বোকাখাতৰ বেষ্ট একাডেমি ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস : আন্তঃবিদ্যালয় ৰচনা প্ৰতিযোগিতা :
বোকাখাতৰ ৱেষ্ট একাডেমিৰ ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস : আন্ত: বিদ্যালয় ৰচনা প্ৰতিযোগিতা :
Aiidesh News : 7 September 2023 :
বোকাখাতৰ ৱেষ্ট একাডেমিৰ ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বোকাখাতৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰা হয় ৷ স্থানীয় বিভিন্ন বিদ্যালয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল । প্ৰায় ১০ খনৰো অধিক বিদ্যালয়ে অংশগ্ৰহণ কৰা এই ৰচনা প্ৰতিযোগিতাৰ বিষয় আছিল বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ ক্ষেত্ৰখনত ইচ'ৰো ৰ অৱদান আৰু চন্দ্ৰযান-৩ । এই ৰচনা প্ৰতিযোগিতাত অষ্টম, নৱম আৰু দশম শ্ৰেণীৰ ল'ৰা-ছোৱালীয়ে অংশগ্ৰণ কৰিছিল । ৬ আগষ্টত ঘোষণা কৰা ৰচনা প্ৰতিযোগিতাৰ ফলাফল অনুসৰি বোকাখাত টাউন হাইস্কুলৰ দশম শ্ৰেণীৰ মেৰিনা কুটুমে প্ৰথম স্থান, ৰজাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ শান্তিপ্ৰিয়া লইংয়ে দ্বিতীয় স্থান আৰু বোকাখাতৰ খ্ৰীষ্টজ্যোতি হাইস্কুলৰ অষ্টম শ্ৰেণীৰ কংকন দাসে তৃতীয় স্থান লাভ কৰে ৷ ৭ ছেপ্তেমবৰত বেষ্ট একাডেমীৰ ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত স্থান লাভ কৰা প্ৰতিযোগি সকলক বঁটা আৰু মানপত্ৰ প্ৰদান কৰা হয় ৷
**********