বোকাখাতত ৰাজ্যৰ ঘাঁছী সমাজৰ ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱস : অনুসুচীত জাতিৰ মৰ্যদা আৰু ভূমি অধিকাৰ প্ৰদানৰ দাবী :

বোকাখাতত ৰাজ্যৰ ঘাঁছী সমাজৰ ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱস  : অনুসুচীত জাতিৰ মৰ্যদা আৰু ভূমি অধিকাৰ প্ৰদানৰ দাবী  :
Aiidesh Photo

Aiidesh News  : 3 December 2023 : 

অসমৰ ঘাঁছী সমাজক অনুসূচীত জাতিৰ মৰ্যদা প্ৰদানৰ দাবীৰে আজি বোকাখাতত অনুষ্ঠিত হৈছে সদৌ অসম ঘাঁছী সমাজৰ ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱস । অসমৰ ঘাঁছী সমাজৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত, গোলাঘাট জিলা সমিতি আৰু ৰাইজৰ সহযোগত বোকাখাত নাট্যমন্দিত অনুষ্ঠিত হৈছে ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱস । এই উপলক্ষে বোকাখাতৰ নাট্যমন্দিৰ প্ৰাংগনত আজি পুৱা ঘাঁছী সমাজৰ পতাকা উত্তোলন কৰে সদৌ অসম ঘাঁচী সমাজ, কেন্দ্রীয় সমিতিৰ সভাপতি বাবুলাল নাইকে ৷ স্মৃতি তর্পন কৰে সদৌ অসম ঘাঁছী সমাজৰ কেন্দ্রীয় সমিতিৰ সাধাৰণ সম্পাদক বিকাশ নায়কে ৷ পৰৱৰ্তী সময়ত আয়োজিত সাংস্কৃতিক শোভাযাত্রা আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে কেন্দ্রীয় সমিতিৰ উপ-সভাপতি প্রধান নাইক , কার্তিক নাইক, বোধেশ্বৰ নাইক আৰু কোষাধ্যক্ষ অশোক নায়কে ৷

বিয়লিলৈ বাবুলাল নাইকৰ পৌৰহিত্যত অনুষ্ঠিত মুকলি সভাত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্রসাদ তাছা, চাহ জনগোষ্ঠী সাহিত্য সভাৰ সভাপতি সঞ্জয় কুমাৰ তাঁতী, অৰুণ কোঁৱৰ, সম্পাদক চাহ জনজাতি জাতীয় মহাসভা,আদিবাসী শান্তি চুক্তি স্বাক্ষৰকাৰী ও কার্যনির্বাহক সদস্য ,চাহ জনগোষ্ঠী ও আদিবাসী উন্নয়ন পৰিষদৰ অধ্যক্ষ দীপেন নায়ক , অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা , শিল্পী পেঞ্চনাৰ গোপী নায়ক আদি বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে ৷

মুকলি সভাত দেশৰ অন্যান্য ৰাজ্যৰ ঘাঁছী সকলে অনুসূচীত জাতিৰ মৰ্যদা পালে যদিও অসমৰ ঘাঁছী সমাজে এই স্বীকৃতি আজিলৈকে নোপোৱাৰ উপৰিও মাটিৰ অধিকাৰৰ পৰাও বঞ্চিত হৈ আছে বুলি ক্ষোভ প্ৰকাশ কৰি শীঘ্ৰেই এই পুৰণ কৰিবৰ বাবে অসম চৰকাৰক আহ্বান জনায় । ৰাজ্যখনৰ বিভিন্ন জিলাৰ পৰা অহা প্ৰায় সহস্ৰাধিক ঘাঁছী সমাজৰ লোকে বোকাখাতত আয়োজিত ঘাঁছী সমাজৰ এই ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱসত অংশ গ্ৰহন কৰে ৷ উল্লেখ্য যে ১৯৯৫ চনৰ ২ ডিচেম্বৰৰ দিনাই বোকাখাত মহকুমাৰ নাহৰজান চাহ বাগিচাত ঘাঁছী সমাজৰ প্রতিষ্ঠা হৈছিল ।

প্ৰতিষ্ঠা দিৱসৰ সন্ধ্যা বন্তি প্ৰজ্বলন কৰে কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি কাৰ্তিক নায়ক, সহকাৰী সম্পাদক বিৰলা মাছুৱা,  জিলা সভাপতি অৰুন নায়ক আৰু সম্পাদক বিজয় মুখিয়াৰে ৷ সন্ধিয়ালৈ আয়োজিত সাংস্কৃতিক সন্ধ্যা উদ্বোধন কৰে কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক সম্পাদক মংগল নায়কে ৷