কাজিৰঙাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ উদ্যোগত ভাৰতৰ ইন্টাৰনেচনেল বিগ কেট এলায়েঞ্চ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ সহযোগত আন্ত:ৰাষ্ট্ৰীয় কৰ্মশালা : বিশ্বৰ ২৭ দেশৰ ৪৪ প্ৰতিনিধিৰ অংশগ্ৰহন :
Aiidesh News : 11 February 2025 :
ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ দ্যা ইণ্ডিয়ান টেকনিকেল এণ্ড ইক'নমিকচ ক'অপাৰেচন প্ৰগেমৰ অধিনত আজিৰে পৰা কাজিৰঙাৰ ৰয়েল দি কাচা নামৰ ৰিজ'ৰ্ট খনত আৰম্ভ হৈছে ছয় দিনীয়া এক আন্ত:ৰাষ্ট্ৰীয় কৰ্মশালা ৷ ভাৰতে ব্যঘ্ৰ প্ৰকল্পৰ লগত সংগতি ৰাখি আৰম্ভ কৰা ইন্টাৰনেচনেল বিগ কেট এলায়েঞ্চ নামৰ মঞ্চ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল কৰ্তৃপক্ষৰ সহযোগত আয়োজিত এই কৰ্মশালাত বিশ্বৰ ২৭ খন ৰাষ্ট্ৰীৰ ৪৪ গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহন কৰিছে ৷ পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তত কৰ্মৰত বিশেষজ্ঞ সকলৰ দক্ষতা বৃদ্ধিৰ বাবে আয়োজিত এই কৰ্মশালাৰ আজি বিয়লি কাজিৰঙাৰ দূৰ্গাপুৰত থকা ৰয়েল দি কাচা নামৰ ৰিজ'ৰ্টখনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় ৷
এই কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানত অসম চৰকাৰৰ পৰিৱেশ আৰু বন দপ্তৰৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীক মুখ্য অতিথি হিচাবে অনুষ্ঠানলৈ আদৰণী জনায় বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষক সন্দীপ কুমাৰে ৷ পৰৱৰ্তী সময়ত মুখ্য অতিথি আৰু অন্যান্য গণ্যমান্য ব্যক্তিসকলৰ দ্বাৰা বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ আৰম্ভনী কৰা হয় ৷
অনুষ্ঠানৰ আৰম্ভনীতেই অসম চৰকাৰৰ প্ৰধান মুখ্য বন সংৰক্ষক আৰু সন্দীপ কুমাৰ আৰু আয়োজক সংগঠনৰ হৈ ইন্টাৰনেচনেল বিগ কেট এলায়েঞ্চৰ অন্তৱৰ্তীকালীন সঞ্চালক প্ৰধান ড০ সত্য প্ৰকাশ যাদৱে ভাষণ প্ৰদান কৰে ৷ আমন্ত্ৰিত অতিথিৰ হৈ কেবিনেট মন্ত্ৰী অতুল বৰাই প্ৰদান কৰা ভাষণৰ পিচতেই ভাৰত চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তনৰ কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দৰ যাদৱে ভিডিঅ' বাৰ্তাৰে বিভিন্ন দেশৰ প্ৰতিনিধি সকলক শুভেচ্ছা জ্ঞাপন কৰে ৷ ইয়াৰ পিচতেই অসম চৰকাৰৰ পৰিৱেশ আৰু বন, আইন, পূৱ নীতি, সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে মুখ্য অতিথিৰ ভাষন প্ৰদান কৰি অসমত বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ বাবে চৰকাৰে লোৱা গুৰুত্বপূৰ্ণ পদক্ষেপ আৰু সাম্প্ৰতিক পটভুমি বাখ্যা কৰে ৷ আজিৰ এই উদ্বোধনী অনুষ্ঠানত অসমৰ প্ৰধান মুখ্য বন সংৰক্ষক আৰু বনবল মুৰব্বী ড০ বিনয় গুপ্তাৰ, অসমৰ অৱসৰ প্ৰাপ্ত প্ৰধান মুখ্য বনসংৰক্ষক বন্যপ্ৰাণী বিশেষজ্ঞ এন কে বাসু, মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক চি, ৰমেশ, গোলাঘাট জিলা আয়ুক্ত পুলক মহন্ত আৰু গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙো উপস্থিত থাকে ৷
বিয়লিলৈ আয়োজিত কৰ্মশালাৰ প্ৰথম অধিবেশনত ইন্টাৰনেচনেল বিগ কেট এলায়েঞ্চৰ সঞ্চালক ড০ সত্য প্ৰকাশ যাদৱে ভাৰতত মেকুৰী প্ৰজাতিৰ বন্যপ্ৰাণী সংৰক্ষণ প্ৰত্যাহ্বান আৰু প্ৰচেষ্টাৰ অৱলোকন কৰে ৷ আন্তৰ্জাতিক বিগ কেট এলায়েন্স আৰু বিশ্বব্যাপী বন্যপ্ৰাণী সংৰক্ষণৰ ভৱিষ্যত ইন্টাৰনেচনেল বিগ কেট এলায়েঞ্চৰ সৌমিত্ৰ দাসগুপ্তাই সচিত্ৰ উপস্থাপন কৰাৰ লগতে অসম চৰকাৰৰ মুখ্য বন সংৰক্ষক আৰু মুখ্য বন বল ড০ বিনয় গুপ্তাই অসমত ঢেকীয়াপতীয়া বাঘৰ স্থিতি আৰু সংৰক্ষণৰ ওপৰতো আলোচনা আগবঢ়ায় ৷ সন্ধিয়ালৈ বিদেশৰ পৰা অহা প্ৰতিনিধি সকলৰ সন্মানাৰ্থে আয়োজিত সাংস্কৃতিক অনুষ্ঠানত কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱবৈচিত্ৰ উদ্যানৰ শিল্পী সকলে অসমৰ পৰম্পৰাগত লোক নৃত্য আৰু সত্ৰীয়া সংস্কৃতিৰ আকৰ্ষনীয় কাৰ্যসুচী প্ৰদৰ্শন কৰাৰ লগতে কাজিৰঙাৰ ৰঙাজানৰ ঝুমুইৰ জ্যোতি গোটৰ শিল্পী সকলে বিশিষ্ট শিল্পী নুনুসিং কৰ্মকাৰৰ নেতৃত্বত ঝুমুই নৃত্য প্ৰদৰ্শন কৰে ৷ অনুষ্ঠানত কাজিৰঙাৰ উদীয়মান কন্ঠশিল্পী মৃদুস্মিতা গগৈয়ে স্বৰচিত আৰু সুৰাৰোপিত কাজিৰঙাৰ মুল গীত পৰিবেশন কৰি সকলোকে আপ্লুত কৰে ৷
উল্লেখ্য যে ছয়দিন ধৰি চলিব লগা এই কৰ্মশালাৰ সময়চোৱাত ২৭ খন দেশৰ পৰা অহা প্ৰতিনিধি সকলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰাৰ উপৰিও কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ উদ্যান দৰ্শন আৰু বুঢ়াপাহাৰ বনাঞ্চলৰ নতুন ডাংঙাত স্থানীয় লোকৰ দ্বাৰা পৰিচালিত চোৰেণ আহেম নামৰ কেন্দ্ৰত পৰম্পৰা জনজাতীয় খাদ্যৰ সোৱাদো ল'ব ৷
********
                        


                    
                    
                    
                    
                
                
                
                
                
                
                

        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
								
								
								
								
								
								
								
								
								
								
