বিৰল মহাজগতিক ঘটনা : ৩০ আগষ্টৰ নিশা আকাশত দৃশ্যমান হ'ব নীলা চন্দ্ৰ বা চুপাৰ ব্লু মুন :

বিৰল মহাজগতিক ঘটনা : ৩০ আগষ্টৰ নিশা আকাশত দৃশ্যমান হ'ব নীলা চন্দ্ৰ বা চুপাৰ ব্লু মুন  :
Google

বিৰল মহাজাগতিক পৰিঘটনা : ৩০ আগষ্টৰ নিশা আকাশত দৃশ্যমান হ'ব নীলা চন্দ্ৰ , চুপাৰ ব্লু মুন  বা নীলা জোনবাই :

Aiidesh News  : 30 August 2023  :

২০২৩ চনৰ ৩০ আগষ্টৰ দিনটোত চন্দ্ৰৰ এক বিৰল মহাজাগতিক দৃশ্য নিশাৰ আকাশত দেখিবলৈ পোৱা যাব ।  ৩০ আগষ্টৰ পূর্ণিমাৰ দিনা বিশ্ববাসীয়ে ব্লু মুনৰ এই মহাজাগতিক দৃশ্যটো নিশাৰ আকাশত দেখিবলৈ পাব ৷ প্ৰকৃততে দুটা পৰিঘটনাৰ সমন্বয়ৰ পৰা এই দৃশ্য প্ৰকট হ'ব ৷ এই মহাজাগতিক পৰিঘটনাৰ সময়ৰ জোনটোক  নীলা চন্দ্ৰ,  নীলা জোন বা চুপাৰ ব্লু মুন বুলি বিজ্ঞানী সকলে অভিহিত কৰিছে ৷ এই সময়ত উপগ্ৰহ চন্দ্ৰ পৃথিৱীৰ নিকটতম স্থানত অৱস্থান গ্ৰহন কৰিব বাবে পৃথিবীৰ পৰা চন্দ্ৰ আগতকৈ ডাঙৰ দেখা যাব ৷ ৩০ আগষ্টৰ আকাশত সেয়েহে চন্দ্ৰক ডাঙৰ আৰু উজ্জ্বল ভাৱে চুপাৰ মুনৰ আকাৰত দেখা যাব ৷ দৰাচলতে পৃথিবীৰ পৰা দৃশ্যমান হোৱা এই চুপাৰ মুন বছৰটোৰ আটাইতকৈ ডাঙৰ উজ্জ্বল আৰু সৰ্বশ্ৰেষ্ঠ চন্দ্ৰ হিচাবে উজ্বলি উঠিব । ৩০ আগষ্টৰ নিশাৰ এই মহাজাগতিক পৰিঘটনাটো ইয়াৰ পিছত বহু বছৰলৈ পুনৰ সংঘটিত নহ'ব ৷ সেয়েহে এই ঘটনাটো অতি গুৰুত্বপূর্ণ বুলি বিবেচিত ৷

৩০ আগষ্টৰ নিশাৰ উজ্বলি উঠা চন্দ্ৰৰ এই বিৰল অৱস্থাক চুপাৰ ব্লু মুন বা নীলা চন্দ্ৰ বুলি কোৱা হৈছে যদিও প্ৰকৃততে নিশা ইয়াৰ ৰঙ নীলা নহৈ কমলা বৰণৰহে হ'ব ৷ চুপাৰ ব্লু মুন এই পৰিঘটনা বছৰত এতিয়ালৈকে দৃশ্যমান হোৱা তৃতীয়টো সর্ববৃহৎ চন্দ্ৰ ৰূপে প্ৰকট হ'ব ৷

৩০ আগষ্টৰ নিশা পূৰ্ণিমা আৰম্ভ হ'ব আৰু পূৰ্ণিমা সাধাৰণতে প্ৰতি ৩০ দিনত অৰ্থাৎ মাহত এবাৰকৈ দেখিবলৈ পোৱা যায় । কিন্তু যেতিয়া এমাহত পূর্ণিমা দুবাৰকৈ হয় , তেতিয়া দ্বিতীয় পূৰ্ণিমাৰ দিনা ওলোৱা চন্দ্ৰক নীলা চন্দ্ৰ বা ব্লু মুন বুলি কোৱা হয় । মহাকাশ গৱেষণা সন্থা নাছাৰ মতে, ব্লু মুনৰ হৈছে চাৰিটা পূৰ্ণিমাৰ তৃতীয় পূর্ণিমাটোয়েই  ব্লু মন বা নীলা চন্দ্ৰ হিচাবে আকাশত দৃশ্যমান হয় ৷ আনহাতে, ব্লু মুনে একেটা কেলেণ্ডাৰ মাহৰ ভিতৰত হোৱা দ্বিতীয় পূর্ণিমাক বুজায় গতিকে, এটা ব্লু মুন হৈছে কেৱল এটা কেলেণ্ডাৰ মাহৰ দ্বিতীয় পূৰ্ণিমাত হোৱাৰ বাবে দিয়া নাম । উল্লেখ্য যে আগষ্ট ১ তাৰিখৰ নিশা একেমাহৰ প্ৰথম পূর্ণিমা নিশাৰ আকাশত দৃশ্যমান হৈছিল । সময় আৰু তাৰিখ অনুসৰি, যিহেতু চন্দ্ৰৰ এটা সময় গড়ে ২৯.৫ দিন থাকে আৰু ১২ টা চন্দ্ৰ চক্ৰ প্ৰকৃততে ৩৫৪ দিনত সম্পূর্ণ হয় । সেয়েহে, ১৩ তম পূৰ্ণিমা প্রতি ২.৫ বছৰত এবাৰ বা এটা নিৰ্দিষ্ট বছৰতহে  দেখিবলৈ পোৱা যায় । এই এয়াদশ পূর্ণিমাকে  ব্লু মুন বুলি কোৱা হয় ।

উপগ্ৰহ চন্দ্ৰৰ পৃথিৱীৰ ২৯ দিনীয়া কক্ষপথ অনুসৰি ই এটা কেলেণ্ডাৰ মাহত দ্বিতীয় পূর্ণিমা হ'ব, যাৰ ফলত ইয়াক ‘চুপাৰ ব্লু মুন' হিচাপে আলোকিত হ'ব । চুপাৰমুন বা ব্লুমুন সদায় দেখা চন্দ্ৰতকৈ ১৬ শতাংশ উজ্জ্বল হ'ব । ইয়াৰ উপৰিও ৩০ আগষ্টৰ নিশা চন্দ্ৰৰ আকাৰ সাধাৰণ পূর্ণিমাতকৈ ডাঙৰ হ'ব ৷ মহাকাশ গৱেষণা সন্থা নাছাৰ মতে উপগ্ৰহ চন্দ্ৰ পূৰ্ণ হ'লে আৰু ইয়াৰ কক্ষপথ পৃথিৱীৰ আটাইতকৈ ওচৰত থাকিলে এই পৰিঘটনা সংঘটিত হয় ।

সূর্যাস্তৰ ঠিক পিচতে গধূলিৰ আকাশত এই চুপাৰ ব্লু মুন বা নীলা চন্দ্ৰ দেখিবলৈ পোৱা যাব ৷ ব্লু চুপাৰমুন ৩০ আগষ্টৰ সন্ধিয়া ৬ বাজি ৩৫ মিনিটত সন্ধিয়াৰ আকাশত দেখিবলৈ পোৱা যাব ৷ সন্ধিয়া ৮ বাজি ৩৭ মিনিটত চুপাৰ ব্লু মুনে ইয়াৰ সৰ্বাধিক উজ্জ্বলতাৰে উজ্বলি উঠিব ৷

মহাকাশ সন্থা নাছাৰ মতে, ব্লু চুপাৰমুন বা নীলা চন্দ্ৰ এক অতি বিৰল পৰিঘটনা । মহাজাগতিক পৰিস্থিতিৰ বাবে এই পৰিঘটনা প্রতি দহ বছৰত  এবাৰহে দেখাবলৈ পোৱা যায় । কিন্তু কেতিয়াবা, নীলা চুপাৰমুনৰ মাজৰ ব্যৱধান বিশ বছৰলৈকে হ'ব পাৰে । সেয়েহে পৰৱৰ্তী চুপাৰ ব্লু মুন ২০৩৭ চনৰ জানুৱাৰী আৰু মাৰ্চত হোৱাৰ সম্ভাৱনা আছে ৷ 

******