প্ৰকৃতি সংগঠন আৰণ্যক উদ্যোগত কাজিৰঙাৰ কহঁৰাত পিৰবি শীৰ্ষক কাৰ্বি জনগোষ্ঠীৰ প্ৰথমখন বিপনি মুকলি :

প্ৰকৃতি সংগঠন আৰণ্যক উদ্যোগত কাজিৰঙাৰ কহঁৰাত  পিৰবি শীৰ্ষক কাৰ্বি জনগোষ্ঠীৰ প্ৰথমখন বিপনি মুকলি :
Aiidesh Photo
প্ৰকৃতি সংগঠন আৰণ্যক উদ্যোগত কাজিৰঙাৰ কহঁৰাত  পিৰবি শীৰ্ষক কাৰ্বি জনগোষ্ঠীৰ প্ৰথমখন বিপনি মুকলি :
প্ৰকৃতি সংগঠন আৰণ্যক উদ্যোগত কাজিৰঙাৰ কহঁৰাত  পিৰবি শীৰ্ষক কাৰ্বি জনগোষ্ঠীৰ প্ৰথমখন বিপনি মুকলি :

প্ৰকৃতি সংগঠন আৰণ্যক উদ্যোগত কাজিৰঙাৰ কহঁৰাত  পিৰবি শীৰ্ষক কাৰ্বি জনগোষ্ঠীৰ প্ৰথমখন বিপনি মুকলি : 

Aiidesh News  : 15th March  :

ৰাজ্যৰ আগশাৰীৰ প্ৰকৃতি সংগঠন আৰণ্যকৰ উদ্যোগত অলপতে কাজিৰঙাৰ কঁহৰাত পিৰবি  নামৰ কাৰ্বি জনগোষ্ঠীৰ বিভিন্ন সামগ্ৰীৰ থলুৱা এখন বিপনী মুকলি কৰা হয় । এই উপলক্ষে ১১ মাৰ্চৰ দিনা বিপনী খনৰ বাকৰিত আয়োজিত এক উদ্বোধনী অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য বেণ্টিং তেৰাং, কাজিৰঙাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুবজ্যোতি নাথ, মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ইউ এছ ফিচ এণ্ড ৱাইল্ড লাইফ চাৰ্ভিচৰ  জীৱ বিজ্ঞানী কোৰী ব্ৰাউন আৰু অন্যান্য গণ্যমান্য ব্যক্তিসকল উপস্থিতি থাকে ৷ অনুষ্ঠানত কাৰ্বি আংলং ৰ প্ৰাক্তন সাংসদ ড০ জয়ন্ত ৰংপীয়ে পিৰবি নামৰ এই থলুৱা বিপনীখন উদ্বোধন কৰে ।

উদ্বোধনী অনুষ্ঠানত আৰণ্যকৰ জয়ন্ত কুমাৰ শৰ্মা, ড০ ফিৰোজ আহমেদ, ড০ দীপাংকৰ লহকৰ, অৰূপ দাস, ড০ জয়ন্ত কুমাৰ ৰয়, শ্বাৰলংজন টেৰন, দীপিকা ছেত্ৰী, ভাৰ্গৱী ৰাভা, অবিনাশ ফাংচো, ৰংছিনা ফাংচো, জোৎস্না তেৰাংপী, ভাস্কৰ বাৰুকিয়াল, প্ৰকাশ ইংতি আৰু ৰোৱেল ইংতিকে উপৰিও আৰণ্যকৰ সদস্য সকলো উপস্থিত থাকে ।

পিৰবিত বহনক্ষম ব্যৱসায়ৰ বাবে থলুৱা কাৰ্বি জনগোষ্ঠীৰ দ্বাৰা উৎপাদিত সামগ্ৰী বিপননৰ এক কেন্দ্ৰ ৷ পিৰবিয়ে আগত দিনত স্থলুৱা জনগোষ্ঠীয় সামগ্ৰীবোৰ উৎপাদন আৰু প্ৰচাৰ কৰি স্থানীয় সম্প্ৰদায়ক সামাজিকভাৱে আৰু আৰ্থিকভাৱে  পিছপৰা লোকসকলক শক্তিশালী কৰাৰ প্ৰয়াস কৰিব বুলি আৰণ্যকৰ তৰফৰ পৰা জনোৱা হৈছে  । কাজিৰঙাত কহঁৰাত আৰম্ভ কৰা পিৰবিৰ প্ৰথম খন বিপনীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সংলগ্ন অঞ্চলত বাস কৰা কাৰ্বি লোকসকলৰ আৰ্থিক  সুৰক্ষা নিশ্চিত কৰি বনাঞ্চলৰ ওপৰত এই লোক সকলৰ নিৰ্ভৰশীলতা হ্ৰাস কৰাৰো লক্ষ্য ৰাখিছে বুলিও আৰণ্যকে জনায় ।

" পিৰবি আচলতে ২০১৯ চনত কাজিৰঙা-কাৰ্বি আংলং লেণ্ডস্কেপত আৰণ্যক উদ্যোগত স্থানীয় জনগোষ্ঠীক লৈ প্ৰাকৃতিক সম্পদ ব্যৱস্থাপনাৰ এক বিশেষ আঁচনি ৷ আৰণ্যৰ এটা দলে  পিৰবি নামৰ এই আঁচনিৰ সফল ৰূপায়ণৰ বাবে দীৰ্ঘদিন ধৰি বনাঞ্চলৰ কাষৰীয় লোকসকলৰ সৈতে কাম কৰি আহিছে । পিৰবিৰ এই প্ৰথম বিপনীখনে থলুৱা জনগোষ্ঠীৰ আৰ্থিক বিকাশ আৰু বন সংৰক্ষণৰ ক্ষেত্ৰত এক উদাহৰণ স্থাপন কৰিব  পাৰিব বুলি আমাৰ বিশ্বাস বুলি জনায় আৰণ্যকৰ জ্যেষ্ঠ বিজ্ঞানী ড০ ফিৰোজ আহমেদে ।

আৰণ্যকৰ এই আঁচনিয়ে বনাঞ্চলৰ কাষৰীয় অঞ্চলত জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু স্থানীয় সম্প্ৰদায়ৰ বিকাশত পিৰবিৰ বিপনিয়ে কৰা লাভৰ বাৰ শতাংশ অৰিহণা যোগাব আৰু অতিৰিক্ত পাঁচ শতাংশ লাভ উৎপাদক, সংগ্ৰাহক আৰু শিল্পীসকলৰ সৈতে ভাগ বতৰা কৰা হ'ব ড৹ আহমেদে লগতে জনায় ।

**********