzerland ।

সম্প্ৰতি, ক'ৰুণা ভাইৰাছে বিশ্বজুৰি সৃষ্টি কৰা এই আতংকময় পৰিস্থিতিত চুইডেনৰ নাম অধিক চৰ্চালৈ আহিছে । যি সময়ত ইউৰোপৰ সকলো দেশেই বিশ্ব ত্রাস Covid-19 ৰ সংক্ৰমণ ৰোধ কৰিবলৈ Lock Down ৰ দৰে কঠোৰ সিদ্ধান্ত লবলৈ বাধ্য হৈছে, সেই সময়ত স্বাস্থ্য সচেতন চুইডেনে এতিয়াও দেশখনত Lock Down ঘোষণা কৰা নাই। স্মৰ্তব্য, গোটেই পৃথিৱীত আজিৰ দিনটোলৈকে 1,17,785 জন Covid-19 ৰোগীৰ মৃত্যু ঘটিছে আৰু চুইডেনত মৃত্যু হৈছে 919 জন ক'ৰুণা ভাইৰাছত আক্রান্ত লোক।

সমগ্ৰ পৃথিৱীত Lock Down চলি আছে যদিও চুইডেনত ইয়াৰ একো প্ৰভাৱ পৰিলক্ষিত হোৱা নাই। চুইডেনে মাত্ৰ 50 জনতকৈ অধিক লোক সমবেত হোৱাৰ ওপৰত বাধা আৰোপ কৰিছে। চুইডেনে Lock Down ৰ যোগেদি দেশৰ সকলো নাগৰিকক পনবন্দী কৰাৰ পৰিৱৰ্তে কেৱল 70 বছৰ বয়সতকৈ বেছি বয়সৰ লোক সকলক Self Isolation ত থাকিবলৈ পৰামৰ্শ আগবঢ়াইছে ।

চুইডেন চৰকাৰে আনুষ্ঠানিক ভাৱে দেশখনত Lock Down ঘোষণা কৰা নাই যদিও সকলো High School আৰু University বন্ধ কৰি ৰাখিছে। কিন্তু, চুইডেনৰ 16 বছৰতকৈ কম বয়সৰ ছাত্ৰ ছাত্ৰী সকলে অধ্যয়ন কৰি থকা School সমূহ মুকলি কৰি ৰাখিছে। চুইডেনৰ সকলো খেলপথাৰ , হোটেল, ৰেস্তোৰাঁ, ব্যৱসায়িক প্ৰতিষ্ঠান, দোকান বজাৰ, গাড়ী মটৰ পূৰ্বৰ দৰে চলি থকা পৰিলক্ষিত হৈছে।

চুইডেন চৰকাৰ আৰু স্বাস্থ্য মন্ত্ৰণালয়ৰ পৰামৰ্শ সমূহ মানি চলি দেশৰ জনসাধাৰণে সামাজিক দূৰত্বত বজাই ৰাখি সামাজিক দায়িত্ববোধৰ পৰিচয় দাঙি ধৰিছে । Civic Sense ৰ ক্ষেত্ৰত চুইডেনৰ Police আৰু Public ৰ সচেতনতা অতি প্ৰশংসনীয় । অসম বা ভাৰতবৰ্ষত যি সময়ত Lock Down অমান্য কৰা লোকক আৰক্ষীয়ে বেয়া ব্যৱহাৰ আৰু শাৰীৰিক নিৰ্যাতন কৰাটো যেন এক Fashion Show ত পৰিণত হৈছে , সেই সময়ত চুইডেনৰ আৰক্ষী আৰু জনসাধাৰণৰ পৰা আমি Civic Sense শিকিব লগীয়া আছে।