বন্যপ্ৰাণী সংৰক্ষণৰ ইতিহাসত ঐতিহাসিক পদক্ষেপ : নদী ডলফিন বা শিহুৰ শৰীৰত প্ৰথম বাৰৰ বাবে অসমৰ নদীত সফলতাৰে টেগিং সংস্থাপন :

বন্যপ্ৰাণী সংৰক্ষণৰ ইতিহাসত ঐতিহাসিক পদক্ষেপ  : নদী ডলফিন বা শিহুৰ শৰীৰত প্ৰথম বাৰৰ বাবে অসমৰ নদীত সফলতাৰে টেগিং সংস্থাপন  :
Photo - WII
বন্যপ্ৰাণী সংৰক্ষণৰ ইতিহাসত ঐতিহাসিক পদক্ষেপ  : নদী ডলফিন বা শিহুৰ শৰীৰত প্ৰথম বাৰৰ বাবে অসমৰ নদীত সফলতাৰে টেগিং সংস্থাপন  :

Aiidesh News  : 19 December - 2024 :  বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত এক ঐতিহাসিক সাফল্য ৰচনা কৰি দেশৰ ভিতৰতে প্ৰথম বাৰৰ বাবে ১৮ ডিচেম্বৰত অসমৰ কুলশী নদীৰ এটি শিহুৰ শৰীৰত উচ্চ প্ৰযুক্তিৰ টেগ সফলতাৰে সংস্থাপন কৰা হয় ৷ কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ নেতৃত্বত ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ দ্বাৰা অসম বন বিভাগ আৰু আৰণ্যকৰ সহযোগত ৰাষ্ট্ৰীয় কাম্পা কৰ্তৃপক্ষৰ পুঁজিৰে চলোৱা এই অভিযানত কেৱল ভাৰততে নহয় গঙ্গা নদী ডলফিন বা প্লাটানিষ্টা গেংগেটিকা প্ৰজাতিৰ শিহুৰ শৰীৰত বিশ্বৰ ভিতৰত প্ৰথম বাৰৰ বাবে টেগিং সংস্থাপন কৰা হয় ৷ 

গঙ্গা নদী ডলফিন বা শিহু ভাৰতৰ ৰাষ্ট্ৰীয় জলচৰ প্ৰাণী ৷ শিহু সাধাৰণতে  অন্ধ আৰু ইয়াৰ জৈৱিক প্ৰয়োজনীয়তাৰ বাবে পানীত ই তৰংগ প্ৰক্ষেপনৰ দ্বাৰা দিক নিৰ্নয় কৰাৰ উপৰিও প্ৰতিবন্ধকতাৰো উমান পায় ৷  গঙ্গা নদী ডলফিনৰ মুঠ জনসংখ্যাৰ প্ৰায় ৯০ শতাংশই ভাৰতত পোৱা যায় ৷ ভাৰতৰ গংগা, ব্ৰহ্মপুত্ৰ, কুলশী, মেঘনা আৰু কৰ্ণফুলি নদী প্ৰণালীত এই প্ৰজাতিৰ শিহু পোৱা যায় ৷ অৱশ্যে, যোৱাতো শতিকাত শিহুৰ জনসংখ্যা যথেষ্ট হ্ৰাস পাইছে । উল্লেখ্য যে প্ৰজেক্ট ডলফিনৰ দ্বাৰা চলোৱা অভিযানেৰে  ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ বিশেষজ্ঞৰ এটা দলে শিহুৰ বিস্তৃত পৰিসৰৰ গৱেষণা আৰু প্ৰজাতিটোৰ দীৰ্ঘম্যাদী সংৰক্ষণৰ বাবে এক অভিযান আৰম্ভ কৰিছে ৷  

এই অভিযানৰ অংশ হিচাবে গঙ্গা নদী ডলফিন বা শিহুৰ বাসস্থানৰ সংৰক্ষণ , বিচৰন প্ৰকৃতি আৰু পৰিসৰৰ বিশেষ তথ্যৰ অভাৱৰ বাবেই কেন্দ্ৰীয় বিশেষজ্ঞৰ দলে শিহুৰ শৰীৰত কৃত্ৰিম উপগ্ৰহ সংযোজিত টেগিং কৰাৰ সিদ্ধান্ত হাতত লৈছিল । অসমৰ কুলশী নদী শিহুৰ অন্যতম আৱাস ৷ এই টেগিং অভিযানৰ প্ৰথমটো পদক্ষেপ অসমৰ কুলশী নদীত লোৱা হৈছিল আৰু ১৮ ডিচেম্বৰত কুলশী নদীৰ এটা স্বাস্থ্যৱান মতা নদী ডলফিন বা শিহুৰ শৰীৰত টেগ সংস্থাপণ কৰি সফলতাৰে  নদীত পুনৰ সংস্থাপন কৰা হৈছিল ৷ এই টেগিং সংস্থাপনৰ সফলতাৰ পিচত শিহুৰ গতি বিধিৰ উপৰিও আচৰণ আদিৰ বহু তথ্য সগ্ৰহ কৰি ভৱিষ্যতৰ সংৰক্ষণ ব্যৱস্থা নিৰূপণত সহায় কৰিব ৷

এই সফল অভিযানৰ পিচত অসমত প্ৰথমবাৰৰ বাবে গঙ্গা নদী ডলফিনক টেগ কৰাৰ বাতৰি প্ৰকাশ কৰি মই আনন্দিত  বুলি মন্তব্য প্ৰকাশ কৰে কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে ৷ ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ নেতৃত্বত পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয় আৰু ৰাষ্ট্ৰীয় কেম্পা আঁচনিৰ অনুদানপ্ৰাপ্ত এই প্ৰকল্পই অসম চৰকাৰৰ বন বিভাগ আৰু আৰণ্যকৰ সহযোগত ৰাষ্ট্ৰীয় জলজ প্ৰাণী সংৰক্ষণৰ এই পদক্ষেপ সফলতাৰে ৰূপায়ন হোৱা বুলিও তেওঁ মন্তব্য কৰে ৷ 

ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ সঞ্চালক বীৰেন্দ্ৰ আৰ তিৱাৰীৰ মতে - নদী ডলফিনবোৰক টেগ কৰিলে প্ৰমাণ-আধাৰিত সংৰক্ষণ কাৰ্য আঁচনি  ৰূপায়ণত অৰিহণা যোগাব । প্ৰকল্পৰ জেষ্ঠ সমন্বয়ক ড০ বিষ্ণুপ্ৰিয়া কোলিপাকামে এই শিহুৰ শৰীৰত টেগিং সংস্থাপনক শিহুৰ পাৰিপাৰ্শ্বিক প্ৰয়োজনীয়তা বুজাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ অগ্ৰগতি বুলি অভিহিত কৰি বিশাল নদী সমুহৰ পৰিস্থিতি তন্ত্ৰত  শিহুৰ বাসস্থান সংৰক্ষণ কৰাত সহায় কৰিব বুলি মন্তব্য কৰে ।  উল্লেখ্য যে অকল অসমেই নহয় দেশৰ বাকী ৰাজ্য বোৰৰ শিহু বিচৰণ থকা নদীবোৰতো এই অভিযান চলোৱা হ'ব বুলি ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ সুত্ৰত প্ৰকাশ ৷

********