সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ বোকাখাতত উৎফুল্লিত বি জে পি : প্ৰতিক্ৰিয়াহীন বিৰোধী দল : সলনি হ'ব পাৰে অতুল বৰাৰ সমষ্টি :

constituency#Bokakhat#agp#bjp

সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ বোকাখাতত উৎফুল্লিত বি জে পি  : প্ৰতিক্ৰিয়াহীন বিৰোধী দল  : সলনি হ'ব পাৰে অতুল বৰাৰ সমষ্টি  :

সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ বোকাখাতত উৎফুল্লিত বি জে পি  : প্ৰতিক্ৰিয়াহীন বিৰোধী দল  : সলনি হ'ব পাৰে অতুল বৰাৰ সমষ্টি  :

Aiidesh Exclusive  :  4 July 2023  : 

সমষ্টিৰ পুনৰ নিৰ্দ্ধাৰনকলৈ বোকাখাত সমষ্টিত এই মুহুৰ্তলৈকে কোনো বিৰূপ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা নাই ৷ শাসনাধিষ্ঠ ভাৰতীয় জনতা পাৰ্টীতো বাদেই মিত্ৰজোট অসম গন পৰিষদ বা বিৰোধী দল ভাৰতীয় জাতীয় কংগ্ৰেছৰো উমঘাম নাই ৷ সমষ্টি পুনৰ নিৰ্ধাৰনে যেন এতিয়া উপকৃত কৰিব বোকাখাতৰ বি জে পিৰ কৰ্মী সকলক ৷ দীৰ্ঘদিন অৱহেলিত হৈ থকাৰ পিচত সমষ্টিৰ পুনৰ নিৰ্ধাৰণে যেন বোকাখাত সমষ্টৰ বিজেপি কৰ্মী সকলৰ মনৰ আশা পুৰ্ণহে কৰিব ৷ সেয়েহে সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ উৎফুল্লিত বোকাখাতৰ বিজেপি কৰ্মী সকল ৷ 

হিমন্ত বিশ্ব শৰ্মাৰ বিস্বস্ত বুলি জনাজাত বোকাখাতৰ জনপ্ৰিয় যুৱ নেতা তথা ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য আকাশ ফুনৰ বাবেও যেন সৌভাগ্যৰ দুৱাৰ মুকলি কৰি দিছে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াই ৷ আকাশ ফুকন বোকাখাত সমষ্টিৰ বাবে বি জে পি দলৰ প্ৰৱল দাবীদাৰ । বোকাখাত সমষ্টিকলৈ সপোন ৰচা যুৱ নেতাজনৰ বাবে এতিয়া বোকাখাত সমষ্টিৰ উপৰিও দেৰগাওঁ আৰু খুমটাই সমষ্টিৰো যেন দুৱাৰ খুলিছে ৷ বিগত সময়ত মিত্ৰ জোটৰ দলপতি অতুল বৰাৰ বাবে অনিচ্চা স্বত্বেও বোকাখাত সমষ্টি এৰি দিব লগা হোৱাৰ পিচত সমষ্টি পুনৰ নিৰ্ধাৰণে যেন বোকাখাতৰ বিজেপি দলৰ ৰণ কৌশলেই সলনি কৰি দিলে ৷

সমষ্টি পুনৰ নিৰ্ধাৰণে গোলাঘাটৰ কেইবাখনো গাওঁ পঞ্চায়তৰ লগতে বোকাখাত সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰাৰ গৃহ পঞ্চায়তক দেৰগাওঁ সমষ্টিত অন্তৰ্ভুক্ত কৰিলে ৷ যাৰ বাবে ৰাজনৈতিক স্বাৰ্থত বোকাখাতৰ বাসিন্দা হলেও মন্ত্ৰী অতুল বৰাৰ পৰিয়াল আৰু মিতিৰ কুটুম সকলো এতিয়া দেৰগাওঁ সমষ্টিৰহে বাসিন্দা হৈ পৰিল ৷ পৰৱৰ্তী বিধানসভা নিৰ্বাচনত সেয়েহে বোকাখাত সমষ্টিতো অতুল বৰাক এৰি দিব লগা হলেই দেৰগাওঁ সমষ্টি নিজৰ হাতত বা দেৰগাওঁ সমষ্টি অগপক দিলে বোকাখাত সমষ্টি নিজৰ হাতত ৰখাৰ সম্ভাৱনা আছে শাসনাধিষ্ঠ বিজেপি দলে ৷ যাৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ কৃপাধন্য আকাশ ফুকনৰ বাবে যিকোনো এটা সমষ্টি পোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰা বুলি মন্তব্য কৰিছে ৰাজনৈতিক বিশ্লেষক সকলে ৷ বি জেপি দলৰ প্ৰাধান্য থকা গোলাঘাটৰ কেইবাখনো গাওঁ পঞ্চায়ত দেৰগাওঁ সমষ্টিলৈ গুচি যোৱাত দেৰগাওঁ সমষ্টিত এতিয়া শক্তিশালী বিজেপি দল ৷ যাৰ বাবে দেৰগাওঁ সমষ্টিৰ লোক সকলেও এতিয়া তেওঁলোকৰ সমষ্টিলৈ আকাশ ফুকন যোৱাতো বিচাৰিছে বুলি দলীয় সুত্ৰত প্ৰকাশ ৷ 

ইয়াৰ বিপৰীতে আগত লোক সভা নিৰ্বাচনত আকাশ ফুকনক কাজিৰঙা সমষ্টিত দলীয় প্ৰাৰ্থীত্ব প্ৰদানৰ দাবীও উত্থাপিত হৈছে ৷ সমষ্টি পুনৰ গঠনৰ পিচত সৃষ্টি হোৱা কাজিৰঙা সাংসদীয় সমষ্টি দখল কৰাতো এতিয়া বিজেপি দলৰ বাবে সহজ হৈ পৰা বুলি মন্তব্য কৰিছে বোকাখাতৰ বিজেপি কৰ্মীয়ে ৷

মন কৰিব লগীয়া যে বোকাখাত সমষ্টিত বিধায়ক হিচাবে মিত্ৰ জোটৰ কেবিনেট মন্ত্ৰী অতুল বৰা থাকিলেও নিজৰ ৰাজনৈতিক বিচক্ষণতা, ধাৰাবাহিক জনসম্পৰ্ক আৰু আৰু জনহিতকৰ কামেৰে জনপ্ৰিয় হোৱা আকাশ ফুকনে বোকাখাত সমষ্টিত নিজৰ নাম চৰ্চাত ৰাখিবলৈ সক্ষম হৈছে ৷ সমষ্টিত বিপদ কালত দুৰ্গতজনৰ কাষত থিয় হৈ সহায়ৰ হাত আগবঢ়োৱা যুৱ নেতাজনৰ জনপ্ৰিয়তাৰ ধাৰাবাহিকতাই শেষতীয়াকৈ বোকাখাত সমষ্টিৰ বিধায়ক মন্ত্ৰী অতুল বৰাকো অস্বস্তি পেলাইছে ৷

ইফালে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ কৰি বোকাখাত সমষ্টিত সাংগঠনিক সৱলতা আনিবলৈ এতিয়াও সক্ষম হোৱা নাই ভাৰতীয় জাতীয় কংগ্ৰেছ ৷ দলটোত স্থানীয় নেতৃত্বৰ অভাৱ সুস্পষ্ট ৷ সমষ্টিৰ পুনৰ নিৰ্ধাৰণে কাজিৰঙা সমষ্টিত এইবাৰ কংগ্ৰেছৰ দুৰ্গ স্বৰূপ পুৰ্বৰ কলিয়াবৰ সমষ্টিৰ দলটোৰ ভোট বেংক নাথাকিব বুলি চৰ্চাও চলিছে ৷ অন্যহাতে বোকাখাতত এতিয়ালৈকে অসম জাতীয় পৰিষদ বা আপৰ কোনো সাংগঠনিক সক্ৰিয়তাও দেখিবলৈ পোৱা নাই  ৷ 

*******