বোকাখাতৰ প্ৰয়াস নাট্য বিদ্যালয়ৰ কৰ্মশালাৰ সামৰণি : সৰু সৰু মনৰ খোজেৰে পৃথিৱী চাবলৈ যাওঁ শীৰ্ষক নাটকৰ মঞ্চায়ন :

বোকাখাতৰ প্ৰয়াস নাট্য বিদ্যালয়ৰ কৰ্মশালাৰ সামৰণি : সৰু সৰু মনৰ খোজেৰে পৃথিৱী চাবলৈ যাওঁ  শীৰ্ষক নাটকৰ মঞ্চায়ন :
Aiidesh photo

Aiidesh News : 27 July 2023 :

সাম্প্ৰতিক সময়ৰ শিশু মনস্তত্বৰ ওপৰত প্ৰভাৱ পেলোৱা ম'বাইল ফোনৰ ব্যৱহাৰৰ ওপৰত আধাৰিত এখন শিশু নাট ৰ মঞ্চায়ণেৰে ২৬ জুলাইত বোকাখাতৰ প্ৰয়াস নাট্যবিদ্যালয়ৰ শিশু নাট কৰ্মশালা বকুল তলত আকৌ ১৫ দিনীয়া শিশু নাট আখৰাৰ সামৰণি পৰে ৷

বোকাখাতৰ প্ৰয়াস নাট্য বিদ্যালয়ৰ স্থায়ী মঞ্চত পৰিচালক-প্ৰশিক্ষক ৰাতুল ফুকনৰ পৰিচালনাত মঞ্চস্থ হয় সৰু সৰু মনৰ খোজেৰে পৃথিৱী চাবলৈ যাওঁ নামৰ নাটক খনৰ ৷ নাটক খনত অভিনয় কৰে কৰ্মশালাত অংশগ্ৰহন কৰা ২৬ গৰাকী শিশু শিল্পীয়ে ।

সামৰণি অনুষ্ঠানত উপস্থিত থাকি  বিশিষ্ট নাট্যকৰ্মী চিমি গোস্বামীয়ে শিশুৰ মনস্তত্বৰ ওপৰত  ম'বাইল ফোনে এক ভয়ংকৰ প্ৰভাৱ পেলাইছে  বুলি মন্তব্য প্ৰকাশ কৰে ৷ জিলমিল ৰ'দালি আৰু ৰাতুল ফুকনে আঁত ধৰা কৰ্মশালাৰ সামৰণিৰ নাট্য সন্ধ্যাৰ শুভ উদ্বোধন কৰে বিশিষ্ট আবৃত্তিকাৰ তথা প্ৰয়াস কাব্য কাননৰ সঞ্চালক ড৹ গায়ত্ৰী বৰা কাকাতিয়ে । অনুষ্ঠানৰ প্ৰাক্ ক্ষণত সদ্য প্ৰয়াত গণশিল্পী সুদক্ষিনা শৰ্মা, লোকশিল্পী উমাকান্ত বৈৰাগী, ঋষিকেশ শৰ্মা, বিজয় শংকৰ শইকীয়াক বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে নাট্য বিদ্যালয়ৰ সঞ্চালক অমৰ কাকতি আৰু প্ৰয়াস সংগীত-কলা একাডেমিৰ অধ্যক্ষ বীৰেন দাস । 

অনুষ্ঠানত বিভিন্ন প্ৰান্তৰ সচেতন দৰ্শকৰ লগতে সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি জিতুশৰ্মা ৰাজখোৱা, নাট্যকাৰ অমৰ শৰ্মা, সাংস্কৃতিক কৰ্মী মনো বৰা , প্ৰবক্তা বিদ্যুৎ শইকীয়া আদি বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে ৷ 

********