বোকাখাতৰ অসামৰিক চিকিৎসালয়ত বিনামুলীয়া ডায়লেচিচ কেন্দ্ৰ মুকলি স্বাস্থ্যমন্ত্ৰী অশোক সিংঘালৰ :

বোকাখাতৰ অসামৰিক চিকিৎসালয়ত বিনামুলীয়া ডায়লেচিচ কেন্দ্ৰ মুকলি স্বাস্থ্যমন্ত্ৰী অশোক সিংঘালৰ :
Aiidesh Photo
বোকাখাতৰ অসামৰিক চিকিৎসালয়ত বিনামুলীয়া ডায়লেচিচ কেন্দ্ৰ মুকলি স্বাস্থ্যমন্ত্ৰী অশোক সিংঘালৰ :
বোকাখাতৰ অসামৰিক চিকিৎসালয়ত বিনামুলীয়া ডায়লেচিচ কেন্দ্ৰ মুকলি স্বাস্থ্যমন্ত্ৰী অশোক সিংঘালৰ :
বোকাখাতৰ অসামৰিক চিকিৎসালয়ত বিনামুলীয়া ডায়লেচিচ কেন্দ্ৰ মুকলি স্বাস্থ্যমন্ত্ৰী অশোক সিংঘালৰ :

Aiidesh News  : 4 August - 2025  : 

প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় ডায়লেচিচ কাৰ্যসুচীৰ অধীনত বোকাখাতৰ অসামৰিক চিকিৎসালয়ত আজি বিনামূলীয়া ডায়লেচিচ কেন্দ্ৰৰ মুকলি কৰা হয় ৷ ফিটা কাটি ডায়লেচিচ কেন্দ্ৰটো মুকলি কৰে ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ মন্ত্ৰী অশোক সিংঘালে । কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টি বোকাখাতৰ ছহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত স্থাপন কৰা এই ডায়লেচিচ কেন্দ্ৰত ৪ খন বিচনা আৰু ৩ টা অত্যধুনিক ডায়লেচিচ মেচিন সংস্থাপন কৰা হৈছে । কেন্দ্ৰটো মুকলি কৰাৰ বাবে আয়োজিত মুকলি সভাত মন্ত্ৰী অশোক সিংঘালৰ উপৰিও কৃষিমন্ত্ৰী তথা বোকাখাত সমষ্টিৰ বিধায়ক অতুল বৰা, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ অভিযান সঞ্চালক ডাঃ এছ লক্ষ্মণন, বোকাখাত সমজিলাৰ আয়ুক্ত  শিৱাণী জেৰ্ণগল, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক সঞ্চালক কমলজিৎ তালুকদাৰ, গোলাঘাট জিলাৰ স্বাস্থ্য বিভাগৰ অতিৰিক্ত আয়ুক্ত, যুটীয়া সঞ্চালক, হাস্পতালৰ ভাৰপ্ৰাপ্ত অধীক্ষক প্ৰমুখ্যে চিকিৎসক আৰু স্বাস্থ্যকৰ্মী সকল, চিকিৎসালয় পৰিচালনা সমিতিৰ সদস্যসকল আৰু স্থানীয় ব্যক্তিও উপস্থিত থাকে।

স্বাস্থ্য কৰ্মী উমেশ বৰাই আঁত ধৰা এই উদ্বোধনী ভাষণ প্ৰদান কৰে চিকিৎসালয়খনৰ উপাধ্যক্ষ ডা৹ হেমন্ত বৰাই ৷  কেন্দ্ৰটো মুকলি কৰাৰ পিচতে মন্ত্ৰী গৰাকীয়ে অসামৰিক চিকিৎসালয়খনৰ প্ৰতিটো ৱাৰ্ড পৰিদৰ্শন কৰি ৰোগী আৰু চিকিৎসালয় পৰিচালনা সমিতিৰ সৈতেও আলোচনাত মিলিত হয় ৷ উল্লেখ্য যে আজি মুকলি হোৱা বিনামূলীয়া ডায়লেচিচ কেন্দ্ৰত ডায়লেচিচ কৰিবৰ বাবে ইতিমধ্যেই ১৫ গৰাকী ৰোগীয়ে নাম পঞ্জীয়ন কৰিছে বুলি বিভাগীয় তথ্যত প্ৰকাশ ৷ স্বাস্থ্য মন্ত্ৰী গৰাকীৰ মতে বোকাখাতৰ অসামৰিক চিকিৎসালয়ত বিশেষ অসুবিধা নাই । চিকিৎসকৰ অভাৱ, চেতনা নাশক বিশেজ্ঞৰ অভাৱ অহা ছেপ্টেম্বৰত পূৰণ কৰা হ’ব । চিকিৎসালয়ত প্ৰসূতিৰ প্ৰসৱৰ সংখ্যা কম । বোকাখাতৰ প্ৰসূতি সাধাৰণ প্ৰসৱৰ বাবে কোনো কাৰণতে যোৰহাট গোলাঘাটলৈ পঠাব নোৱাৰিব বুলিও স্পট কৰি দিয়ে মন্ত্ৰী অশোক সিংঘালে । তাৰ বাবে চিকিৎসালয় খনে ইয়াতেই নিৰাপদে সন্তান জন্ম দিব পৰা এটা পৰিৱেশ সৃষ্টি কৰিব লাগিব। যিকোনো ৰোগী আহিলে চিকিৎসক আৰু চিকিৎসা কৰ্মীয়ে মৰম চেনেহেৰে চিকিৎসা কৰিছে বুলি ৰোগীক অনুভৱ কৰিবলৈ দিব লাগিব।

উদ্বোধনী অনুষ্ঠানৰ শেষত সম্বোধন কৰা সংবাদ মেলত মন্ত্ৰী অশোক সিংঘালে ৰাজ্যৰ স্বাস্থ্য খণ্ড আৰু জলসিঞ্চন আঁচনিৰ সন্দৰ্ভত সংবাদমেলত কেতবোৰ স্পষ্টিকৰণ দাঙি ধৰে । বোকাখাত অসামৰিক চিকিৎসালয়ত অস্ত্ৰোপচাৰ নোহোৱাৰ বিষয়ে কৰা প্ৰশ্নৰ উত্তৰত স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ৰাজ্যাত এনাস্থেচিয়াৰ চিকৎসকৰ অভাৱৰ উদ্ধৃতিৰে অস্ত্ৰোপচাৰ কৰিব পৰা নাই বুলি মন্তব্য কৰে ৷ একেদৰে বোকাখাতত এটা ট্ৰমা চেন্ট্ৰাৰ স্থাপনৰ সম্পৰ্কে কৰা প্ৰশ্নৰ উত্তৰতো মন্ত্ৰী গৰাকীয়ে ৰাজ্যত নিঅ’ চাৰ্জনৰ অভাৱৰ কথা কৈ অকল ট্ৰমা চেন্ট্ৰাৰ স্থাপন কৰিলেই নহ’ব ,তাত নিঅ’ চাৰ্জন নিয়োগ কৰিব লাগিব বুলি কয় ৷ যাৰ বাবে ট্ৰমা চেন্টাৰ স্থাপনৰ অসুবিধাৰ কথাও কয় ৷

***********