নাগালেণ্ডত নিষিদ্ধ হ’ল কুকুৰৰ মাংস -কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ

 

নাগালেণ্ডৰ চৰকাৰে জুলাইৰ ৪ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ কুকুৰ আৰু কুকুৰৰ মাংসৰ সকলোধৰণৰ বাণিজ্যিক আমদানি আৰু বিক্ৰীত প্ৰতিবন্ধকতা আৰোপ কৰিছে । যোৱা মার্চ মাহত মিজোৰামেও এই পদক্ষেপ গ্ৰহণ কৰিছিল । চুবুৰীয়া ৰাজ্য খনৰ মুখ্য সচিব টেমজেম টয়-এ জনোৱা মতে নাগালেণ্ডত কুকুৰৰ কেঁচা মাংস আৰু ৰন্ধা মাংস নিষিদ্ধ কৰা হৈছে; লগতে কোনেও কুকুৰ বা কুকুৰৰ মাংস বিক্ৰী তথা আমদানি কৰিব নোৱাৰিব । মুখ্যমন্ত্ৰী নেফিউ ৰিঅ’ই এখন কেবিনেট বৈঠক অনুষ্ঠিত কৰি এই সিদ্ধান্ত গ্ৰহণ কৰে বুলি জানিবলৈ দিয়ে মুখ্য সচিব গৰাকীয়ে । আজি কিছুদিন ধৰি Federation of Indian Animal Protection Organization নামৰ বেচৰকাৰী প্ৰতিষ্ঠানটোৱে এই পদক্ষেপৰ কাৰণে হেঁচা প্ৰয়োগ কৰি আহিছিল ।ল্লেখযোগ্য যে অসম আৰু পশ্চিম বংগৰ পৰা কুকুৰ চোৰাং ভাৱে প্ৰেৰণ কৰাৰ বাতৰিয়ে অহৰহ সংবাদ মাধ্যমত শিৰোনাম দখল কৰে । আন গৰাকী পশু সুৰক্ষা কর্মীয়ে জনোৱা মতে অসমৰ পৰা ৫০ টকা মূল্যত কুকুৰবোৰ ধৰি লৈ গৈ নাগালেণ্ডৰ পাইকাৰী বজাৰত ১০০০ টকা মূল্যত বিক্রী কৰা হয় আৰু পাছত প্ৰতি কিলোত ২০০ টকাকৈ কুকুৰৰ মাংস বিক্ৰী কৰা হয়