উত্তৰ পূৱ ভাৰতত এছিয়ান হাতীৰ সংৰক্ষণৰ বাবে কৰা কামৰ স্বীকৃতি : আগশাৰীৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকলৈ ইংলণ্ডৰ সন্মানীয় মাৰ্ক শ্বাণ্ড বঁটা :

উত্তৰ পূৱ ভাৰতত এছিয়ান হাতীৰ সংৰক্ষণৰ বাবে কৰা কামৰ স্বীকৃতি : আগশাৰীৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকলৈ ইংলণ্ডৰ সন্মানীয় মাৰ্ক শ্বাণ্ড বঁটা :

Aiidesh News  : 15 May - 2025  :

উত্তৰ পূৱ ভাৰতত এছিয়ান হাতীৰ সংৰক্ষণৰ ক্ষেত্ৰত কৰা উৎকৃষ্ট কামৰ স্বীকৃতি স্বৰূপে অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকলৈ ব্ৰিটেইনৰ প্ৰসিদ্ধ সংস্থা “এলিফেণ্ট ফেমিলি”য়ে আগবঢ়োৱা অতি সন্মানীয় “মাৰ্ক শ্বান্দ বঁটা” ১৩ মে’ত প্ৰদান কৰা হয় । লণ্ডনৰ কিউস্থিত ৰয়েল বটানিকেল গাৰ্ডেনত আয়োজিত “ৱাণ্ডাৰছ অৱ দ্য ৱাইল্ড” শীৰ্ষক এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত “এলিফেণ্ট ফেমিলি”ৰ যুটীয়া সভাপতি ক্ৰমে ইংলণ্ডৰ ৰজা চাৰ্লছ আৰু ৰাণী কেমিলাৰ পৰা আৰণ্যকৰ হাতী গৱেষণা আৰু সংৰক্ষণ বিভাগৰ মুৰব্বী, জ্যেষ্ঠ বিজ্ঞানী ড০ বিভূতি প্ৰসাদ লহকৰে সংস্থাটোৰ হৈ বটাঁটো গ্ৰহণ কৰে । ৰাজকীয় এই অনুষ্ঠানত ৰাজকুমাৰী বিয়েট্ৰিচ,  লেডী মেৰিনা উইণ্ডছৰ, ব্ৰাজিলৰ ফুটবলাৰ ৰোনাল্ডো নাজাৰিঅ’, অভিনেতা এড ৱেষ্টউইক আৰু এমি জেকচন আৰু গায়িকা ছফী এলিছ-বেক্সটাৰ প্ৰমুখ্যে ২৫০ গৰাকী তাৰকা উপস্থিত থাকে ।

এলিফেণ্ট ফেমিলি”ৰ নামৰ আন্তৰাষ্ট্ৰীয় সংগঠনটোৰ প্ৰতিস্থাপক আছিল ইংলণ্ডৰ ভ্ৰমণ লেখক আৰু সংৰক্ষণবিদ, ৰাণী কেমিলাৰ জেষ্ঠ ভাতৃ মাৰ্ক শ্বান্দ । ২০১৪ চনত ৬২ বছৰ বয়সত মৃত্যুবৰণ কৰা মাৰ্ক শ্বান্দে চাৰিখন ভ্ৰমণ গ্ৰন্থ ৰচনা কৰাৰ উপৰিও বি বি চিৰ একাধিক হাতী সংৰক্ষণৰ বিষয়ক তথ্যচিত্ৰতো অভিনয় কৰিছিল । মাৰ্ক শ্বান্দে “ট্ৰেভেলছ অন মাই এলিফেণ্ট” নামৰ তেওঁৰ সৰ্বাধিক বিক্ৰী হোৱা গ্ৰন্থখনৰ বাবে ১৯৯২ চনত ইংলণ্ডৰ “ট্ৰেভেল ৰাইটাৰ অৱ দ্য ইয়েৰ” বঁটা লাভ কৰিছিল ।

অনুষ্ঠানত দিয়া ভাষণত ইংলণ্ডৰ ৰজা চাৰ্লছে কয় যে এই অনুষ্ঠনটো কেৱল হাতীৰ উদ্ধাৰৰ হকে কাম কৰি থকা ব্যক্তিসকলকে নহয়, অন্যান্য প্ৰজাতিৰ উদ্ধাৰৰ বাবে কাম কৰি থকা ব্যক্তি সকলকো বিশেষ সম্বৰ্ধনা জনোৱাৰ এটা বিশেষ সুযোগ । আমি প্ৰকৃতিৰ পৰা লোৱা আৰু আহৰণ কৰা খিনিৰ বিপৰীতে আমাক বৰ্তাই ৰাখিবলৈ প্ৰকৃতিক সক্ষম কৰি ৰখাৰ বাবে আমি প্ৰকৃতিক কিবা এটা প্ৰতিদান দিয়া প্ৰয়োজন বুলিও তেওঁ মন্তব্য কৰে ।

বঁটা গ্ৰহণ কৰি আৰণ্যকৰ সমৰক্ষণবিদ ড০ বিভূতি প্ৰসাদ লহকৰে ভাৰতৰ উত্তৰ-পূব অংশত এছিয়ান হাতীৰ অৱশিষ্ট জনসংখ্যাক বচাই ৰাখিবলৈ আৰণ্যকে চলোৱা অভিযানৰ অংশীদাৰ হোৱা সকলোকে ধন্যবাদ জ্ঞাপন কৰে ৷ তেওঁ মতে “বন্যহস্তী আৰু স্থানীয় বাসিন্দাৰ সহাৱস্থানৰ জৰিয়তে হাতী মানুহৰ সংঘাত উপশম কৰাৰ বাবে বহুমুখী পন্থাৰে অক্লান্ত আৰু ঐক্যবদ্ধভাৱে কাম কৰি যাবলৈ আৰণ্যক প্ৰতিশ্ৰুতিবদ্ধ ।” উল্লেখ্য যে আৰণ্যকৰ হাতী গৱেষণা আৰু সংৰক্ষণ বিভাগটো উত্তৰ-পূব ভাৰতত এছিয়ান হাতী সংৰক্ষণৰ ক্ষেত্ৰত কাম কৰা অন্যতম গোট । ইয়াৰ অধীনত ইতিমধ্যে হাতী সংৰক্ষণৰ ২০ বছৰীয়া পৰিকল্পনাৰ ৰূপৰেখা প্ৰস্তুত কৰা হৈছে । ইয়াত হাতী আৰু ইয়াৰ বাসভূমিৰ দীৰ্ঘম্যাদী সংৰক্ষণৰ উদ্দেশ্যে হাতী-মানুহৰ সহাৱস্থানক উদগনি যোগোৱা,  পাৰিপাৰ্শ্চিক অধ্যয়ন, বাসভূমিৰ পুনৰুদ্ধাৰ, সংৰক্ষণ শিক্ষা আৰু হাতী-মানুহৰ সংঘাতত ক্ষতিগ্ৰস্ত মানুহক বিকল্প জীৱিকাৰ সন্ধান দিয়া আদি বিষয়ৰ ওপৰত গুৰুত্ব দিয়া হৈছে ।

**********