ভাবুকিৰ পাছতে ট্রাম্পৰ সুৰ সলনি, মোদীক উচচ প্রশংসা

ভাবুকিৰ পাছতে ট্রাম্পৰ সুৰ সলনি, মোদীক উচচ প্রশংসা
Image Courtesy : The Tribune

আমেৰিকাক হাইড্রক্সিক্লৰ’কুইন টেবলেট যোগান নধৰিলে ভাৰতে গুৰুতৰ পৰিণাম ভোগ কৰিব লাগিব বুলি আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে ভাৰতক ভাবুকি দিয়াৰ এদিনৰ পাছতে ট্রাম্পে সুৰ সলনি কৰিলে৷ আমেৰিকাত কভিড-১৯ ৰোগীৰ সংখ্যা দ্রুত বৃদ্ধি পোৱাৰ কাৰণে ৰোগীসকল আৰু চিকিৎসা কর্মীসকলৰ বাবে মেলেৰিয়া-প্রতিৰোধী হাইড্রক্সিক্লৰ’কুইন বিচাৰি ট্রাম্পে ভাৰতক আহবান জনাইছিল৷

কডিভ-১৯ত এই ঔষধটোৱে কাম দিয়ে বুলি চিকিৎসা বিজ্ঞানীসকলে প্রকাশ কৰাৰ পাছত আন বহু দেশে ভাৰতৰ পৰা এই ঔষধ বিচাৰিছে৷ ভাৰতক ভাবুকি দিয়াৰ পাছত ট্রাম্পে এতিয়া সুৰ সলনি কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীক প্রশংসা কৰিছে৷ তদুপৰি, কৰ’না ভাইৰাছৰ মহামাৰী চম্ভলাত লোৱা ব্যৱস্থাৰ বাবে ভাৰতকো তেওঁ প্রশংসা কৰিছে৷

ট্রাম্পে কয় যে আমেৰিকাই ভাৰতৰ পৰা ১৯ মিলিয়ন (২ কোটি ৯০ লাখ) হাইড্রক্সিক্লৰ’কুইন আনিলে আৰু এতিয়া ভাৰতকো এই ঔষধৰ প্রয়োজন হোৱাত তেওঁলোকে ঔষধবিধৰ ৰপ্তানি বন্ধ কৰিছে৷ বক্স নিউজক দিয়া এই সাক্ষাৎকাৰত ট্রাম্পে কয়, ‘মই কোটি কোটি হাইড্রক্সিক্লৰ’কুইন আনিলোঁ৷ ২৯ মিলিয়নতকৈও বেছি৷

মই প্রধানমন্ত্রী মোদীৰ সৈতে কথা পাতিছিলোঁ, ইয়াৰ (হাইড্রক্সিক্লৰ’কুইন) যথেষ্টখিনি আহিছে ভাৰতৰ পৰা৷ মই তেওঁক সুধিছিলোঁ আৰু দিব নেকি? তেওঁ মহান৷ তেওঁ সঁচাই ভাল৷ ভাৰতকো এই ঔষধৰ প্রয়োজন হৈছে৷ সেই কাৰণে তেওঁলোকে বন্ধ কৰি দিছে৷’ উল্লেখযোগ্য যে ট্রাম্পৰ ভাবুকিৰ পাছত কালি ভাৰতে কৈছিল যে হাইড্রক্সিক্লৰ’কুইন আৰু পেৰচিটামলৰ ঘৰুৱা প্রয়োজন কিমান সেইটো প্রথমতে বিবেচনা কৰা হ’ব আৰু তাৰ পাছতহে বিদেশলৈ ৰপ্তানি কৰা হ’ব৷

প্রথমতে ভাৰতৰ প্রয়োজন পূৰণ কৰা হ’ব আৰু কিমান ঔষধৰ প্রয়োজন হ’ব সেইটো নির্ধাৰণ কৰা হ’ব৷ তাৰ পাছত বাকী ৰোৱা ঔষধ বিদেশলৈ ৰপ্তানি কৰা হ’ব৷ আন বহু দেশে ভাৰতৰ পৰা এই ঔষধ বিচাৰিছে৷ উল্লেখযোগ্য যে ট্রাম্প আৰু মোদীয়ে যোৱা সপ্তাহত ফ’নত কথা পাতিছিল আৰু তেতিয়া ট্রাম্পে হাইড্রক্সিক্লৰ’কুইনৰ বাবে আমেৰিকাই দিয়া অর্ৰৰ ক্ষেত্রত ভাৰতে আৰোপ কৰা নিষেধাজ্ঞা প্রত্যাহাৰ কৰিবলৈ মোদীক আহবান জনাইছিল৷

ভাৰত এই ঔষধ উৎপাদন কৰা অন্যতম বৃহৎ দেশ৷ আমেৰিকাৰ খাদ্য আৰু ঔষধ প্রশাসনে এই ঔষধ কভিড-১৯ৰ সম্ভাব্য চিকিৎসা বুলি চিনাক্ত কৰিছে আৰু নিউয়র্কত ১৫০০ কৰ’না ভাইৰাছ ৰোগীক দি পৰীক্ষা চলোৱা হৈছে৷ ইফালে, নিউজার্ছি ভিত্তিক আমনীল ফার্মাচিউটিকেলছ নামৰ এটা ঔষধ উৎপাদনকাৰী প্রতিষ্ঠানে আমেৰিকাক ৩.৪ মিলিয়ন হাইড্রক্সিক্লৰ’কুইন ছালফেট টেবলেট দান দিবলৈ অংগীকাৰ কৰিছে৷ এই কোম্পানীটোৰ গৰাকী ভাৰতীয় আমেৰিকান বিলিয়নাৰ চিৰাগ আৰু চিণ্টু পেটেল৷