ভাৰতৰ ভিতৰত প্ৰথম বাৰৰ বাবে উপগ্ৰহ সংযুক্ত সঁজুলি সংস্থাপিত কৰি মুকলি কৰা বৰকাছৰ সৈতে সংযোগ স্থাপন : উৎফুল্লিত বিশেষজ্ঞৰ দল : সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীৰো বাৰ্তা :
Aiidesh News : 15 May - 2026 :
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ বিশ্বনাথ বন সংমণ্ডলত উপগ্ৰহৰ সৈতে সংযুক্ত উচ্চ প্ৰযুক্তিৰ যন্ত্ৰ সংস্থাপন কৰি মুকলি কৰা কোমল চলং যুক্ত বৰকাছটোৰ সৈতে আজি উপগ্ৰহৰ জড়িয়তে সংকেট লাভ কৰি উৎফুল্লিত হৈ পৰিছে বিশেষজ্ঞ সকল । গংগা প্ৰজাতিৰ এই বৰ কাছটো কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ কাঠনিবাৰী অঞ্চলৰ ব্ৰহ্মপুত্ৰ নদী আৰু বৰগাং নদীৰ সংগমস্থলত ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ বিজ্ঞানী আৰু গৱেষক দলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষৰ সহযোগত কৰায়ত্ব কৰিছিল । ইয়াৰ পিচতেই যোৱা ২৮ এপ্ৰিলত এই বৰ কাছটোৰ শৰীৰত উপগ্ৰহৰ সৈতে সংযুক্ত এক উচ্চ প্ৰযুক্তিৰ যন্ত্ৰ সংস্থাপিত কৰি কৰায়ত্ব কৰা স্থানতেই পুনৰ মুকলি কৰি দিয়া হৈছিল যাতে উপগ্ৰহৰ সৈতে সংযুক্ত যন্ত্ৰৰ সহায়ত লাভ কৰা তথ্যৰ আধাৰত বৰকাছটোৰ আচৰন,পৰিভ্ৰমনৰ , আৱাসস্থান আদিৰ বিষয়ে সবিশেষ তথ্য লাভ কৰি বৰকাছৰ বিষয়ে অধিক অধ্যয়ন কৰিব পৰা যায় । এই প্ৰচেষ্টা ভাৰতৰ ভিতৰতেই প্ৰথম বাৰৰ বাবে কাজিৰঙাৰ বিশ্বনাথ সংমণ্ডলত ৰূপায়ন কৰিছিল ডেৰাডুনত থকা ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানে । ২৮ এপ্ৰিলত মুকলি কৰি দিয়া এই বৰকাছটোৰ সৈতে আজি উপগ্ৰহৰ সৈতে সফলভাৱে সংযোগ স্থাপন কৰিবলৈ সক্ষম হয় এই অভিযানৰ সৈতে জড়িত বিশেষজ্ঞ সকলে । আজি বৰকাছটোৰ সৈতে সংযোগ স্থাপনৰ পিচতেই উৎফুল্লিত হৈ পৰিছে সকলো ।
আজি বিশ্ব বিপন্নপ্ৰায় প্ৰজাতিৰ দিৱসৰ দিনা ভাৰতৰ ভিতৰত প্ৰথম বাৰৰ বাবে উপগ্ৰহ সংযুক্ত সঁজুলি স্থাপন কৰি সফল ভাৱে বৰকাছ পুনৰসংস্থান আঁচনি ৰূপায়ন কৰাৰ এই ঘটনাই এক নতুন ইতিহাসৰ সৃষ্টি কৰা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাও সামাজিক মাধ্যমৰ জৰিয়তে সদৰি কৰিছে । মুখ্যমন্ত্ৰী গৰাকীৰ মতে অসমৰ বাবে এইয়া গৌৰৱৰ মুহূৰ্ত, কাৰণ আমি আমাৰ বনাঞ্চলত থকা প্ৰতিটো প্ৰজাতিক সুৰক্ষিত ৰাখিবলৈ প্ৰতিশ্ৰুতিবদ্ধ” বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰিছে ।
উল্লেখ্য যে অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকা বিশ্বৰ নদীপৰীয়া কাছ সংৰক্ষণৰ ক্ষেত্ৰত অন্যতম গুৰুত্বপূৰ্ণ অঞ্চল । ২১ টা প্ৰজাতি কাছৰ ভিন্নতাই অসমক এচিয়াৰ ভিতৰত কাছৰ বৈচিত্ৰতাৰ ভঁৰাল হিচাপে পৰিগণিত কৰিছে । ভাৰতত পোৱা ৮ টা প্ৰজাতিৰ কোমল চলংযুক্ত কাছৰ ভিতৰত ৫ টা কেৱল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতে পোৱাতো বিশেষভাৱে উল্লেখনীয় । ডেৰাডুনত থকা ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ জ্যেষ্ঠ বিজ্ঞানী তথা কাজিৰঙাৰ বৰকাছ পুনৰসংস্থাপনৰ সৈতে জড়িত ড° অভিজিৎ দাসৰ মতে “কাছৰ ঋতুকালীন প্ৰব্ৰজন , বাসস্থানৰ পৰিসৰ আৰু প্ৰজনন ক্ষেত্ৰ চিনাক্ত কৰাটো ব্ৰহ্মপুত্ৰ উপত্যকাত পোৱা কোমল চলংযুক্ত বৰকাছৰ সক্ৰিয় ব্যৱস্থাপনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ” ।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত উপগ্ৰহ সংযুক্ত প্ৰযুক্তিৰে বৰকাছ পুনৰ সংস্থাপন কৰা এই প্ৰকল্পটো কেন্দ্ৰীয় পৰিবেশ, বন আৰু জলবায়ু পৰিৱর্তন মন্ত্ৰালয়ৰ দ্বাৰা ড° অভিজিত দাসৰ নেতৃত্বত ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানে ৰুপায়ন কৰে । জানিব পৰা মতে অসম চৰকাৰৰ বন বিভাগ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ সহযোগিতা আৰু নেচনেল জিঅ’গ্ৰাফীক চ’চাইটিৰ আৰ্থিক সহযোগিতাৰে বিশ্বনাথ বন সংমণ্ডলত উপগ্ৰহৰ সহায়ত নিৰীক্ষণ কৰিব পৰা বৰকাছ পুনৰসংস্থাপনৰ এই অভিযান চলোৱা ৰূপায়ন কৰা হৈছে । আজিৰে পৰা বৰকাছটোৰ লগত উপগ্ৰহৰ জড়িয়তে সংযোগ স্থাপনৰ পিচত বৰকাছটোৰ গতি বিধি নিয়মিত ভাৱে নিৰীক্ষণ কৰিব বিশেষজ্ঞ সকলে ।
*********



