ৰোগ্য সঞ্জীৱনী স্বাস্থ্য বীমা পলিচি -এক নতুন আশা

ৰোগ্য সঞ্জীৱনী স্বাস্থ্য বীমা পলিচি -এক নতুন আশা

শেহতীয়াকৈ এচবিআই জেনাৰেল ইনচ্যুৰেন্সে মুকলি কৰিছে ষ্টেণ্ডাৰ্ড স্বাস্থ্য বীমা পলিচি— আৰোগ্য সঞ্জীৱনী স্বাস্থ্য বীমা পলিচি। এই পলিচিত 1 লাখৰ পৰা 5 লাখ টকালৈকে নিশ্চিত ৰাশিৰ সৈতে ভাৰতৰ যি কোনো ঠাইত হস্পিটেলত ভৰ্তি হোৱাৰ খৰচ পোৱা যাব।

এচবিআই জেনাৰেল ইনচ্যুৰেন্সৰ এমডি তথা চিইঅ’পুষণ মহাপাত্ৰই কয়, “আৰোগ্য সঞ্জীৱনী মুকলি হোৱাৰ নতুন এই পৰিস্থিতিক আদৰণি জনাবই লাগিব কিয়নো ইয়াক ভাৰতীয় বীমা নিয়ামক আৰু উন্নয়ন কৰ্তৃপক্ষ (IRDAI)-ৰ দৃষ্টান্তত তৈয়াৰ কৰা হৈছে। ইয়াত আছে ষ্টেণ্ডাৰ্ডকভাৰেজ আৰু সুলভ প্ৰিমিয়ামৰ সুবিধা। আমাৰ দেশৰ বিভিন্ন শ্ৰেণীৰ মানুহৰ মাজত স্বাস্থ্য বীমাৰ সুবিধা কঢ়িয়াই লৈ যোৱাৰ দিশটোত উন্নতিৰ ক্ষেত্ৰত থকা নিয়ামক উদ্দেশ্য পূৰণত ই সহায়ক হৈ উঠিব বুলি আমাৰ বিশ্বাস। আমাৰ লগত আছে এচবিআই-ৰ দৰে বিশ্বস্ত ব্ৰেণ্ডনেম আৰু লগতে আছে অপ্ৰতিদ্বন্দ্বী বিতৰণ ব্যৱস্থা। যাৰ ফলত গাঁও অঞ্চলৰ লগতে টায়াৰ 2 আৰু 3 লোকেশ্বনসমূহত এই পণ্যক সফলভাৱে বিপণন কৰাৰ অৱস্থানত আছোঁ আমি। আমাৰ আটাইবোৰ বিতৰণ মাধ্যমত এই পণ্যক উপলব্ধ কৰাটোক নিশ্চিত কৰিছোঁ আমি।”

তেওঁ আৰু কয়, “আমি নিশ্চিত, এই পণ্যৰ জৰিয়তে আমি আৰু অধিক সংখ্যক গ্ৰাহকক বীমা সুবিধাৰ অন্তৰ্ভুক্ত কৰিব পাৰিম। এচবিআই জেনাৰেলৰ স্বাস্থ্য বীমাসমূহৰ মাজত আছে আৰোগ্য প্ৰিমিয়াৰ, আৰোগ্য প্লাচ আৰু আৰোগ্য টপ আপ ইত্যাদি। এইবোৰৰ লগতে আৰোগ্য সঞ্জীৱনী মুকলি কৰিবলৈ পাই আমি নথৈ আনন্দিত হৈছোঁ।”

হস্পিটেলত কোভিড-19’ৰ চিকিৎসা ব্যয়ৰ দায়িত্ব গ্ৰহণ কৰিব আৰোগ্য সঞ্জীৱনীয়ে আৰু লগতে এই ধৰণৰ পৰিস্থিতিত সুলভ স্বাস্থ্য সেৱা লাভ কৰাৰ ক্ষেত্ৰতো সহায়ক হৈ উঠিব।

এই পলিচিৰ বিষয়ে বিতংকৈ জানিবলৈ গ্ৰাহকসকলে এচবিআই জেনাৰেল ইনচ্যুৰেন্সৰ এই ওৱেবচাইট চাব পাৰে – https://www.sbigeneral.in/portal/