শতৰঞ্জৰ বিশ্বত ভাৰতৰ বিস্ময় বালক ৰমেশবাবু প্ৰজ্ঞানানন্দৰ :

শতৰঞ্জৰ বিশ্বত ভাৰতৰ বিস্ময় বালক  ৰমেশবাবু প্ৰজ্ঞানানন্দৰ :
Image Courtesy: Google

শতৰঞ্জৰ বিশ্বত ভাৰতৰ বিস্ময় বালক  ৰমেশবাবু প্ৰজ্ঞানানন্দৰ : 

Aiidesh News : 24 August - 2023  :
বিশ্ব দবা চেম্পিয়নশ্বিপৰ মঞ্চত এটা নতুন ইতিহাস গঢ়ি তোলা হৈছে। বিশ্বনাথন আনন্দৰ পিছত, ভাৰতীয় দবা খেলুৱৈ ৰমেশ বাবু প্ৰজ্ঞানানন্দয়ে ১৮ বছৰ বয়সত পুনৰ ফিডে বিশ্ব চেম্পিয়নশ্বিপৰ ফাইনেলত উপনীত হৈছে ৷ বিশ্ব দবা খলৰ ফাইনেলত প্ৰৱেশ কৰা ৰমেশ বাবু প্ৰজ্ঞানানন্দয়ে খেলা হৈছে আটাইতকৈ কম বয়সীয়া দবা খেলুৱৈ ।

ফাইনেলত তেওঁ বিশ্বৰ এক নম্বৰ খেলুৱৈ নৰৱে'ৰ মেগনাস কাৰ্লচেনৰ মুখামুখি হ'ব । বিশ্ব দবা খেলৰ ফাইনেলত প্ৰৱেশ কৰি ভাৰতৰ এই বিস্ময় বালক ৰমেশ বাবু প্ৰজ্ঞানানন্দয়ে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত আলোড়ন সৃষ্টি কৰিছে ৷ ফাইনেলত উপনীত হোৱাৰ পিছত ৰমেশ বাবু প্ৰজ্ঞানানন্দক বিশ্বৰ আটাইতকৈ সন্মানীয় দবা প্ৰতিযোগিতা কেণ্ডিডেটছ কাপতো খেলিবলৈ অনুমতি প্ৰদান কৰা হৈছে । 

ৰমেশ বাবু প্ৰজ্ঞানানন্দ তামিলনাডু ৰ চেন্নাই ত ২০০৫ চনৰ ১০ আগষ্টত জন্ম গ্ৰহন কৰা ৰমেশ বাবু প্ৰজ্ঞানানন্দৰ পিতৃৰ নাম ৰমেশবাবু আৰু মাতৃৰ নাম নাগালক্ষ্মী ৷ পিতৃ ৰমেশবাবু  তামিলনাডু ষ্টেট এপেক্স ক'অপাৰেটিভ বেংকৰ এজন শাখা প্ৰৱন্ধক হিচাবে কৰ্মৰত ৷ 
প্ৰজ্ঞানানন্দৰ বাবে আমাৰ শুভকামনা ৷৷

********